Showing posts with label প্ৰৱন্ধ বিভাগ (সম্পাদিত). Show all posts
Showing posts with label প্ৰৱন্ধ বিভাগ (সম্পাদিত). Show all posts

Friday, 11 December 2015

মোৰ কথাৰে 'ফেচবুক'ৰ যোগাত্মক দিশ : এটি আলোকপাত (প্ৰৱন্ধ), লেখিকা : প্ৰাণজ্যোতি নাথ

মোৰ কথাৰে 'ফেচবুক'ৰ যোগাত্মক দিশ : এটি আলোকপাত (প্ৰৱন্ধ)
-----------------------------------
এইযে ঘৰুৱা লেঠা, ল'ৰা-ছোৱালীৰ জঞ্জাল বুলি কিতাপ - পত্ৰ পঢ়িবলৈ এৰিলোঁ …
তাৰ প্ৰায় পাঁচবছৰমানৰ পাছত ফেচবুক একাউন্টটো খোলাৰ সময়ত ভাৱিছিলোঁ … বোধহয় মানুহে কিতাপ পঢ়িবলৈ আজিকালি এৰিলে । আমি আগতে জন্মদিন বা অন্যান্য অনুষ্ঠান-উৎসৱত নতুন কিতাপ এখন উপহাৰ দিয়াৰ নিয়ম কৰি লৈছিলোঁ ।এই নিয়ম স্কুল কলেজত পঢ়াৰ দিনাৰ পৰা বিয়াৰ পাছতো বহুত বছৰলৈকে চলিছিল।বহুতৰ পৰা কিতাপ পোৱাৰ দৰে বহুতক কিতাপ দিয়াও হৈছিল।নতুন কিতাপ এখন কিনিলে আৰু পঢ়ি ভাল পালে অন্ততঃ পাঁচজনক কিতাপখন পঢ়োৱাটোও একপ্ৰকাৰ নিয়মেই হৈ পৰিছিল।আনকি বিয়া ঠিক হোৱাৰ পাছত মোৰ গৃহস্থ যিমানবাৰ শহুৰৰ ঘৰলৈ, মানে গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিছিল,তিনি-চাৰিখন কিতাপ মোলৈ প্ৰতিবাৰতে আনিছিল।কিন্তু এতিয়াৰ নতুন পুৰুষৰ মাজত এই গ্ৰন্থপ্ৰীতি কমকৈ দেখা পাওঁ। কিবা জানিব খুজিলে ইন্টাৰনেটতে থুলমূলকৈ পঢ়ি ল'ব পৰাৰ সুবিধা হোৱাৰ পৰা বিষয়টোৰ ওপৰত আদিৰ পৰা অন্তলৈকে জনাৰ আগ্ৰহ হয়তো কমি গৈছে।কাৰণ বিতং কৈ নাজানিলেও, অমুকতো জানানে বুলি কোনোবাই সোধা প্ৰশ্নটোৰ আমি চুটিকৈ হ'লেও উত্তৰতো দিব পৰা হৈছোঁ।দুই এক বন্ধুক কিতাপ-পত্ৰ পঢ়ি আছনে বুলি সুধিলে কয়—“এহ, আজিকালি সময় ক'ত!” পিছে সময়ৰনো কিয় ইমান অভাৱ সেইটো সোধা হৈ নুঠেগৈ।ল'ৰা-ছোৱালী দুটাই স্কুললৈ উলাওঁতে নিজে জোতা-মোজা পিন্ধি ল'ব পৰা হোৱাৰে পৰা বা ভাত বাঢ়ি দিলে নিজে খাব পৰা হোৱাত মোৰো আজৰি সময় বাঢ়িছে আৰু এই আজৰি সময় ব্যয় কৰিব পৰা এটা উপায়ো ওলাইছে।হয়, ফেচবুকৰ কথাই কৈছো ।
ফেচবুকৰ লগত সমানে ফেৰ মাৰি ৱাটচ এপও ওলাল যদিও কিছু বিষয়ত আগবঢ়া বাবে ফেচবুকৰ জনপ্ৰিয়তা কমা নাই আৰু সময় পাই যিমানে ফেচবুকৰ ভিতৰলৈ সোমাই গ’লো , দেখিবলৈ পালোঁ যে এতিয়াও কিতাপ এখন কিনি লৈ পঢ়া মানুহ যথেষ্ট সংখ্যক আছে আৰু এই ভিৰৰ পৰা কিছু বেলেগ শ্ৰেণীটোৱে ফেচবুকতে যথেষ্ট চিন্তাৰ সমল থকা চুটি -চুটি লেখনী লিখি আমাৰ দৰে পঢ়ুৱৈক