আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৫): (১৬- ২১) ফেব্ৰুৱাৰী, ২০১৭ (তৃতীয় খণ্ড)
পৰ্যালোচক : পাৰ্থ প্ৰতিম কলিতা
পুনৰীক্ষণ (৪৫): (১৬- ২১) ফেব্ৰুৱাৰী, ২০১৭ (তৃতীয় খণ্ড)
পৰ্যালোচক : পাৰ্থ প্ৰতিম কলিতা
আগকথা :
---------------
---------------
কবিতা কি?
কেইটামান শব্দৰ
সমষ্টি নে শব্দৰে সৃষ্ট কল্পনা আৰু আৱেগৰ এক প্ৰৱাহ? কবিতা সৃষ্টি নে নিৰ্মাণ ?
কবিতা এটা কলা ।
কোনো সংজ্ঞাই এই শিল্পক সম্পূৰ্ণ ভাৱে সীমাবদ্ধ কৰিব নোৱাৰে¸ তথাপিও ৰূপগত দিশ
আৰু মানৰ (মানদণ্ড নহয়) বাবে কিছু সংজ্ঞা ¸ সাহিত্যৰ এটা বিশেষ মান্য বিভাগ হিচাপে মানি চলিব লাগে ।
কবিতা বুলি ক'লে এটা নিৰ্দ্দিষ্ট পৰিসৰৰ এক বিশেষ আংগিকৰ এটা সাহিত্য
আমাৰ মনলৈ আহে¸ যি সাহিত্য আন শাখাৰ পৰা কিছু পৃথক।
কবিতা এটা সৃষ্টিৰ
সময়ছোৱাত মনৰ ভিতৰত যি ভাৱ-অনুভূতিৰ জোৱাৰ উঠে¸ যি স্বতঃস্ফূৰ্ত ভাৱ উদয় হয়¸ তাক মনৰ ভিতৰতে
সম্পাদনা কৰি লিপিবদ্ধ কৰা হয়¸ অৰ্থাৎ মনত উদয়
হোৱা ভাৱৰ সমান্তৰালকৈ নিৰ্মাণত গুৰুত্ব দিয়া হয় । কেতিয়াবা প্ৰয়োজনীয় শব্দৰ সন্ধানত বহুসময় কৰা অপেক্ষাইও নিৰ্মাণ
বুজায় । অৰ্থাৎ ভাৱৰ প্ৰথম সংবেদনটো আমাৰ জ্ঞানেন্দ্ৰিয়ই
গ্ৰহণ কৰাৰ পাছত তাক মগজুৰ কাৰখানাত বিভিন্ন প্ৰক্রিয়াৰ নিৰ্মাণ- বিনিৰ্মাণৰ পাছতহে আমি এটা পূৰ্ণ কবিতা লাভ কৰো । কেৱল অনুভৱ আৰু আৱেগক
মূলধন হিচাপে লৈ ক্ষন্তেকতে সৃষ্টি কৰা কবিতাই প্ৰত্যক্ষভাৱে অসমীয়া কবিতাৰ ক্ষতি নকৰিলেই পৰোক্ষভাৱে ক্ষতি নকৰাৰ কথা নুই কৰিব নোৱাৰি । গতিকে কবিতা
মূলতঃ নিৰ্মাণ বুলিয়েই সৃষ্টি কৰিলে কবিতা অধিক নিটোল হ'ব বুলি বিশ্বাস ।
কবিতা নিৰ্বাচন:
-----------------------
-----------------------
পূৰ্ব নিৰ্ধাৰিত
নীতি অনুসৰি ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ পৰা ৫ টা কবিতা আলোচনাৰ বাবে বাচনি কৰা
হৈছে ।
নিৰ্বাচিত কবিতা
আৰু কবিৰ নাম-
(ক) জুইফুল-> ৰীণা বুঢ়াগোঁহাই
(খ) কনিষ্ক-> লীনা হাজৰিকা
(গ) আজিৰ নাৰী-> মাধৱ দত্ত
(ঘ) ফাগুন-> সাৰদা শ্ৰেষ্ঠ
(ঙ) চাৰ্কাছৰ ছোৱালী-> তিলক চন্দ্ৰ নাথ
(খ) কনিষ্ক-> লীনা হাজৰিকা
(গ) আজিৰ নাৰী-> মাধৱ দত্ত
(ঘ) ফাগুন-> সাৰদা শ্ৰেষ্ঠ
(ঙ) চাৰ্কাছৰ ছোৱালী-> তিলক চন্দ্ৰ নাথ
