Showing posts with label 'সন্ধান' শিতান. Show all posts
Showing posts with label 'সন্ধান' শিতান. Show all posts

Tuesday, 13 September 2016

~সাহিত্যৰ ন'বেল বঁটা ১৯১৩ চন : বঁটা প্ৰদান অনুষ্ঠানত চেয়াৰমেনৰ বক্তৃতা: বঁটা প্ৰাপক ৰবীন্দ্ৰনাথ ঠাকুৰ~

আখৰুৱা: literati - 'সন্ধান' (১৮) : চেপ্টেম্বৰ, ২০১৬
~সাহিত্যৰ ন'বেল বঁটা ১৯১৩ চন : বঁটা প্ৰদান অনুষ্ঠানত চেয়াৰমেনৰ বক্তৃতা:
বঁটা প্ৰাপক ৰবীন্দ্ৰনাথ ঠাকুৰ~
'সন্ধান' শিতানত সাধাৰণতে কবিতাৰ অনুবাদ প্ৰকাশ কৰা হয় যদিও, কবিতাৰ বা সাহিত্যৰ বহল ক্ষেত্ৰখনৰ বিষয়ে কিছু জনাৰ আগ্ৰহেৰে এই অনুবাদ প্ৰকাশ কৰা হৈছে।
সাহিত্যৰ ন'বেল বঁটা, বিশ্বৰ অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় বঁটা। নিজে কৰা 'গীতাঞ্জলি' গ্রন্থখনৰ ইংৰাজী অনুবাদৰ বাবে কবি ৰবীন্দ্র নাথ ঠাকুৰ এই বঁটাৰে সন্মানিত হয়। সেইদিনা 'চুইদিচ ন'বেল অ'কাডেমী'ৰ চেয়াৰমেন, হেৰল্ড জ্যাৰ্ণেয়ে এই বঁটা সম্বন্ধে অ'কাডেমীৰ দৃষ্টিভংগী আৰু বঁটাপ্ৰাপকৰ সৃষ্টিৰাজিৰো এটি সাৰগর্ভ, চমু ব্যাখ্যা আগবঢ়ায়।
আগ্ৰহী সকলৰ বহুতে সেই ভাষণৰে ইংৰাজী ৰূপ পঢ়িছে যদিও, সেই বক্তৃতাৰ সাৰবস্তু আমাৰ মাতৃভাষাতো উপলব্ধি কৰিব পৰাকৈ, তাৰ অসমীয়া অনুবাদ 'সন্ধান' শিতানত আগবঢ়োৱাৰ কথা ভবা হৈছিল। এই ধাৰণাটো আমাৰ মনলৈ আহিছিল আখৰুৱাৰ সদস্য, কবি নিশাংক মিলনৰ 'কবিৰ মনৰ কথা'ত তেওঁ এই বিষয়ে কোৱা কথা এষাৰৰ পৰা। তেতিয়াৰে পৰা এনে বিষয়ৰ অনুবাদ কৰাৰ কথা আমি চিন্তা কৰি আছিলো আৰু অৱশেষত আখৰুৱাৰ সক্ৰিয় সদস্য কবি, দেৱিকা দত্তৰ সৈতে আমি যোগাযোগ কৰোঁ। তেওঁ আমাৰ প্ৰস্তাৱ আগ্ৰহেৰে গ্ৰহণ কৰে আৰু নিৰ্দিষ্ট ভাষণটো খুব কম সময়ৰ ভিতৰত অনুবাদ কৰি আমালৈ পঠিয়ায়। দেৱিকা দত্তক আমি তাৰ বাবে আখৰুৱাৰ 'সন্ধান' শিতানৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।
আশা কৰোঁ, আজিৰ এই প্ৰয়াসে গোটৰ সদস্যক কিছু পৰিমাণে হ'লেও উপকৃত কৰিব।
ধন্যবাদ,
মালবিকা বৰা
ব্যৱস্থাপক,