মানসিক খাদ্য যোগাই আছে আৰু ৰুচিকৰ ভাৱে যোগোৱাত কৃতকাৰ্যও হৈছে । বিভিন্ন ধৰণৰ চিন্তাশীল গোটৰ সৃষ্টি হৈছে আৰু এনে গোটৰ অন্তৰ্ভূক্ত হৈ বহুজনে সাহিত্য চৰ্চা কৰাৰ লগতে ৰাজনৈতিক, সামাজিক ক্ষেত্ৰখনতো মাত মাতি সচেতন নাগৰিক হিচাপে নিজা মনোভাৱ পৰিস্ফূট কৰিছে। ফেচবুকতে এতিয়া দৈনিক 'অসমীয়াত কথা-বতৰা' গোটত দুই-তিনিটা গল্প,দুই-এটা চিন্তাশীল লেখা; “স্পন্দন শব্দৰ পৰা হৃদয়লৈ” কবিতা গোটৰ লগতে ' আখৰুৱা' আৰু ' ৰামধেনু ' গোটত দহ-বাৰটা কবিতা দৈনিক পঢ়া হয়।কবি হৰেকৃষ্ণ ডেকা চাৰৰ কবিতা পঢ়োঁ । অৱনী বুঢ়াগোঁহাই চাৰ আৰু হেমচন্দ্ৰ দত্তৰ অনুবাদ কবিতা; টুনুজ্যোতি গগৈৰ ৰুচিপূৰ্ণ প্ৰৱন্ধ; দিগন্ত কুমাৰ ভট্টাচাৰ্য, অমিতাভ মহন্তৰ ক্ৰিয়েটিভ, ডিটেকটিভ,মনস্তাত্বিক গল্পই সুকীয়া আমেজ দিয়ে। তাৰ মাজতে আটাইতকৈ ভাল লগা কথা হৈ পৰে যেতিয়া সৌমিত্ৰ যোগী অথবা আঁক-বাকৰ পৰা এখন নতুনকৈ প্ৰকাশ হোৱা কিতাপৰ খবৰ পাওঁ।ভৱেন্দ্ৰ নাথ শইকীয়া, মামনি ৰয়চম গোস্বামী, হোমেন বৰগোহাঞি, আশাপূৰ্ণা দেৱী, মৈত্ৰেয়ী দেৱী আদি স্বনামধন্য লেখক সকলৰ কিতাপ (উপন্যাস) পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ আৰু ক্ৰমে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী , পূৰৱী বৰমুদৈ , অৰূপা পটঙ্গীয়া কলিতা , ৰীতা চৌধুৰী, য়েছে দৰছে ঠংছি , লীনা শৰ্মা , অনুৰাধা শৰ্মা পূজাৰী, হিৰণ্য কাশ্যপ আদি লেখক সকলৰ নিয়মীয়া পাঠক হৈ পৰিছিলোঁ। পুৰণি বুলি খুচৰি চাই কাঞ্চন বৰুৱা, যোগেশ দাস, হেম বৰুৱা, অতুলানন্দ গোস্বামীৰ লেখাৰ মোহত পৰিছিলোঁ ।মায়ে কিনি দিবলৈ আপত্তি নকৰাৰ বাবেই এন.বি.টিৰ অসমীয়ালৈ অনুবাদ হোৱা প্ৰায় ত্ৰিশখন কিতাপ পঢ়িছিলোঁ আৰু জ্যোতিপ্ৰসাদৰ পৰা সমীৰ তাঁতিলৈকে , হীৰেণ ভট্টকে অন্যতম কৰি কেইবাজনো কবিৰ কবিতাক ভাল পোৱাৰ দৰে কেইবাজনো লেখকো হৈ পৰিছিল মোৰ অন্যতম প্ৰিয়লেখক। এনেকৈয়ে তেখেতসকলৰ কিতাপবোৰ কিনি, পঢ়ি, কিতাপৰ আলমাৰীত সজাই যাবলৈ ভালপোৱা হ'লোঁ……তাৰে বহুজন লেখক-কবিক লগ পোৱাৰ ইচ্ছা ৰাখিছিলোঁ।হীৰুদাক লগ কৰিবলৈ বুলি হাতত এপাহ গোলাপ লৈ 'স্নেহতীৰ্থ'ৰ আশে-পাশে, টানজ্ ৰ সমুখত থিয়হৈ থকাৰ কথা ফেচবুকতে লিখিছিলোঁ।শইকীয়া চাৰ ঢুকোৱাৰ দিনা মনতো বেয়া লাগিছিল এই ভাৱি যে তেখেতক আৰু কেতিয়াও দেখা কৰা নহ'ব।