পৰ্যালোচনা:
-----------------
-----------------
(ক) জুইফুল-> ৰীণা বুঢ়াগোঁহাই
সূৰ্যটোৰ গাত
জুইফুল ফুটিছে
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যাকাৰীক
পিঙত থ'ব ওলোমাই ।
দুপৰীয়াটো তেজাল হৈ পৰিছে
জিলিজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা ।
জুইফুলৰ গুটি পৰিছে পৃথিৱীত
ফালি-ছিৰি পেলাব পাৰে
ধৰিত্ৰীৰ বক্ষ
ৰৌদ্ৰৰুপ যে জুইফুলপাহৰ ।
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যাকাৰীক
পিঙত থ'ব ওলোমাই ।
দুপৰীয়াটো তেজাল হৈ পৰিছে
জিলিজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা ।
জুইফুলৰ গুটি পৰিছে পৃথিৱীত
ফালি-ছিৰি পেলাব পাৰে
ধৰিত্ৰীৰ বক্ষ
ৰৌদ্ৰৰুপ যে জুইফুলপাহৰ ।
আলোচনাঃ
----------------
----------------
সাধাৰণতে যিকোনো
ধৰণৰ সৃষ্টি হয় সমকালৰ পৰিৱেশত গঢ় লৈ উঠা সমকালৰ চেতনাৰ আধাৰত । কাল সচেতন কবি ৰীণা বুঢ়াগোঁহাইৰ দৃষ্টিত ধৰা পৰিছে
সমকালৰ অনৈতিকতাৰ পথভ্ৰষ্ট হোৱা বিভিন্ন দিশ।
ক্ষয়িষ্ণু সমাজৰ কদৰ্যতাই কবিক ব্যথিত কৰিছে¸ এনে সমস্যাৰ পৰা পৰিত্ৰাণ কামনাৰে সূৰ্যক
প্ৰতীক ৰূপে উপস্থাপনৰে কবিয়ে কৈছে…
সূৰ্যটোৰ গাত
জুইফুল ফুটিছে
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যকাৰীক
পিঙত থ'ব ওলোমাই ।
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যকাৰীক
পিঙত থ'ব ওলোমাই ।
কবি বৰ্তমান সময়ৰ
যান্ত্ৰিকতা¸ কলুষতা¸ চূড়ান্ত ব্যক্তিকেন্দ্ৰিকতাৰ বিষয়ে পৰিচিত। এনে পৰিস্থিতিত কবি নিৰাশ নহ'লেও ধৰিত্ৰীৰ বক্ষ ফালি চিৰা- চিৰ হ'ব ভাৱি অস্থিৰ হৈ পৰিছে ।
কবি বুঢ়াগোঁহাইৰ
চিত্ৰকল্পৰ প্ৰয়োগো মনকৰিবলগীয়া ।
দুপৰীয়াটো তেজাল
হৈ পৰিছে
জিলিজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা
জিলিজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা
“তাই” শব্দৰ প্ৰয়োগ ইয়াত লক্ষনীয় । প্ৰকৃতিৰ অংশ দুপৰীয়াক নাৰীৰ
সৈতে উপস্থাপনৰে নাৰীয়ে সৃষ্টি অথবা নাৰীৰ
সংহাৰী ৰূপ লোৱাৰ কথা ভৱাৰ অৱকাশ আছে ।
(খ) কনিষ্ক-> লীনা হাজৰিকা
কটা মূৰটো আনি
ক'ত প্ৰক্ষেপ কৰিলা ?
এটা নগ্ন শৰীৰত ?
বিজ্ঞানৰ অভশাপ
বিবস্ত্ৰা নকৰিবা
উন্মাদ হ'ব ধৰিত্ৰী
আত্মহননৰ পথ বাচি লব ।
ক'ত প্ৰক্ষেপ কৰিলা ?
এটা নগ্ন শৰীৰত ?
