Friday, 17 March 2017

এজন নাৱিকৰ কথাৰে ණ লোচন কৌশিক



এজন নাৱিকৰ কথাৰে

সৌ তাত, ' তাতেই পুতি থোৱা হৈছিল
আধামৰা নাৱিক জনৰ শৰীৰটো
ভুল সি কৰা নাছিল
গোপনে অভিসাৰত লিপ্ত হৈছিল সাগৰৰ সৈতে
সাগৰেও বুকু খুলি ওফন্দি উঠিছিল মাজনিশা
মানুহবোৰো তাতেই আছিল
বালিৰ কায়াত শিলেৰে মোক্ষম আঘাত সানি
তেজবোৰ বৈ যায়, বৈ যায় তেজবোৰ
বিৰহত বাউলি হয় সামুদ্ৰিক ধুমুহা এজাক
মাথোঁ বন্দৰে জানে
আৰু নাৱিকে জানে
সাগৰৰ বুকুত সাঁতুৰি সাঁতুৰি
পান কৰি অহা নিমখীয়া ওঁঠৰ গোপনীয়তাবোৰ
সাগৰেও নাৱিকৰ বুকুত আঁকি দিছিল
কথাত মগন ঢৌৰ দুটি ওঁঠ
কোন কবিয়ে জানো কৈছিল
সাগৰীয় মাছৰ ওঁঠত গজি উঠিল গোলাপ
দিয়া খুলি পিঞ্জৰা
দিয়া খুলি পিঞ্জৰা
নাৱিকেও সাগৰক উদ্দেশ্যি ক'লে
উৰিব বিচৰা ডেউকাবোৰে গভীৰতা বিচাৰিছে
দিয়া খুলি পিঞ্জৰা
দিয়া খুলি পিঞ্জৰা
এই গভীৰতা
এই নিস্তব্ধতা
আকাশে চুমি যোৱা বুকুৰ ধপধপনিবোৰ
আৰু মই
আৰু মই
উন্মাদ উৰ্মিমালাবোৰত বাজি উঠে প্ৰাচীন কণ্ঠস্বৰ
জন্মৰ বাট ভটিয়াই-ভটিয়াই ভ্ৰুণবোৰ কিদৰে মানুহ হয়
তেতিয়া সি ভূমিষ্ঠ হোৱা দিনৰ দৰেই কান্দিছিল
তীৰ ওচৰ চাপি আহিছিল
নাৱিকে শেষ বাৰৰ বাবে জাপ দিলে সাগৰৰ বুকুত
তেতিয়াই উজাগৰে থকা জোনাকে আওৰাইছিল
সাগৰক লৈ নাৱিকৰ প্ৰতিটো অহংকাৰৰ কাব্য
তোমাৰ নিমখ নিমখ দুবাহুত মোৰ আধা জীৱন উপহাৰ
তীৰত গৈ এই জাহাজৰ গতি শূণ্য হ'
আৰু সিপাৰে তোমাৰ বুকুত আঘাত সানি
বাটৰ মাজ-মজিয়াত
ঘোষণা হ'ব মিছা জিহাদ-মিছা বিপ্লৱৰ
জিহাদ আৰু বিপ্লৱৰ মিচিলত
ডুব যাব এটা সাগৰ
মৃত্যু হ'ব এজন নাৱিকৰ
কোনে জানো কৈছিল
মোক কাফিৰ নকবা
মই জিহাদৰ ইতিহাস আওৰাওঁ
আধামৰা এজন নাৱিকৰ শৰীৰ তীৰত
চেতনা আৰু অচেতনতাৰ মাজত ওপঙিছিল
মাজে মাজে আলিগংন বিচাৰি অহা সাগৰৰ ঢৌবোৰ
বাউলি হৈছিল মাঝীৰ গান শুনি
কোন কবিয়ে জানো কৈছিল
তোমাৰ ভালপোৱাৰ আলিংগনত
মোৰ ওঁঠত গজি উঠে ইৰাণী গোলাপৰ পাহী
মানুহবোৰে তাতেই আছিল
সিহঁতে আজিও গায় নাৱিকৰ শেষ ইচ্ছা
পুতি থোৱা হওক এই আধা জীৱন
সাগৰৰ নিমখ নিমখ দুবাহুত
প্ৰতিটো জিহাদ প্ৰতিটো বিপ্লৱৰ ওঁঠত
গজি উঠক ইৰানী গোলাপৰ পাহীবোৰ………!!!!
কবি:-
লোচন কৌশিক

No comments:

Post a Comment