Showing posts with label 'আখৰুৱাৰ জুলাই/২০১৫ মাহৰ কবিতা' (সম্পাদিত). Show all posts
Showing posts with label 'আখৰুৱাৰ জুলাই/২০১৫ মাহৰ কবিতা' (সম্পাদিত). Show all posts

Saturday, 29 August 2015

বেশ্যা এগৰাকীৰ প্ৰেমত পৰিবলৈ মন গৈছে :- ৰাজ কুমাৰ তামুলী

কি আছিল বাৰু তোমাৰ গানৰ সুৰত
কি আছিল বাৰু তোমাৰ 
নেঘেৰী খোপাৰ আঁৰত ?
যাৰ স্পৰ্শত মাতাল প্ৰেমিক হৈ
পৰিলো মই
কি আছিল বাৰু সেই 
দিচাং নৈৰ পাৰত !
ৰৌদ্ৰাজ্জ্বল আকাশত 
অশান্ত বতাহৰ আঁৰত..
আছিল !এটা সুৰ আছিল।
আছিল ! বৰ্ষাক্লান্ত আবেলিটোত এপাহ
ফুল ফুলাৰ কথা আছিল !
এটা গান শেষ হৈ যোৱাৰ কথা
কাহানিও নাছিল।
নাছিল, তুমি দিশহাৰা হৈ
বেশ্যালয়লৈ যোৱা প্ৰতিশ্ৰুতিও,
প্ৰেম সাগৰত যিদিনা পালতৰা নাৱত
বঠা বাব শিকিছিলো
সিদিনা তুমি বিচ্ছেদ বিষাদৰ
কবিতা শুনোৱা নাছিলা
কৈছিল, "সংগ্ৰামহীন মানুহবোৰ
জীৱন নাটৰ বাটত পৰাস্ত সৈনিক"।
সিদিনা ৰিমঝিম ৰিমঝিম ভৰলুমুখত
বসন্তৰ এজাক বৰষুন সৰিছিল,
তুমি গোটেই চহৰ 
উন্মাদ বৰষুনত তিতি 
গীত জুৰিছিলা...
"বহাগ...আহিল বুলি কুলিয়ে বিনালে "
মই নাজানিছিলোঁ অজস্ৰ কলীয়া ডাৱৰে
যে আৱৰা তোমাৰ হৃদয়,
তুমি কাহানিও ভালপাব নোৱাৰা
ৰৌদ্ৰোজ্জ্বলত ফুলি উঠা সূৰ্যমূখী,
জীৱনমূখী সপোন,
ঘৰমূৱা চৰাইৰ গান,
নৈ কুলু কুলু টান।
অজস্ৰ অভিমান বেদনাক্ৰান্ত এখন 
ক'লা হৃদয়ৰ অধিকাৰী তুমি
আস্ !
যোৱা সৌ বাটেৰে তুমি যোৱা,
আজি বেশ্যা এগৰাকীৰ প্ৰেমত
পৰিবলৈ মোৰ বৰ মন গৈছে
ভাবো , ছাগৈ জীৱনেই দিব তাই।

কথাবোৰ : বাপন ক্র

কথাবোৰে বতাহত গা শীতলাইছে
ভাগৰুৱা সময়ক পিঠিত লৈ নদীখনে ভটিয়াইছে
আৰু মই ?
মইনো কৰিম কি
'বেকাৰ' উপনামতো দিয়ে থৈছা
গতিকে চাই আছোঁ
দুহাত সাৱতি সন্ধিয়াৰ ধৰণ কৰণ...।

অন্তঃকোলাহল : অংখাম চাও ছিং

তাপিত ৰ'দটোৱে নাযাওঁ নিদিওঁৰে
পথাৰখনত খামোচি ধৰি আছিল …
.
আবুৰিত মন নাচি উঠে আবেগত
মেঘাচ্ছন্ন আকাশত মাদল বাজিল …
.
কাউৰীজনীয়ে কা কৰাৰ আগতেই
সৰুপোনাক জোকাৰি জোকাৰি জগালে …
.
সপোন পাহৰি সাৰপাই কনমায়ে
বাগৰ সলাই ক'লে - 'পো, ষাঠ লাগিলে' …
.
উল্লাসী মনটো বিবসনা হৈ পৰিল ৷