বিজ্ঞানৰ অভশাপ
বিবস্ত্ৰা নকৰিবা
উন্মাদ হ'ব ধৰিত্ৰী
আত্মহননৰ পথ বাচি লব ।
আলোচনা :
-----------------
-----------------
সমাজ সচেতন
কবিসকলে যেতিয়া নিজৰ আপোনযুগৰ নৈতিক স্খলন দেখে¸ আৰু সেই স্খলনত মানৱতাক চূড়ান্তভাৱে অপমানিত হোৱা বুলি বোধ কৰে তেতিয়া ঐতিহ্যৰ আশ্ৰয় লয় । কবি লীনা হাজৰিকাই ইতিহাসৰ
এটা অধ্যায়েৰে বৰ্তমান সমাজখন ঊৰ্ধগামী হোৱাৰ বিপৰীতে নিম্নগামী মানসিকতাৰ কথাই উল্লেখ কৰিছে ।
বিজ্ঞানৰ আৱিস্কাৰ
কম্পিউটাৰৰ "ফটোশ্বপ"ৰ সহায়ত এচাম পশুতূল্য ধুৰন্ধৰ লোকে মানুহৰ শৰীৰ¸ আৱেগক লৈ খেলে। সভ্য যুৱতী¸ নাৰী সকলৰ মুখখন "ফটোশ্বপ"ৰ সহায়ত কাটি নি ইন্টাৰনেটত উপলব্ধ উলংগ
নাৰীৰ শৰীৰত সংযোগ কৰি ধংস মাতি আনে। ফলত ভুক্তভোগী নাৰীগৰাকীয়ে আত্মহত্যা পৰ্যন্ত কৰিব লগা হয়। বৰ্তমানৰ কঠিনতাৰ আঘাতত বিব্ৰত আৰু বিবৰ্ণ হোৱা
কবিগৰাকীয়ে সমাজৰ এনে চিৎকাৰ অনুভৱ কৰি শংকিত হৈ পৰিছে । তেওঁ সকীয়াই দিছে বিজ্ঞানৰ আশীৰ্বাদক অভিশাপলৈ পৰিৱৰ্তন নকৰিবলৈ ।
কবিতাটোৰ শিৰোনাম
যিহেতু “কনিষ্ক” ¸ গতিকে কবিতাটো পৰিসৰৰ মাজৰ বিস্তৃত । মৌৰ্য সম্ৰাট কনিষ্কৰ একমাত্ৰ মুণ্ডবিহীন প্ৰতিকৃতিত মুকুটবিহীন অৱস্থাৰ কথা ক'ব পৰা যায় । মুকুট ৰজাৰ অন্য এটা পৰিচয়, এনে মুকুটবিহীনতাই
হেজাৰ বিচক্ষণতাৰ বিপৰীতে দুৰ্বলতা সূচায়।
আধুনিক যুগত
বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰাটো আধুনিক মনৰ পৰিচয়¸ কিন্তু ভোগবাদী সমাজ ব্যৱস্থাই বিজ্ঞানক ৰচনাত্মক ৰূপত গ্ৰহন কৰাৰ বিপৰীতে ধ্বংসাত্মক ৰূপত গ্ৰহন কৰাৰ বাবে শংকিত হৈ পৰিছে ।
(গ) আজিৰ নাৰী-> মাধৱ দত্ত
নাৰী হেনো অৰ্ধ
আকাশ ৷
নাৰী সৃষ্টিৰ উৰ্বৰা শক্তি ৷
নাৰী সাহস আৰু
সৌৰ্য্যৰ প্ৰতিমুৰ্তি ৷
নাৰী মমতাময়ী ৷
নাৰী শ্যামলিমা পৃথিৱীৰ আমোঘ শক্তি ৷
নাৰী মাতৃ
নাৰী ভগ্নি
নাৰী প্ৰজ্বলিত বহ্নি শিখা ৷
কিন্তু .....
কিয় নাৰী পণ্য হয় ভোগবাদৰ বজাৰত !
কিয় নাৰী লান্সিতা হয় ,
ধৰ্ষিতা হয়
মোৰ দেশৰেই
পুৰুষ নামধাৰী
কাপুৰুষৰ হাতত !!
মাতৃ লান্সিতা হয়
নিজৰেই গৰ্ভজাত
চেনেহৰ পুত্ৰ - কণ্যাৰ হাতত !
কিয় ?
