নমামি
ব্রক্ষ্মপুত্র
(১)
কংক্রিট নগৰ,
নিয়ন চাকিৰ পয়োভৰ ।
কংক্রিট নগৰ,
নিয়ন চাকিৰ পয়োভৰ ।
খদম্ দম্ ৰজাঘৰ
বাটচ’ৰাত বাঢ়ৈৰ বিলাসী তোৰণ
অন্তেষপুৰত পাটমাদৈ
লিগিৰীয়ে সজালে ৰজাৰ ভোগজৰা
কিবা এটা কৰাৰ অভিপ্রায়ত
ৰজাঘৰীয়াৰ স্তাৱক হ’বলা
মুখে মুখে সলাজ হাঁহি একোটা
বাটচ’ৰাত বাঢ়ৈৰ বিলাসী তোৰণ
অন্তেষপুৰত পাটমাদৈ
লিগিৰীয়ে সজালে ৰজাৰ ভোগজৰা
কিবা এটা কৰাৰ অভিপ্রায়ত
ৰজাঘৰীয়াৰ স্তাৱক হ’বলা
মুখে মুখে সলাজ হাঁহি একোটা
ঘাটে ঘাটে ভেলাঘৰ
চৌদিশে ৰজন্ জন্
সাগৰ সিঁচি জোনাক নমোৱা সাধুৰ
পালনাম অহৰহ
চৌদিশে ৰজন্ জন্
সাগৰ সিঁচি জোনাক নমোৱা সাধুৰ
পালনাম অহৰহ
(২)
জোনৰ ধূসৰ পোহৰ
বর্ষাসিক্ত আকাশ
বানে খহোৱা বতৰ
ক’ত থওঁ ক’ত থওঁ
আকালৰ ধান
জোনৰ ধূসৰ পোহৰ
বর্ষাসিক্ত আকাশ
বানে খহোৱা বতৰ
ক’ত থওঁ ক’ত থওঁ
আকালৰ ধান
ভুৰ সজাত ব্যস্ত
নৈপৰীয়া মানুহ
বাৰীৰখীয়া কল
সিঁহতৰ বিপদৰ সম্বল
বাৰীৰখীয়া কল
সিঁহতৰ বিপদৰ সম্বল
বিপন্ন ৰাতি
শুনিওতো নুশুনি
খাটিখোৱা মানুহৰ বুকুৰ বিননি
খাটিখোৱা মানুহৰ বুকুৰ বিননি
নমামি !
ব্রক্ষ্মপুত্র তোমাক
শতকোটি নমামি
শতকোটি নমামি
কবি:-
ණচিদিকুৰ ৰহমান ।
No comments:
Post a Comment