প্ৰিয় লেখকে কেনেকৈ বহে, কেনেকৈ কথা কয়, কিয় লিখে, কোনসময়ত লিখে , কি ভালপায় , কি পঢ়ে … এনেবোৰ কথা জানিবলৈ অহেতুক কৌতুহল হয় আৰু তেনে দুই-এজন প্ৰিয় লেখকক সময় অপচয়ৰ মাধ্যম বুলি সততে শুনিবলৈ পোৱা 'ফেচবুক'তে যদি লগ পোৱা যায় বা বন্ধু হিচাপে পোৱা যায় তাতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে । 'আনন্দই নধৰে হিয়া' - এনে অনুভূতি হয় যেতিয়া 'অনুৰাধাৰ দেশ'ৰ প্ৰিয় লেখক দেৱচৌধুৰী চাৰে মই ফেচবুকত লেখা এটা লেখা পঢ়ি লাইক কৰে বা 'সাগৰিকা'ৰ প্ৰিয় লেখিকা লীণা শৰ্মা বাইদেউৱে মোৰ সৰু আপডেট এটা পঠনযোগ্য বুলি গ্ৰহণ কৰে।ৰঙতে ৰং চৰে, সৌমিত্ৰ যোগীৰ দৰে লেখক-প্ৰকাশকক যেতিয়া ফেচবুকতে কিতাপৰ কথা সুধিব পাৰোঁ বা ময়ূৰ বৰাৰ দৰে এজন নিপুন প্ৰৱন্ধকাৰ বা শান্তনু কৌশিক বৰুৱাৰ দৰে জনপ্ৰিয় লেখকৰ লেখাত মন্তব্য আগবঢ়াব পাৰোঁ।ভাল লাগে যেতিয়া অভিজিৎ শৰ্মা বৰুৱাৰ দৰে জনপ্ৰিয় ঔপন্যাসিক-গল্পকাৰ এজনক 'ভালে আছেনে' বুলি ফেচবুকৰ মাধ্যমেৰে দিন-চেৰেকৰ মূৰত খবৰ ল'ব পাৰোঁ।মনতো আৰু ভাল হৈ পৰে যেতিয়া অসম ফটোগ্ৰাফী ক্লাৱ বা উঠি অহা অসমীয়া ফটোগ্ৰাফাৰৰ প্ৰায় বিশখন উচ্চ মানদণ্ডৰ ভাল ফটো ইয়াতে দেখোঁ । ভাবুক হৈ পৰোঁ যেতিয়া নৱাকাশৰ দৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰকৰৰ চিত্ৰ ইয়াত সহজলভ্য হয় বা বিক্ৰম দাসৰ কালাৰ পেঞ্চিলৰ প'ট্ৰেইটে মন্ত্ৰমুগ্ধ কৰে। … এই লেখাবোৰ, এই ফটোবোৰ, এই ছবিবোৰ মোৰ অকলশৰীয়া সময়ৰ অভিন্ন সংগী হৈ পৰে। এইয়া নিশ্চয় ফেচবুকৰ যোগাত্মক দিশ। সেয়ে এতিয়া এই মাধ্যমতো হৈ পৰিছে আমাৰ, ফেচবুকতে কিছু নিৰ্বাক, কিছু নিসংগ সময়ৰ আহুতি দিব খোজা সকলৰ প্ৰতিটো খোজৰ সহচৰ।এই চেগতে ক'বলৈ ভাল পাম যে “অসমীয়াত কথা-বতৰা” গোটৰ পৰা ওলোৱা 'সাহিত্য ডট অৰ্গ' নামৰ ই-আলোচনী খন বা ফেচবুকতে লিংকত গৈ খুলিব পৰা 'অসমীয়াৰ সুখ-দুখ'ৰ পৃষ্ঠাবোৰ উৎকৃষ্ট মানদণ্ডৰ হৈছে। অসমীয়া সাহিত্য-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত নূন্যতম হ'লেও, কিবা অলপ অৰিহনা যে ফেচবুকেও যোগাইছে তাক আমি নুই কৰিব নোৱাৰো । সময়ত গৈ এই মাধ্যমো জাতিৰ জাতীয়ত্ব ৰক্ষাত অন্যতম পৰিচালনা শক্তি ৰূপে সৰ্বজন গৃহীত হওঁক । সততা , সাধুতা আৰু পৰিশ্ৰম এই মঞ্চৰো ভূষণ হওঁক । আমাক পঢ়ি-জানি উঠি পিচৰ চামে অন্ততঃ কওঁক যে এওঁলোকে এই মাধ্যমত সময়বোৰ অবাবতে খৰচ কৰা নাছিল । মোৰ আশা দুৰাশা নহওঁক । এয়ে আন্তৰিক কামনা ।
লেখিকা : প্ৰাণজ্যোতি নাথ