মানুহ বোৰ শিল : দিবাকৰ ৰেণু

মানুহবোৰ শিল
মানুহবোৰ পাহাৰ
আৰু মাটিৰ গুড়ি
মাটিৰ গুড়িত মানুহৰ তেজ মাটিৰে সাজিব পাৰি প্ৰতিমা 
প্ৰতিমাই পূজা লয়
শিলে পূজা লয়,
শিল ৰঙা হয়,শিলে গাখীৰত গা ধুৱে মানুহ বোৰৰ দৰে।
.
মানুহবোৰ শিল
মানুহবোৰ পাহাৰ
আৰু মাটিৰ গুড়ি।
.
আপুনি এটি শিল আছিল
হাঁহি থকা,নাচি থকা,কান্দি থকা 
প্ৰজনন কৰিব পৰা শিল। 
.
এটা শিল দৰা হ'লে আপুনি কইনা শিল বিয়াগীতবোৰ শিল
ৰভাতলীৰ আবাসীবোৰ শিল 
ফুলশয্যাৰ অহৈতুক মৰমো শিল আপুনি যি চুৱে সেয়ে শিল 
আপুনি নিজক চুলে যাদুকৰী স্পৰ্শেৰে এতিয়া আপুনিও শিল।
শিলৰ ঠিকনা নাথাকে ?
কি পাহাৰ,কি নৈ,কি আকাশ কি বতাহ সকলোতে কেৱল শিল আৰু শিল সিদিনা আঁউসীৰ নিশা শিলাবৃষ্টিত কৃষ্ণহৈ আপুনিয়ে পলাইছিল, যমুনা পাৰহৈ আপুনি এটা শিলত নিজৰ নাম লিখিছিল,সি আজি বুৰঞ্জী সেয়ে ক'ব পাৰি মানুহবোৰ শিল

বিষাদ মালিতা : মিনুৰেখা গগৈ

বৰ্ণহীন বিষাদত ডুবি
সতেজ দুপৰীয়া এটাই
নিস্তেজ আবেলি হোৱাৰ দুখত
হিয়া ঢাকুৰি কান্দিছিল !
কান্দোনবোৰ পাহাৰটোত ঠেকা খাই
প্ৰতিধ্বনিত হৈ ঘূৰি আহিছিল
নিজৰেই বুকুলৈ
চপৰা চপৰে খহিছিল
মেঘ
ডাৱৰ আৰু বিজুলীৰ
যুদ্ধখন শেষ পৰ্যায়ত
অমীমাংসিত হৈ ৰৈছিল
চতিয়না গছৰ দৰে সপোনবোৰ
মুগালেটাৰ বাঁহ এটাত ভৰাই
জীৱনৰ ৰংবোৰ অনিচ্ছাস্বত্বেও
কবৰ দিছিল
বৰ্তমানৰ বালিচৰত
কেইদিনমান আগতে জ্বলা
শ্মশানৰ জুইকুৰা
তাইৰ বুকুতেই আকৌ জ্বলিছিল
দীঘল হৈ পৰা একাকী ৰাতিবোৰে
বুকুৰ মাজত যন্ত্ৰণাৰ দলিল লিখিছিল
কেনেকৈ উলাই কৰিব পাৰি
দিন মাহ ঋতুৰ আহ্বান
তথাপিতো তাই
আছুতীয়া পথ এটাৰ পথিক হ'ল
যৌতুকীয়া হাঁহিটো
সমাধিস্থ কৰি লৈ
চৌপাশে গঢ়ি উঠা
অৱজ্ঞাৰ পাহাৰ এখনত
তাই বাট বুলিবলৈ আৰম্ভ কৰিছিল
দিগন্তৰ সীমা বিচাৰি
জীয়াই থকাৰ তাড়নাত ।

মই এটি মাছ নহয় মই এটি চৰাই :- ভাৰ্গৱ জ্যোতি বৰা

হঠাৎ পোহৰবোৰ আন্ধাৰ হৈ গ'ল
চাৰিফালৰ চাৰিখন দুৱাৰ তক্তাৰে গঁজাল মাৰি দিয়া হ'ল !
.
মই এটি মাছ নহয় মই এটা চৰাই...
চহৰখন গৈ গৈ য'ত শেষ হৈছিল
তাতে আকাশখনো শেষ হৈছিল
আৰু তেতিয়া আমি কাৰ্ফিউ লগা চহৰৰ দুৰ্গন্ধময় গলিবোৰত ঘূৰি ফুৰিছিলো
.
তড়িৎ গতিৰে ছোৱালী এজনী কাৰ্ফিউ লগা ৰাস্তাবোৰেৰে পাৰ হৈ গৈছিল
তাইৰ গাত গুলী নলগালৈকে 
বনগীত এফাঁকি শুনি আছিলো
"চহৰৰ কাৰ্ফিউ লাগি 
মই এটি মাছ নহয় মই এটি চৰাই "
মই এটা মাছ নহয় মই এটি চৰাই
নহয় নহয় নহয়

