মেঘমল্লাৰ ৰাগ এটা
কালি ৰাতি বৰকৈ
বতাহ বলিছিল
অজুহাত এটা বিচাৰি
চিলনীৰ জীয়েকৰ ঘৰলৈ
বৰদৈচিলাজনী
অজুহাত এটা বিচাৰি
চিলনীৰ জীয়েকৰ ঘৰলৈ
বৰদৈচিলাজনী
দোপালপিটা বৰষুণত
তিতি
পুঠি-খলিহাৰ গুমৰাগ জলকেলি
পুঠি-খলিহাৰ গুমৰাগ জলকেলি
কালি ৰাতি বৰকৈ
বতাহ বলিছিল
আকাশৰ পৰা
ছনপৰা মাটিডৰাত
লমালমে তৰাফুল সৰিছিল
আকাশৰ পৰা
ছনপৰা মাটিডৰাত
লমালমে তৰাফুল সৰিছিল
চ’তৰ ছিৰাল-ফটা পথাৰ ডৰাত
কেঁচামাটিৰ গোন্ধ এটা বিচাৰি
কোনে বজায় সোণৰ বাঁহী
কেঁচামাটিৰ গোন্ধ এটা বিচাৰি
কোনে বজায় সোণৰ বাঁহী
বুকুত মোৰ
মেঘমল্লাৰ ৰাগ এটা
ৰিণিকি-ৰিণিকি
মেঘমল্লাৰ ৰাগ এটা
ৰিণিকি-ৰিণিকি
কবি:
-উইল চিদ্দিকুৰ ৰহমান ।
No comments:
Post a Comment