Saturday, 29 August 2015

গ্ৰন্থ আলোচনাঃ অভিজিৎ কলিতা

“ভোক আৰু কিছু কথা”

“ভোক বুলিলে আমি পোনতে পেটৰ ভোকৰ কথাকে বুজোঁ, খাদ্য পালেই যি উপশম হয়। আৰু অলপ আগুৱাই গৈ আমি শৰীৰৰ ভোকৰ কথা ভাৱিব পাৰোঁ।
এই দুয়োটাই প্ৰাকৃতিক (স্বাভাৱিক)। কিন্তু আৰু এক ধৰণৰ কৃত্ৰিম ভোকে গ্ৰাস কৰিছে নেকি আমাক; ভোগৰ ভোক, তথাকথিত সামাজিক প্ৰতিষ্ঠাৰ ৰেট ৰেছৰ ভোক??”

জুৰী বৰা বৰগোহাঞি ১৯৭৮ চনত জন্ম হোৱা অসমীয়া সাহিত্য জগতৰ এগৰাকী জনপ্ৰিয় ঔপন্যাসিক তথা প্ৰৱন্ধকাৰ। মাজুলী মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু পৰৱৰ্ত্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ আৰু এম ফিল ডিগ্ৰী লাভ কৰে ।
১৯৯৮ চনৰ পৰা 'আমাৰ অসম', 'দৈনিক জনমভূমি' আদি কাকতৰ সাংবাদিকতাত জড়িত হৈ পিছলৈ ২০০৪ চনত তেখেতে “ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী” শীৰ্ষক প্ৰথমখন উপন্যাস প্ৰকাশ কৰিছিল। তাৰ পিছত মহীয়সী নাৰী জয়মতীৰ জীৱনগাঁথাৰে লিখা উপন্যাস “নাং-ফা”ৰ জৰিয়তে তেখেতে অসমৰ সাহিত্য জগতত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হয়। ঐতিহাসিক ষ্টিলৱেল ৰোড নিৰ্মাণৰ আঁৰৰ কাহিনীৰে লিখা উপন্যাস “লিড’লাম” তেখেতৰ আন এক কালজয়ী সৃষ্টি।
এতিয়ালৈকে ৬ খন উপন্যাস, ১ খন উদ্ভিদ বিষয়ক গ্ৰন্থ, ১ খন সম্পাদিত গ্ৰন্থ প্ৰকাশ কৰা জুৰী বৰা বৰগোহাঞিৰ ১৭ খন উপন্যাসিকা, অৰ্ধ শতাধিক গল্প, ভ্ৰমণ সাহিত্য, প্ৰৱন্ধ তথা অন্যান্য লেখা বিভিন্ন কাকত আলোচনীত প্ৰকাশ পোৱাৰ লগতে দূৰদৰ্শন, অনাতাঁৰ যোগে বিভিন্ন বিষয়ৰ তথ্য-চিত্ৰ, প্ৰৱন্ধ, কথিকা আদি প্ৰচাৰিত হোৱা জুৰী বৰা বৰগোহাঞি অসমীয়া সাহিত্য জগতৰ এক অন্যতম চিনাকি নাম।
আৰু এইগৰাকী জনপ্ৰিয় লেখিকা জুৰী বৰা বৰগোহাঞিৰ নৱতম উপন্যাসখন হ'ল “ভোক” ।
প্ৰকাশকঃ বনলতা, ডিব্ৰুগড়/গুৱাহাটী। 
প্ৰথম প্ৰকাশঃ জুন, ২০১৫
ISBN : 978-93-82750-80-2
মূল্যঃ ২০০ টকা
প্ৰচ্ছদঃ সঞ্জীৱ বৰা
অলংকৰণ আৰু অংগসজ্জাঃ লক্ষীনন্দন বৰগোহাঞি
মূদ্ৰকঃ বনলতা প্ৰিণ্ট এণ্ড পেক
মুঠ পৃষ্ঠাঃ ২৪৭ (পকা বন্ধা)

