কথোপকথন
ৰ’দৰ চোলাত দুকুৰি দহটাতকৈয়ো বেছি টাপলি
চুলিৰ মেঘত সময় বিজুলীৰ বোল !
বতাহ-বৰষুণে দৌৰাইছে জৰৌৰৌৱা পঁজালৈ
সময় হে পাৰ হৈ যায় তেনেকৈ উভটি নোচোৱাকৈ।
চুলিৰ মেঘত সময় বিজুলীৰ বোল !
বতাহ-বৰষুণে দৌৰাইছে জৰৌৰৌৱা পঁজালৈ
সময় হে পাৰ হৈ যায় তেনেকৈ উভটি নোচোৱাকৈ।
নৈয়েহে অতীত পাহৰে, দুপাৰৰ বিননি কাণতে নপৰে !
ঠেহ পাতি ৰোহঘৰত
সোমাবলৈ
পথ আৰু বাকী নাই
নিশাহৰ শব্দ শুনিবলৈকেহে শেষ উশাহে
উনাই আছে কাণ
মিছাতে ধানকে বুলিছা পতান
পথ আৰু বাকী নাই
নিশাহৰ শব্দ শুনিবলৈকেহে শেষ উশাহে
উনাই আছে কাণ
মিছাতে ধানকে বুলিছা পতান
মেঘে বৰষুণক মাতে
নে বৰষুণে মেঘক ?
প্রশ্ন কৰিলে
উত্তৰ শুনিবলৈকো ৰ’ব লাগে
বৰষুণ মেঘৰে নামান্তৰ মাথোন তুমি পাহৰিলা চাগে!
বৰষুণ মেঘৰে নামান্তৰ মাথোন তুমি পাহৰিলা চাগে!
কবি:-
ණ ৰৌচন আৰা বেগম ।
No comments:
Post a Comment