Thursday, 23 March 2017

উত্তৰ পুৰুষ ණবিপুল কলিতা



উত্তৰ পুৰুষ

কঁলিজা ঢাকি
নিৰন্তৰে জ্বলালি
ঢিমিক্ ঢামাক্ চাকি..
জোন সৰা ৰাতি
তেজে মঙহে
ঠণ্ ধৰিছিল
কত যে
নিচলা সপোনৰ পাগ....
আগলি পাতত জাঁহ গল
আজলী আইৰ বুকুৰ কপঁনি...
আই,
সপোনবোৰ
এতিয়া পুৰঠ হল
মোৰ
বুকুতো ওঁমলে
অলেখ অযুত তৰা
মাকজনীয়ো যে !
ফুঁটক বুলি
সিহঁতৰ ঠুনুক ঠানাক মাত
সিহঁতক অহৰহ কন্দুৱায়
সিহঁতক অহৰহ নিচুকায়
নাচি থাকো মই
নাচি থাকো মই
খেলনাত উঠোঁ,
খিড়িকী খুলি
উৰি উৰি গুছি যোৱা চৰাই চাওঁ....
কবি:-
বিপুল কলিতা

No comments:

Post a Comment