–"ভোক" ৰ মূল বক্তব্য পৃথক যদিও, ওপৰৰ প্ৰশ্নটোৱেও মনত খু-দুৱনি লগাই যায়। বেশ্যাক লৈ আগতে অসমীয়াত কিছু লেখা-মেলা হৈছে যদিও, এতিয়াও অসমীয়া সাহিত্যত বিষয়টো Taboo হৈয়েই আছে বুলি ক'ব পাৰি। সমকালীন ভাৰতীয় সাহিত্যতো বিষয়টো প্ৰায় এলাগী বুলিয়েই ক'ব পাৰি। পোন প্ৰথমে, এগৰাকী নাৰী হৈও এনে এটা বিষয়বস্তুৰে উপন্যাস লিখি লেখিকাই প্ৰশংসনীয় সাহস দেখুৱাইছে। এগৰাকী নাৰীৰ দৃষ্টিৰে বেশ্যাৰ জীৱন বা মনোজগতক উপস্থাপন কৰাটোও এক নতুনত্বই বুলি ক'ব লাগিব। উপন্যাস খনৰ কাহিনীভাগ এগৰাকী তিব্বতী ভগনীয়া ছোৱালীৰ মাধ্যমেৰে প্ৰকাশ কৰোৱা হৈছে। প্ৰথম পুৰুষত লিখা উপন্যাসখনত লেখিকাই কৌশলপূৰ্ণভাৱে এগৰাকী নায়িকাৰ যোগেদি ভিন্ন সময়ত ভিন্ন চৰিত্ৰ উপস্থাপন কৰিছে। পেটৰ ভোক আৰু পৰিৱেশে বেশ্যা বৃত্তিৰ জীৱন আঁকোৱালি ল'বলৈ বাধ্য কৰোৱা, (আচলতে বাধ্য কৰোৱা বুলিলে ভুল হ'ব, উপন্যাস খনত লেখিকাই নিৰ্মোহ ভাৱে দেখুৱাইছে, সেইসকল ছোৱালীৰ আন কোনো গত্যন্তৰেই নাই, আৰু তেওঁলোকে এই বৃত্তিৰ কাৰণেই নিজকে সৰুৰে পৰা সহজে তৈয়াৰ কৰে), তিব্বতী ছোৱালী জনীৰ সৰুৰ পৰা আৰম্ভ কৰি, প্ৰথমবাৰৰ বাবে এই বৃত্তি গ্ৰহণ, বিভিন্ন ৰূপত এই ব্যৱসায় আৰু শেষ বয়সত “দোকান বন্ধ” হোৱাৰ পাছত এখন বেশ্যালয়ত তেওঁৰ বৃদ্ধাৱস্থালৈকে উপন্যাস খনে সামৰি লৈছে। লগতে সামৰি লৈছে আনুষংগিক বহু চৰিত্ৰ, অৱশ্যে অপ্ৰয়োজনীয় চৰিত্ৰৰ অৱতাৰণা কৰা দোষৰ পৰা উপন্যাস খন একেবাৰে মুক্ত।
গতিময়তা উপন্যাসখনৰ অন্যতম বৈশিষ্ট্য। ছুটি ছুটি বাক্য ব্যৱহাৰ কৰি, লেখিকাই প্ৰথম কেইপৃষ্ঠামানতে পাঠকক কাহিনীৰ অন্তৰ্ভাগলৈ লৈ গৈছে। তাৰ পাছতে নিৰৱিচ্ছিন্নভাৱে কৈ গৈছে মানৱ সভ্যতাৰ এক কৰুণতম কাহিনী, যিবোৰ চলি আছে আমাৰ মাজতে, কিন্তু আমাৰ অজ্ঞাতে! উপন্যাসখনৰ কেইটামান মন কৰিবলগীয়া দিশ এনেধৰণৰঃ