কিয় হয় এনে ??
এয়া কি সমাজ !
এয়া কি সংস্কৃতি !!
এয়া কি সভ্যতা !!!
আৰু ন্যায় বিচাৰ !
হে নাৰী ! সেয়া নুসুধিবা ৷
ন্যাৰ্য প্ৰাপ্তিৰ বাবে
পুণৰ তুলি দিয়া
তোমাৰ সৰ্বস্ব
আন এজনৰ হাতত ৷
এজাহাৰৰ লগত গাঁঠি দিয়া
এখন বায় 'ডাটা ৷
তাত লিপিবদ্ধ কৰা
তুমি কোন জাতিৰ ,
তোমাৰ ধৰ্ম,
নাইবা
শাসনাধিষ্ট চৰকাৰৰ তুমি উগ্ৰ সমৰ্থক বুলি ৷
নহলে
নাপাবা ন্যায় বিচাৰ ৷
হে নাৰী !
নিজেই নিজৰ সহায় হোৱাঁ ৷
ন্যায় দাবী কৰি
এই দেশত
কোনো ফল নাপাবা ৷
নাৰী সৃষ্টিৰ উৰ্বৰা শক্তি ৷
নাৰী সাহস আৰু
সৌৰ্য্যৰ প্ৰতিমুৰ্তি ৷
নাৰী মমতাময়ী ৷
নাৰী শ্যামলিমা পৃথিৱীৰ আমোঘ শক্তি ৷
নাৰী মাতৃ
নাৰী ভগ্নি
নাৰী প্ৰজ্বলিত বহ্নি শিখা ৷
কিন্তু .....
কিয় নাৰী পণ্য হয় ভোগবাদৰ বজাৰত !
কিয় নাৰী লান্সিতা হয় ,
ধৰ্ষিতা হয়
মোৰ দেশৰেই
পুৰুষ নামধাৰী
কাপুৰুষৰ হাতত !!
মাতৃ লান্সিতা হয়
নিজৰেই গৰ্ভজাত
চেনেহৰ পুত্ৰ - কণ্যাৰ হাতত !
কিয় ?
কিয় হয় এনে ??
এয়া কি সমাজ !
এয়া কি সংস্কৃতি !!
এয়া কি সভ্যতা !!!
আৰু ন্যায় বিচাৰ !
হে নাৰী ! সেয়া নুসুধিবা ৷
ন্যাৰ্য প্ৰাপ্তিৰ বাবে
পুণৰ তুলি দিয়া
তোমাৰ সৰ্বস্ব
আন এজনৰ হাতত ৷
এজাহাৰৰ লগত গাঁঠি দিয়া
এখন বায় 'ডাটা ৷
তাত লিপিবদ্ধ কৰা
তুমি কোন জাতিৰ ,
তোমাৰ ধৰ্ম,
নাইবা
শাসনাধিষ্ট চৰকাৰৰ তুমি উগ্ৰ সমৰ্থক বুলি ৷
নহলে
নাপাবা ন্যায় বিচাৰ ৷
হে নাৰী !
নিজেই নিজৰ সহায় হোৱাঁ ৷
ন্যায় দাবী কৰি
এই দেশত
কোনো ফল নাপাবা ৷
আলোচনা :
----------------
----------------
কবি মাধৱ দত্তৰ “আজিৰ নাৰী” সাম্প্ৰতিক সময়ৰ
চিৰপৰিচিত নাৰীৰ ছবি এখন অংকিত কৰাৰ প্ৰয়াস
কৰিছে । কবিতাটো বৰ্ণনাধৰ্মী । নাৰীৰ প্ৰকৃতাৰ্থত বিচৰা ৰূপটোৰে কবিয়ে কবিতাটো আৰম্ভ কৰিছে ।
বাস্তৱৰ কাঠিন্যত
নাৰীক ভোগবাদৰ সমাজত পণ্য কৰা হয় । এনে অস্থিৰ
- কদৰ্য মুহূৰ্তত কবিৰ অনুভৱ মানৱতাৰ প্ৰাণহীন শূন্যতা । এনে বীভৎসতা দেখি কবিৰ অন্তৰাত্মা অাৰ্তনাদ কৰিছে
কিয় এনে হয় ?
এয়া কি সমাজ !
এয়া কি সংস্কৃতি !