আখৰুৱা : সন্ধান শিতান।
৩ চেপ্টেম্বৰ, ২০১৬
_______________________________________________
সাহিত্যৰ ন'বেল বঁটা - ডিচেম্বৰ ১০, ১৯১৩
ৰবীন্দ্ৰনাথ ঠাকুৰক বঁটা প্ৰদান কৰা অনুষ্ঠানৰ বক্তৃতা
বক্তা : হেৰল্ড জ্যাৰ্ণে
চেয়াৰমেন , চুইদিজ ন'বেল অ'কাডেমী
~ অসমীয়া অনুবাদ: দেৱিকা দত্ত
সদস্য, আখৰুৱা : literati
এংলো ইণ্ডিয়ান কবি ৰবীন্দ্ৰনাথ ঠাকুৰলৈ ন'বেল বঁটা প্ৰদান কৰি অ'কাডেমী নথৈ আনন্দিত হৈছে। তেওঁ এমুঠি আদৰ্শবাদী কবিতা লিখি, আলফ্ৰেড ন'বেলে তেওঁৰ ইচ্ছাপত্ৰত উল্লেখ কৰা ধৰণে সাহিত্যৰ গুণগত মান ৰক্ষা কৰিছে। বিস্তৃত আৰু সূক্ষ্ম পৰ্য্যালোচনাৰ পিছত অ'কাডেমীয়ে এইটো সিদ্ধান্তলৈ আহিছে যে যিহেতু কবিগৰাকীয়ে তেওঁৰ কবিতাত আশা কৰা ধৰণৰ মান বজাই ৰাখিছে, সেয়ে তেখেতক বঁটা প্ৰদান কৰাত কোনো অসুবিধা নাই। কবিগৰাকীৰ জন্মভূমি ইউৰোপৰ পৰা বহুদূৰ হোৱা সত্বেও আৰু তুলনামূলকভাবে তেওঁ ইউৰোপত পৰিচিত নহ'লেও, উচ্চখাপৰ কবিতাৰ স্ৰষ্টা হিচাপে তেওঁক বঁটা প্ৰদান কৰাত কোনো বাধা নাই। এই সন্দৰ্ভত অ'কাডেমীৰ প্ৰতিষ্ঠাপকে তেওঁৰ ইচ্ছাপত্ৰত কৈ গৈছে যে কবি এগৰাকীক বঁটা প্ৰদান কৰোতে ৰাষ্ট্ৰীয়তাৰ বিচাৰ কৰিব নালাগে।
ঠাকুৰৰ গীতাঞ্জলি (১৯১২), আধ্যাত্মিক কবিতাৰ এক সংকলন, যিয়ে মুহূৰ্ততে নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিছিল । দেশীয় ভাষাত শিক্ষা লাভ কৰা কবিজনে কবিতাবোৰক এক নতুন আংগিক আৰু বেশভূষা প্ৰদান কৰাৰ পিছত এই সংকলনখন অনুবাদৰ জৰিয়তে ইংৰাজী সাহিত্যৰ অন্তৰ্ভুক্ত হৈছে। সেয়ে ইংলেণ্ড আৰু আমেৰিকাকে ধৰি সমগ্ৰ পশ্চিমীয়া জগতে কবিতাখিনিক আদৰেৰে গ্ৰহণ কৰিছে। এই দেশবোৰৰ পাঠকৰ কাৰণে ন'বেল বঁটাৰ বিশেষ গুৰুত্ব আছে। বাংলা কবিতা, ভাৰতীয় সাহিত্যৰ ধাৰা আৰু ধৰ্মৰ বিষয়ে অবগত নোহোৱাকৈও পাঠকসকলে এই নতুন কবি প্ৰতিভাক আদৰি লৈছে। এই কবিতাবোৰ সৃষ্টি হোৱা দেশখনৰ, ৰাণী এলিজাবেথৰ দিনৰ পৰাই বৃটিছ সাম্ৰাজ্যবাদৰ লগত সম্বন্ধ আছে। কবিগৰাকীৰ এই কবিতাখিনিৰ বৈশিষ্ট্য হ'ল