১। লেখিকাই উপন্যাসখনত কেতিয়াও নায়িকাৰ নাম উল্লেখ কৰা নাই। ইয়াৰ কাৰণ দুটা হ'ব পাৰে । প্ৰথম, লেখিকাই বুজাব বিচাৰিছে যে ই কেৱল নিৰ্দ্দিষ্ট কোনো এগৰাকী নাৰীৰ কাহিনী নহয়, ই হেজাৰ-হেজাৰ নিষ্পেষিতা নাৰীৰ কাহিনী। দ্বিতীয়, হয়তো ওপৰত কোৱাৰ দৰে, কৌশলগতভাৱে লেখিকাই এগৰাকী নায়িকাৰ মাজতে কেইবাটাও চৰিত্ৰ সন্নিৱিষ্ট কৰিব বিচাৰিছে। উপন্যাসখন পঢ়োঁতে নায়িকাৰ মাজেদিয়েই পাঠকে বিভিন্ন চৰিত্ৰৰ ঘটনাক্ৰমৰ উমান পায়।
২। দৰঙা মেলা, ৰে’ড লাইট অঞ্চল আদি বিলাকৰ একেবাৰে বাস্তৱধৰ্মী বৰ্ণনা দিয়া হৈছে। এই অঞ্চলবোৰৰ অন্তৰ্ভাগৰ ৰাজনীতি, সমাজ, মানুহৰ মানসিকতা আদিৰ বৰ্ণনা একেবাৰে বিশ্বাসযোগ্য হৈছে, পাঠকে প্ৰায় সেই ঠাইবোৰলৈ গৈ ব্যক্তিগতভাৱে প্ৰত্যক্ষ কৰাৰ অনুভৱ উপন্যাসখনৰ মাজেৰে পাইছে।
৩। উপন্যাস খনত লেখিকাই কেৱল বৰ্ণনাধৰ্মী প্ৰকাশভংগী ব্যৱহাৰ কৰিছে, আৰু কৌটিকলীয়া বৃহৎ সমস্যাটোৰ কোনো কৃত্ৰিম সমাধান সূত্ৰ দেখুৱাই পাঠকৰ মন জয় কৰিবৰ চেষ্টা কৰা নাই। সঁচাকৈয়ে এই সমস্যাটোৰ সমাধান ইমান সহজ নহয়, হোৱাহেঁতেন ইমান আইন-নীতিৰ মাজত এই ব্যৱসায় চলি নাথাকিলেহেঁতেন।
৪। বেশ্যা সম্পৰ্কীয় প্ৰায়বোৰ সৃষ্টিশীল
সাহিত্যতে দেখা পোৱা আৰু পাঠকৰ ভাল লগা “ইণ্টেলেকছুৱেল প্ৰষ্টিটিউট” বা বুদ্ধিমান বেশ্যাৰ চৰিত্ৰ এটা উপন্যাসখনত দেখা পোৱা নাযায়। 'চিনু' নামৰ যিটো চৰিত্ৰ আছে সেইটো অলপ এই বিষয়ৰ ওচৰ চাপিলেও, তেওঁ অৰ্ধশিক্ষিতাহে, মাজে মাজে দুই এখন কিতাপ পঢ়িছে, তাতকৈ বৰ বেছি একো নহয়। বাকী প্ৰায়বোৰেই সম্পূৰ্ণ অশিক্ষিত আৰু শিক্ষাৰ প্ৰতি তেওঁলোকৰ কোনো হাবিয়াসো নাই। এই কথাটোহে বাস্তৱসন্মত যেন লাগে, আজৰি সময়ত “Women of Rome” পঢ়ি থকা বেশ্যাতকৈ।