এয়া কি সভ্যতা !
এয়া কি সমাজ !
এয়া কি সংস্কৃতি !
এয়া কি সভ্যতা !
বৰ্তমানৰ
ভোগসৰ্বস্ব মানুহ¸ বিশেষকৈ নাৰীৰ প্ৰতি হোৱা এনে বীভৎস
শোকাৱহ অৱস্থা চিত্ৰায়ন কৰি কবিয়ে কৈছে
এজাহাৰৰ লগত গাঁঠি
দিয়া
এখন বায়'ডাটা
তাত লিপিবদ্ধ কৰা
তুমি কোন জাতিৰ
তোমাৰ ধৰ্ম
এখন বায়'ডাটা
তাত লিপিবদ্ধ কৰা
তুমি কোন জাতিৰ
তোমাৰ ধৰ্ম
কবিতাটোত বাস্তৱক
নিৰ্মাণ কৰা হৈছে যদিও বিষয়বস্তুৰ অত্যধিক বিৱৰণে কাব্যিকতাত আঁচোৰ
পেলাইছে । চিৰপৰিচিত ছবিখনেই সৰলভাৱে প্ৰকাশ কৰা হৈছে । কবিতাটোক আৰু অলপ সময় দিলে উন্নত হ'ব বুলি বিশ্বাস ।
(ঘ) ফাগুন-> সাৰদা শ্ৰেষ্ঠ
ফাগুন মানেই নহয়
ধূলিৰ ধেমালি
ফাগুন মানেই নহয়
সৰাপাতৰ বিননি ।
ফাগুন মানেই
পলাসৰ ৰং
ফাগুন মানেই
মদাৰৰ খং ।
ফাগুন মানেই
শিমলুৰ হাঁহি
ফাগুন মানেই
কুঁহিপাতৰ জিলিঙনি
ফাগুন মানেই
কঁঠালৰ কোমল মুচি
ফাগুন মানেই
আমৰ মলৰ মিচিকনি ।
ফাগুন মানেই
প্ৰকৃতিৰ উদং বুকু
ফাগুন মানেই
পছোৱাৰ ৰঙা চকু ।
ফাগুন মানেই
একোৰা জুই
হিয়াত জুই
দেহত জুই
গছে বনে জুই ।
ধূলিৰ ধেমালি
ফাগুন মানেই নহয়
সৰাপাতৰ বিননি ।
ফাগুন মানেই
পলাসৰ ৰং
ফাগুন মানেই
মদাৰৰ খং ।
ফাগুন মানেই
শিমলুৰ হাঁহি
ফাগুন মানেই
কুঁহিপাতৰ জিলিঙনি
ফাগুন মানেই
কঁঠালৰ কোমল মুচি
ফাগুন মানেই
আমৰ মলৰ মিচিকনি ।
ফাগুন মানেই
প্ৰকৃতিৰ উদং বুকু
ফাগুন মানেই
পছোৱাৰ ৰঙা চকু ।
ফাগুন মানেই
একোৰা জুই
হিয়াত জুই
দেহত জুই
গছে বনে জুই ।
আলোচনা :
-----------------
-----------------
কবিতা এটা কলা ¸ কলাৰ ধৰ্মই হ'ল জীৱনৰ গভীৰ সত্য¸ প্ৰকৃতিৰ বিশালতাৰ সৌন্দৰ্যৰ বিপুলায়তনক সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা । প্ৰাকৃতিক সৌন্দৰ্যত আত্ম নিমজ্জিত কবি “সাৰদা শ্ৰেষ্ঠ”ই “ফাগুন”ৰে এখন ফাগুনৰ ছবি অংকিত কৰিছে ।
ফাগুন মানেই নহয়
ধূলিৰ ধেমালি
ফাগুন মানেই নহয়
সৰাপাতৰ বিননি ।
ধূলিৰ ধেমালি
ফাগুন মানেই নহয়
সৰাপাতৰ বিননি ।
ধূলিৰ আবিৰৰে মাথো
ধূলিময় কৰি তোলাই ফাগুন নহয়¸ ইয়াতেই শীতৰ আৱেশ
ক্ৰমশঃ শেষ হয়¸ কুঁৱলীৰ বগা চাদৰ খন আঁতৰি যায় । ফাগুনৰ পৰশতেই সোণাৰুৰ
হালধীয়াবোৰ ফুলে¸ পলাশ ৰঙাই কঢ়িয়াই আনে বহাগ অহাৰ বতৰা। কবিতাটো গীতিময়িতাৰে
কবিয়ে কবিতাটোক গতি প্ৰদান কৰিছে । ফাগুনৰ এখন
ছবি অংকিত কৰাই মূলতঃ কবিতাটোৰ সাৰমৰ্ম।
(ঘ) চাৰ্কাছৰ ছোৱালী->তিলক চন্দ্ৰ নাথ ।
.
