Saturday, 25 March 2017

শৰাইঘাট সেতু ණ লীনা হাজৰিকা



শৰাইঘাট সেতু

দিনে নিশাই
শৰীৰৰ ওপৰত
অমানুষিক বৰ্বৰোচিত অত্যাচাৰ
টন টন ওজনৰ যন্ত্ৰণা
দুঃখাত ব্যথা ।
স্বাধীনতাৰ প্ৰাণ
প্ৰথম সেতু
বিশ্বায়ণৰ হাতোৰাত আয়ুস টুটিছে
লানি নিচিগা মটৰ গাড়ীৰ সোঁত
ধূলি -ধোৱাঁৰ পৈশাচিক হাঁহি
কিমান বচালো দিগভ্ৰান্তক !
চুইচাইদ পইন্ট
নহব, নিদিও অনুমতি
কেতিয়াবা মাজনিশা অমানিশা
আপোন ঘাটিৰ উচুপনি শুনো !
আন কেতিয়াবা
তিল তিল পীড়িতৰ আত্মাৰ জীৱনৰ শেষ প্ৰান্তৰৰ
বিকট চিঞৰৰ প্ৰতিধ্বনি
আঘাত হৈ নৈৰ বুকুত খুন্দা মাৰে
নিতাল মাৰে খন্তেকৰ বাবে
চিৰিং কৈ মাৰে শৰাইঘাটৰ বুকুখন
অসমীয়া সোণালী বুৰঞ্জীখনৰ পৃষ্ঠাবোৰ কিন্তু আজিও
গৌৰৱোজ্জ্বল ঢল হৈ নিৰবিচ্ছিন্ন ভাবে বৈ আছে
সময়ে সময়ে স্ফুলিঙ্গ হয়
শৰাইঘাটৰ বীৰত্বৰ তৰোৱালৰ জন্ জননি!
মন যায় কেতিয়াবা লণ্ড-ভণ্ড কৰি
নিজে নিঃশেষ হৈ যাবলৈ ,কিন্তু
বীৰ লাচিত যে শৰাই ঘাট
অতিক্ৰম কৰি যুঁজলৈ যায় ।
কবি:-
লীনা হাজৰিকা

No comments:

Post a Comment