৫। প্ৰায় ২৫০ পৃষ্ঠাৰ এই উপন্যাসখনত বেশ্যাবৃত্তিৰ বিভিন্ন প্ৰকৃতি আৰু লগতে এই ব্যৱসায়টোৰ প্ৰায় সকলো গতিবিধি সামৰি লোৱাৰ প্ৰচেষ্টা কৰা হৈছে। লগতে নাৰী সৰবৰাহ, বেশ্যাৰ ব্যক্তিগত জীৱনটো, শেষকালৰ অৱস্থা, বৃত্তিগত ৰোগ,
তথাকথিত সমাজসেৱী গোট বিলাকৰ প্ৰকৃত স্বৰূপ, তেওঁলোকৰ বাবে সৃষ্টি হোৱা কল্যাণকামী আঁচনিবোৰৰ বিফলতা, সকলোবোৰ বাস্তৱসন্মত আৰু বিশ্বাসযোগ্য ৰূপে তুলি ধৰাটো ঔপন্যাসিকৰ সাফল্য। জুৰী বৰা বৰগোহাঞিৰ প্ৰায়বোৰ উপন্যাসতে তেখেতৰ বিষয়টোৰ ওপৰত বিস্তৃত গৱেষণা, ক্ষেত্ৰভিত্তিক অধ্যয়ণ আৰু তথ্য সংগ্ৰহৰ উমান পোৱা যায়। “ভোক”ও ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ যাওঁতে এনেবোৰ ঠাইত ব্যক্তিগতভাৱে কেইবাদিনো থকাৰ লগতে বিভিন্ন মহলৰ পৰা ভীতিৰ সন্মূখীন হ'ব লগা হৈছিল বুলি লেখিকাই সাংবাদিকৰ আগত ব্যক্ত কৰিছে।

৬। এটা বিতৰ্কিত লগতে যৌনতাৰ লগত সম্পৰ্ক থকা বিষয়বস্তু উপস্থাপন কৰোঁতে লেখিকাই যথেষ্ট সংযমৰ পৰিচয় দিছে। উপন্যাসখনৰ শাৰীৰিক সংসৰ্গৰ দৃশ্যবোৰতো লেখিকাই সস্তীয়া উপাদানেৰে একশ্ৰেণীৰ পাঠকক প্ৰলুব্ধ কৰাৰ কোনো চেষ্টা কৰা নাই। কোনো কোনোৱে আশংকা কৰাৰ দৰে উপন্যাসখন কোনোবাই পৰ্ণগ্ৰাফী বুলি দাবী কৰাৰ কোনো স্থলেই নাই বুলি অনুমান হ’ল। তথাপিও কোনো লোকে যদি এই উপন্যাসখন পঢ়ি থাকোঁতে তেওঁৰ যৌনাকাংক্ষা জাগি উঠে,
তেন্তে তেওঁক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি কোৱাহে উচিৎ হ'ব।

৭। কিছুমান দৃশ্য উপন্যাসখনত একাধিকবাৰ উপস্থাপন কৰা হৈছে, যেনে বেশ্যাসকলক ইঠাইৰ পৰা সিঠাইলৈ লৈ গৈ থকাৰ দৃশ্য। কিন্তু এনেলাগে যেনে লেখিকাই ইচ্ছাকৃত ভাৱেই এনে কৰিছে। এই যে মানুহবোৰ কাৰো নহয়, তেওঁলোকৰ একো থানথিত নাই, কোনো ভৱিষ্যৎ নাই, সময়ে য’লৈকে ঠেলা মাৰি দিয়ে তালৈকে যাবলৈ তেওঁলোক বাধ্য, সেই দিশটো দেখুৱাবলৈকে চেষ্টা কৰা বুলি অনুমান হয়।
৮। বেশ্যাৰ প্ৰেম সাধাৰণতে পাঠকৰ কাম্য আৰু প্ৰিয় দৃশ্য। 'ভোক'তো জনাৰ্দ্দন নামৰ চৰিত্ৰটোৰ যোগেদি নায়িকাৰ জীৱনলৈ খন্তেকীয়া প্ৰেম অহা দেখুওৱা হৈছে। কিন্তু উপন্যাস খনৰ বক্তব্যলৈ চালে এই দিশটোৰ গুৰুত্ব একেবাৰে কম।
লেখিকায়ো জনাৰ্দ্দনক সোঁশৰীৰে পাঠকৰ
মাজলৈ অনা নাই। ই লেখিকাৰ উদ্দেশ্যৰ সততাৰ প্ৰমাণ দিয়ে। কিছুমান লোকে এক সহজ জীৱনধাৰাৰ আশাতো নাৰী সৰবৰাহকাৰী সকলৰ কৱলত পৰে, কিন্তু আচলতে যে এই ব্যৱসায়টোৰ পৰা বেশ্যাগৰাকীয়ে সকলো হেৰুৱাবলগীয়াহে হয়, কেতিয়াও এটা স্বচ্ছল জীৱন ধাৰণ কৰিব নোৱাৰে, কথাটো উপন্যাসখন পঢ়িলে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰি। আৰু এইটোৱেই উপন্যাসখনৰ সমাজলৈ অন্যতম বাৰ্তা।