যে এইবোৰত কবিৰ মৌলিকতা আৰু ধাৰ কৰা উপাদানবোৰৰ সুন্দৰ মিশ্ৰণ ঘটিছে। তেওঁৰ লয়যুক্ত কবিতাবোৰ ইংৰাজ সমালোচকসকলৰ ভাষাত নাৰীসুলভ কমনীয়তা আৰু গদ্যৰ পৌৰুষদীপ্ত গাম্ভীৰ্য্যৰ অপূৰ্ব মিলন। তেওঁৰ সাৰল্য বহুতোৰে ভাষাত ক্লাছিক, চমুকৈ ক'বলৈ গ'লে সেই বৈশিষ্ট্যবোৰে সংকলনটোৰ মৌলিকতা প্ৰমাণ কৰে, কিন্তু আন ভাষাত অনুবাদ আৰু প্ৰকাশ কৰিবলৈ সিমানেই কঠিন।
একে কথাই প্ৰযোজ্য দ্বিতীয় পৰ্য্যায়ৰ কবিতাখিনিৰ ক্ষেত্ৰতো। এই সংকলনটোৰ নাম হ'ল, "The Gardener, Lyrics of Love and Life" (1913) .. কবিৰ ভাষাত ক'বলৈ গ'লে এই কবিতাবোৰত আগৰ প্ৰেৰণাখিনি ব্যাখ্যা কৰাতকৈ তেওঁ চৰিত্ৰলোকনহে কৰিছে। ইয়াত আমি তেওঁৰ ব্যক্তিত্বৰ আন এটা দিশ দেখা পাওঁ, য'ত যৌৱনসুলভ প্ৰেমৰ কষ্টদায়ক অভিজ্ঞতা, হেঁপাহ আৰু আনন্দ আৰু সৌভাগ্যৰ পৰিবৰ্তনৰ প্ৰতিফলন ঘটিছে। নিঃসন্দেহে এই কবিতাবোৰ এক উচ্চস্তৰৰ জগতৰ সৈতে সাঙোৰ খাই পৰিছে।
ঠাকুৰৰ গল্পসমূহৰ ইংৰাজী অনুবাদ "Glimpses of Bengal Life"(1913) নামেৰে প্ৰকাশ হৈছে। বেলেগৰ হাতেৰে অনুবাদ কৰা কাৰণে এই গল্পবোৰত তেওঁৰ পৰশ কম যদিও বিষয়বস্তুবোৰে তেওঁৰ পৰিপক্কতা, সূক্ষ্ম আৰু বিশদ নিৰীক্ষণ আৰু ভিন ভিন নৰ-নাৰীৰ চৰিত্ৰবোৰৰ প্ৰতি তেওঁৰ সহানুভূতি আৰু লগতে প্লট সৃষ্টিৰ পাৰদৰ্শিতা সুন্দৰকৈ পৰিস্ফুট হৈছে।
১৯১৩ চনত ঠাকুৰে তেওঁৰ শৈশৱ আৰু ঘৰুৱা জীৱনৰ বিভিন্ন ঘটনা প্ৰতীকৰ মাধ্যমেৰে "The Crescent Moon" নামৰ সংকলনখনত বৰ্ণনা কৰিছে। আমেৰিকা আৰু ইংলেণ্ডৰ বিশ্ববিদ্যালয়ত প্ৰদান কৰা বক্তৃতালানিৰে "The Realisation of Life"(1913) নামৰ আন এখন কিতাপ প্ৰকাশ কৰে। তেওঁৰ কাৰণে এইখন কিতাপ সাধনাৰ দৰে বুলি তেওঁ উল্লেখ কৰিছে। এই কিতাপখনত তেওঁ কেনেদৰে মানুহে বিশ্বাসৰ জৰিয়তে জীয়াই থাকিব পাৰে তাৰ সাৱলীল বৰ্ণনা দিছে। তেওঁ বিশ্বাস আৰু চিন্তাৰ মাজত এক সংযোগ বিচাৰি পাইছিল আৰু সেয়ে তেওঁ এনে এজন কবি যাৰ কবিতাত স্পন্দিত হৈছে চহকী ভাব, ভাবৰ গভীৰতা আৰু সৰ্বোপৰি তেওঁৰ অনুভৱৰ উত্তাপ আৰু অলংকাৰপূৰ্ণ ভাষা। কল্পনাৰ সাহিত্যত ভাব আৰু বৰ্ণৰ গাম্ভীৰ্য্যপূৰ্ণ উপস্থিতি, অসীমলৈ ঢাপলি মেলিবলৈ আত্মাৰ দুৰ্বাৰ হেঁপাহৰ অপূৰ্ব প্ৰকাশ কাচিতহে বিচাৰি পোৱা যায়। একে সময়তে ইয়াত লুকাই আছে খেলত মগন শিশুৰ সাৰল্য।