নিশা দূপৰলৈ জীৱনটো বন্ধকীত দি
খেলে তাই জীৱন-মৃত্যুৰ খেল
.
কাৰোবাৰ ক্ষণিক মনোৰঞ্জনৰ বাবে
খহাই লয় বুকুৰ কাঁচলি
অথবা
তলপেটৰ আচ্ছাদন
.
অৰ্ধ নগ্ন দেহ বল্লৰীৰে
লয়লাস ভঙ্গীমা তাইৰ
শূন্যত ওলমি
.
বিনিময়ত
এমুঠি অন্ন অথবা দুটুকুৰা
শুকান ৰুটী
.
জীৱনৰ কঠিন শিলালিপিত
খোদিত তাইৰ জীৱন পঞ্জী
.
তাই চাৰ্কাছৰ ছোৱালী !
নিশা দূপৰলৈ জীৱনটো বন্ধকীত দি
খেলে তাই জীৱন-মৃত্যুৰ খেল
.
কাৰোবাৰ ক্ষণিক মনোৰঞ্জনৰ বাবে
খহাই লয় বুকুৰ কাঁচলি
অথবা
তলপেটৰ আচ্ছাদন
.
অৰ্ধ নগ্ন দেহ বল্লৰীৰে
লয়লাস ভঙ্গীমা তাইৰ
শূন্যত ওলমি
.
বিনিময়ত
এমুঠি অন্ন অথবা দুটুকুৰা
শুকান ৰুটী
.
জীৱনৰ কঠিন শিলালিপিত
খোদিত তাইৰ জীৱন পঞ্জী
.
তাই চাৰ্কাছৰ ছোৱালী !
আলোচনা :
-----------------
-----------------
সমকালৰ চেতনা যাৰ
প্ৰখৰ ¸ তেনে ব্যক্তিৰ দায়বদ্ধতাৰ চেতনাও গভীৰ ।
সমকালৰ চেতনাৰে বৰ্তমানক সূক্ষ্ম দৃষ্টিভংগীৰে
কবিয়ে “চাৰ্কাছৰ ছোৱালী”ৰ মাজেৰে সমাজৰ এটা দুৰ্দশাৰ কথা ব্যক্ত কৰিছে । কবিৰ এই দৃষ্টিভংগী ক্ৰমশঃ গভীৰ হৈ কবিতাটো ভাৱগধূৰ কৰি তুলিছে । ৰাজকাপুৰ
অভিনীত মেৰা নাম জোকাৰ ছবিখনত জোকাৰ এজনৰ হাঁহি থকা মুখাৰ আঁৰৰ মুখখনৰ দুখ- হতাশা¸ বেদনাৰ সুন্দৰকৈ চিত্ৰায়ণ কৰা হৈছিল । তেনে এখন দৃশ্যৰ উপস্থাপন কৰা হৈছে চাৰ্কাছৰ
ছোৱালীত ।
কবিয়ে জীৱন সংগ্ৰামৰ নিৰ্মম সত্যৰ এখন কৰুণ ছবি অংকন কৰিছে। চাৰ্কাছৰ ছোৱালী এজনী দৰিদ্ৰ যুৱতী। যিয়ে পেটৰ ভোকত পৰি আনক মনোৰঞ্জন দিবলৈ গৈ জীৱন মৃত্যুৰ খেল খেলিছে। লাজ মান একাষৰীয়া কৰি ইচ্ছাৰ বিপৰীতে নামমাত্ৰ বস্ত্ৰ পৰিধান কৰিছে একমাত্ৰ ভাতমুঠিৰ বাবে। এক কৰুণ দৃশ্য¸ অথচ অইনৰ মনোৰঞ্জনৰ বাবে এয়া গাপ দি ৰাখিব লগা হয় চাৰ্কাছৰ ছোৱালীয়ে ।
কবিয়ে জীৱন সংগ্ৰামৰ নিৰ্মম সত্যৰ এখন কৰুণ ছবি অংকন কৰিছে। চাৰ্কাছৰ ছোৱালী এজনী দৰিদ্ৰ যুৱতী। যিয়ে পেটৰ ভোকত পৰি আনক মনোৰঞ্জন দিবলৈ গৈ জীৱন মৃত্যুৰ খেল খেলিছে। লাজ মান একাষৰীয়া কৰি ইচ্ছাৰ বিপৰীতে নামমাত্ৰ বস্ত্ৰ পৰিধান কৰিছে একমাত্ৰ ভাতমুঠিৰ বাবে। এক কৰুণ দৃশ্য¸ অথচ অইনৰ মনোৰঞ্জনৰ বাবে এয়া গাপ দি ৰাখিব লগা হয় চাৰ্কাছৰ ছোৱালীয়ে ।