–“ভোক” উপন্যাসখনত লেখিকাই আৰু এটা নতুন দিশ উন্মোচন কৰিছে, যাৰ পূৰ্বাভাষ এই লেখাৰ প্ৰথম স্তৱকতে দিয়া হৈছে। পেটৰ দায়িত্বত বা সামাজিক পৰিস্থিতিত পৰি বেশ্যাবৃত্তি লোৱাসকলৰ বাদেও সমাজত আৰু এক শ্ৰেণীৰ বেশ্যা চিত্ৰিত কৰা হৈছে, তেওঁলোক ছদ্মবেশী বেশ্যা। সৰ্বাত্মক ভোগবাদ আৰু মানৱীয় প্ৰমূল্যৰ বেহিচাপী পতনৰ বাবে সৃষ্টি হোৱা এই শ্ৰেণীটোৱে, পেটৰ ভোকৰ বাবে বেশ্যা নহয়, হয় মাথোঁ এটা দামী মোবাইল ফোনৰ বাবে, অলপ মান আছুতীয়া আনন্দৰ বাবে, ভাল ৰেষ্টোৰাঁত এটা ডিনাৰৰ বাবে, ড্ৰাগছৰ বাবে পইচা যোগাৰ কৰিবৰ বাবে। পিছে তেওঁলোকৰ অৱস্থা উপন্যাসৰ বেশ্যাসকলৰ দৰে নহয়গৈ, আৰামত বিয়া বাৰু সংসাৰ কৰি, সন্তান জন্ম দি তেওঁলোক জীয়াই থাকে। আৰু
এই ছদ্মবেশী বেশ্যাসকলৰ বাবেই পেটৰ দায়িত্বত ‘ৰেড লাইট’ এৰিয়াত থকা বেশ্যাসকলৰ ব্যৱসায় প্ৰায় ধ্বংস হৈ গৈছে। এই কথাই যে প্ৰত্যেকজন সংবেদনশীল পাঠকক জোকাৰি যাব সি ধুৰূপ।

সুখপাঠ্য বুলিলে যদি আমি Feel Good reading বুলি ভাবোঁ, তেন্তে “ভোক” সুখপাঠ্য নহয়, বৰঞ্চ পাঠকক জোকাৰি যোৱা এক ধুমুহা বুলিহে কোৱা যাব। সমগ্ৰ উপন্যাসখন পঢ়ি শেষ কৰাৰ পাছত মোৰ এনে নালাগিল যে মই কিছুমান মানুহৰ কথাই পঢ়িলোঁ, এনে লাগিল যেন কিছুমান পূতি গন্ধময় নৰ্দমাত বাস কৰা কীট কিছুমানৰ কাহিনীহে এয়া, যাৰ বাবে মানৱীয়তা, অধিকাৰ, সুখ-শান্তি আদি বোলা শব্দবোৰৰ কোনো অস্তিত্বই নাই। আৰু হয়তো এয়াই উপন্যাসখনৰ আটাইতকৈ ডাঙৰ সফলতা।
(বিঃ দ্ৰঃ জুৰী বৰা বৰগোহাঞিৰ ভোক শীৰ্ষক নৱতম উপন্যাসখনে পাঠকৰ মনত কেনেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে অথবা এজন সাধাৰণ পাঠকে উপন্যাসখনত কি বিচাৰি পাইছে, তাৰ এটি চমু বৰ্ণনা অভিজিৎ কলিতাৰ “ভোক আৰু কিছু কথা” শীৰ্ষক লেখাটো । সম্পাদনাৰ শেষত, মূল লেখাটো ‘গ্ৰন্থ সমালোচনা’ৰ পৰিবৰ্ত্তে এজন পাঠকৰ মনৰ কথা বুলি ক'বলৈ হে বেছি শুৱনি হ'ব । লেখাটোৰ জৰিয়তে অভিজিৎ কলিতাই উপন্যাসখনৰ যিবোৰ ষ্টং জন দেখুৱাই দিছে, তাৰ দ্বাৰা একোজন পাঠকে এখন ভাল/বাস্তৱধৰ্মী উপন্যাস পঢ়াৰ সুযোগ পাব বুলি আমি বিশ্বাস কৰোঁ ।)