তেওঁৰ কবিতা পঢ়াৰ পিছত আমাৰ অনুভৱ হৈছে, এই কবিতাবোৰ শাশ্বতভাবে মানবীয়। আমি জানো যে কবিৰ উদ্দেশ্য দুটা সভ্যতাৰ দুটা স্তৰৰ মাজত মিলা-মিচা কৰা । এটা হৈছে খ্ৰীষ্টান মিছ্যনেৰীসকলৰ সমগ্ৰ বিশ্বত ধৰ্ম প্ৰচাৰৰ প্ৰচেষ্টা। অকল সুযোগ সন্ধানীসকলেহে ভবিষ্যতে ইয়াৰ আৱশ্যকতা আৰু প্ৰভাব সম্পৰ্কে আলোচনা কৰিব। খ্ৰীষ্টান মিশ্যনেৰীসকলে ধৰ্ম প্ৰচাৰৰ কাৰণে আৰম্ভ কৰা প্ৰচেষ্টাৰ পৰাই দেশীয় ভাষাৰ উত্তৰণৰ কাৰণে এক জাগৰণৰ সৃষ্টি হৈছিল। এই জাগৰণৰ মূলতঃ উদ্দেশ্য আছিল কৃত্ৰিমতাৰ পৰা উদ্ধাৰ কৰি কবিতাক জীৱন্ত আৰু স্বতঃস্ফুত কৰা। এক গভীৰ শক্তিৰ দৰে খ্ৰীষ্টান মিশ্যনেৰীসকলে দেশীয় ভাষাৰ বিকাশত সহায় কৰিছে। যদিও প্ৰথমতে ধৰ্ম প্ৰচাৰৰ কাৰণে বিভিন্ন পুস্তিকা দেশীয় ভাষাত প্ৰকাশ কৰা হৈছিল, কিন্তু লাহে লাহে অথচ নিয়মীয়াকৈ দেশীয় ভাষাবোৰত সাহিত্যৰ চৰ্চা আৰম্ভ হ'ল। অৱশ্যে দেশীয় ভাষাবোৰৰ প্ৰাচীন ভাৰতীয় ভাষাটোৰ লগত খকাখুন্দা নলগাও নহয়। সি যিয়েই নহওক, খ্ৰীষ্টান মিছ্যনেৰীসকলে আত্মত্যাগৰ মনোভাবেৰে এই ভাষাবোৰৰ বিকাশত অশেষ অৰিহণা যোগাইছে।
Carey নামৰ মিশ্যনেৰী প্ৰৱৰ্তকজনে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ আৰু দেশীয় ভাষাৰ প্ৰসাৰৰ কাৰণে কঠোৰ শ্ৰম কৰা এই বংগতেই, ১৮৬১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল।তেওঁ আছিল বৌদ্ধিক, সামৰ্থৱান পৰিয়াল এটাৰ সদস্য। তেওঁৰ চৌপাশে প্ৰাচীনতা বিৰাজমান আছিল। আন অৰ্থত ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত পূৰ্বপুৰুষৰ দিনৰ পৰাই এক কলাসন্মত, সংস্কৃত পৰিবেশৰ প্ৰচ্ছায়া আছিল। পৰিয়ালত ধৰ্মীয় ৰীতি-নীতিৰ কাৰণে বিভিন্ন শাস্ত্ৰৰ আলোচনা চলিছিল। তেওঁৰ চৌপাশে ইতিমধ্যে চিপাহী বিদ্ৰোহৰ পিছত আৰম্ভ হোৱা নতুন সাহিত্যৰ সত্বা আৰু জোৱাৰৰ সমাবেশ হৈছিল, য'ত চৰকাৰৰো অৰিহণা আছিল।