টোৰা :- সংগীতা মেধি

সোঁ সোঁৱাই বলা ধুমুহাজাকত
ইমান বেদনা নাছিল
.
যিমান অশ্ৰু বাগিছাৰ ৰিৱৰিৱ মলয়াজাকত ভাহিছিল৷
.
ধুমুহাজাকে খোপনি
পুতিবলৈ শিকাইছিল
আৰু সুঘ্ৰান মলয়াই
কেৱল বিলাস কৰিবলৈ…
.
ধুমুহাজাক নহা হ'লে
পৰিপক্কতাৰ দ্বাৰ
মুকলি নহ'লহেঁতেন৷
ধুমুহাজাকেই মানুহ
হ'বলৈ শিকালে৷
.
পীতাম্বৰী ভুলবোৰ
বিধ্বংসী বতাহজাকে
সৰুৱাই নেপেলোৱা হ'লে
শ্যামলী শুধৰণিৰ কুঁহিপাতে
ক'তনো সৰিকা জিলিকালেহেঁতেন!!
.
(টোৰা- ধান কটাৰ পিছত মুঢ়াৰ পৰা আকৌ ওলোৱা দুটা-এটা পোখা)

কবিতা :- ধনঞ্জয় সিন্হা

বসুধাৰ গৰ্ভত থাকে
অফুৰণ চকুপানী
ই কদাপি নুশুকায়
নীল নভৰ বুকুত থাকে
অশেষ জলজ
যাৰে বসুধা হয় সিক্ত সদা
আমাৰ অক্ষিপটতো থাকে
অত চকুলোৰ সম্ৰাজ
যি লোতকেৰে হৈ থাকে
বিধৌত, বিগলিত প্ৰতিনিয়ত
আমাৰ এই মৰুভূ হৃদয়খনি...!

ভাষ্কৰ্য্য :- লোচন কৌশিক

নদী বৈ আছে
বতাহ বলি আছে
ৰাতি
দিন
দিন
ৰাতি
নিজৰ গতিত সময় আগুৱাই আছে
জয়-পৰাজয়
আশা-হতাশা
ক্লেশ-কুন্ঠা
সহস্ৰ সংজ্ঞাবোৰত জীৱন বিভক্তিত
সেই হৃদয় দাপোনৰ ভগ্নাৱশেষত
এতিয়াও তেনেকৈয়ে থিয় হৈ আছে
অদ্বৈত
অনুপম কোনো ৰূপ
অক্ষয় সেই ভাষ্কৰ্য্য
সেই ঐশ্বৰ্য্য
সুক্ষ্ম সংবেদনা অনুভূতিময়…!!!

এদিন যেতিয়া সঁচাকৈয়ে হেৰাই যাম :- মেঘালী দিহিঙীয়া

এদিন যেতিয়া সঁচাকৈয়ে হেৰাই যাম,
ক'ত বিচাৰিবা তুমি মোক?
বতাহৰ কোলাত, নে
শিলবোৰৰ ফাঁকত?
.
বতাহে জানো পূৰাব পাৰিব
তোমাৰ বাসনা?
শিলে জানো দিব পাৰিব
মোৰ ঠিকনা?
.
আৰু যেতিয়া
আকাশৰ সমস্ত ভূগোল আঁজুৰিও
তুমি মোক বিচাৰি নাপাবা,
(চাগে) মৰিবলৈ ধৰা আবেলিটোৰ গাত বাগৰি
তোমাৰ উচুপনিবোৰ সামৰাৰ
বৃথা প্ৰয়াস কৰিবা৷
মোক বিচাৰি নোপোৱাৰ যাতনাত
তুমি তচনচ হৈ পৰিবা
অথচ,
তুমি কি বুজিবা
হেৰাই যোৱাৰ যন্ত্ৰণা…
.
এদিন যেতিয়া সঁচাকৈয়ে হেৰাই যাম,
তুমি কি কৰিবা?
শিলবোৰক পূজিবা, নে
সপোনবোৰক শিল সাজিবা?
.
হয়তো,
অনিশ্চয়তাৰ ভঁৰালত বন্ধকীত থাকিব
তোমাৰ সমস্ত কবিতা,
উশাহৰ চপলতা,
ৰাতিৰ আন্ধাৰ…
স্তব্ধ হৈ পৰিব সপোনৰ অগাদেৱা ৷
(আন্ধাৰ মানেইতো সপোনৰ আখৰা)
.
যিদিনা সঁচাকৈয়ে হেৰাই যাম
তোমাৰ চকুৰ দুপাৰত সিদিনা
স্মৃতিয়ে খেপিয়াব
বিমূৰ্ত মোক,
সেয়া হ’ব শূন্যতাৰ কছৰৎ
.
অথচ,
মই হেৰাই যাম
তোমাৰ উশাহত হেৰাই যাব নোৱাৰাৰ
যাতনা এসোপা লৈ
এদিন যে মই সঁচাকৈয়ে হেৰাই যাম…