পাৰ্থ প্ৰতিম
কলিতা
সদস্য ¸ আখৰুৱা:literati
----------------------------------------------------
সদস্য ¸ আখৰুৱা:literati
----------------------------------------------------
ব্যৱস্থাপকৰ
মন্তব্য:
---------------------------
---------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা
কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে
গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি
আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি
থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ
পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
(ক) জুইফুল-> ৰীণা বুঢ়াগোঁহাই
(খ) কনিষ্ক-> লীনা হাজৰিকা
(গ) আজিৰ নাৰী-> মাধৱ দত্ত
(ঘ) ফাগুন-> সাৰদা শ্ৰেষ্ঠ
(ঙ) চাৰ্কাছৰ ছোৱালী-> তিলক চন্দ্ৰ নাথ
(খ) কনিষ্ক-> লীনা হাজৰিকা
(গ) আজিৰ নাৰী-> মাধৱ দত্ত
(ঘ) ফাগুন-> সাৰদা শ্ৰেষ্ঠ
(ঙ) চাৰ্কাছৰ ছোৱালী-> তিলক চন্দ্ৰ নাথ
৪) এই পৰ্যালোচনাই
সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ
কৰিলোঁ।
মূল কবিতাত
বৰ্তমানলৈ চকুত পৰা ভুলসমূহ :
(ক) জুইফুল-> ৰীণা বুঢ়াগোঁহাই
ৰৌদ্ৰৰুপ-> ৰৌদ্ৰৰূপ
(খ) কনিষ্ক-> লীনা হাজৰিকা
অভশাপ-> অভিশাপ
বাচি-> বাছি
লব-> ল'ব
বাচি-> বাছি
লব-> ল'ব
(গ) আজিৰ নাৰী-> মাধৱ দত্ত
সৌৰ্য্যৰ-> শৌৰ্য্যৰ
প্ৰতিমুৰ্তি-> প্ৰতিমূৰ্তি
আমোঘ-> অমোঘ
ভগ্নি-> ভগ্নী
লান্সিতা-> লাঞ্ছিত
কণ্যাৰ-> কন্যাৰ
পুণৰ-> পুনৰ
শাসনাধিষ্ট-> শাসনাধিষ্ঠিত
নহলে-> নহ'লে
হোৱাঁ-> হোৱা
প্ৰতিমুৰ্তি-> প্ৰতিমূৰ্তি
আমোঘ-> অমোঘ
ভগ্নি-> ভগ্নী
লান্সিতা-> লাঞ্ছিত
কণ্যাৰ-> কন্যাৰ
পুণৰ-> পুনৰ
শাসনাধিষ্ট-> শাসনাধিষ্ঠিত
নহলে-> নহ'লে
হোৱাঁ-> হোৱা
(ঘ) ফাগুন-> সাৰদা শ্ৰেষ্ঠ
একোৰা-> একুৰা
(ঙ) চাৰ্কাছৰ ছোৱালী-> তিলক চন্দ্ৰ নাথ
দূপৰলৈ-> দুপৰলৈ
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা
পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২০ মাৰ্চ, ২০১৭
জনজিৎ গোস্বামী
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২০ মাৰ্চ, ২০১৭
No comments:
Post a Comment