ৰবীন্দ্ৰনাথৰ দেউতাকো এক আধ্যাত্মিক অনুষ্ঠানৰ সম্ভ্ৰান্ত সদস্য আছিল। সেয়া হ'ল ব্ৰাহ্মসমাজ, য'ত পুৰাতন হিন্দু ধৰ্মৰলেখীয়া প্ৰাৰ্থনা আৰু পূজা-পাতল অনুষ্ঠিত নহৈছিল। ব্ৰাহ্মসমাজ, আচলতে উনৈশ শতিকাৰ এজন মনীষীয়ে প্ৰতিষ্ঠা কৰিছিল- যি খ্ৰীষ্টান ধৰ্মৰ দ্বাৰা যথেষ্ট প্ৰভাৱান্বিত হৈছিল। ইতিমধ্যে বহুতো ভাগত বিভক্ত হোৱা হিন্দু ধৰ্মলৈ তেওঁ কিছুমান শাশ্বত উপাদান লৈ আহিছিল। শিক্ষা আৰু সাহিত্যৰ নতুন যাত্ৰাত এইদৰে ব্ৰাহ্ম সমাজে যথেষ্ট অৱদান আগবঢ়াইছিল। নিজৰ মেধা আৰু প্ৰতিভাৰে ৰবীন্দ্ৰনাথ ঠাকুৰে অতি সোনকালে মানুহৰ আগত গুৰু-শিষ্যৰ এক সুন্দৰ পৰম্পৰা আৰম্ভ কৰিছিল, যিয়ে ধৰ্মীয় আৰু সাহিত্য উভয় ক্ষেত্ৰতেই সুন্দৰ প্ৰভাৱ পেলাইছিল।
কেইবাবাৰো বিদেশ ভ্ৰমণ, লণ্ডনত গ্ৰহণ কৰা উচ্চ শিক্ষা আদিৰ জৰিয়তে ঠাকুৰে ইউৰোপীয়ান আৰু ভাৰতীয় সংস্কৃতিৰ যথেষ্ট জ্ঞান আহৰণ কৰিছিল। যৌৱন কালত তেওঁ দেউতাকৰ সৈতে হিমালয় পৰ্য্যন্ত সমগ্ৰ ভাৰততেই ভ্ৰমণ কৰিছিল। বাংলাত লিখা আৰম্ভ কৰোতে তেওঁৰ বয়স যথেষ্ট কম আছিল। গদ্য, কবিতা, গীত আৰু নাটক- এই সকলোবোৰৰ ওপৰত তেওঁৰ অগাধ দখল আছিল। নিজৰ দেশৰ জনগণৰ জীৱনৰ বৰ্ণনাৰ উপৰিও তেওঁ সমালোচনা, দৰ্শন আৰু সমাজতত্বতো মনোনিবেশ কৰিছিল। ইয়াৰ মাজতে তেওঁ পবিত্ৰ গঙ্গানদীৰ সূঁতি এটাত বহুদিন নাৱৰ ওপৰত সন্ন্যাসীৰ জীৱন যাপন কৰিছিল। সেইখিনি সময়ত তেওঁ কোনো সাহিত্য সৃষ্টি কৰা নাছিল। যেতিয়া পুনৰ তেওঁ সাধাৰণ জীৱনলৈ উভতি আহিছিল মানুহে তেওঁক প্ৰজ্ঞাৰ আঁকৰ হিচাপে আদৰি লৈছিল। পশ্চিমবংগত তেওঁ যি প্ৰকৃতিৰ কোলাত বিদ্যালয় স্থাপন কৰিলে, তাৰ পিছৰ পৰা তেওঁৰ অনুগামী অগণন যুবক-যুবতীয়ে তেওঁৰ শিক্ষাতত্বক সমগ্ৰ দেশতেই প্ৰচাৰ আৰু ব্যৱহাৰিকভাবে প্ৰয়োগ কৰা কামত ব্ৰতী হৈছে। এতিয়া এই শান্তিনিকেতনতেই তেওঁ অবসৰৰ দিন কটাইছে। ইয়াৰ আগতে যোৱা বছৰ ইংলেণ্ড আৰু আমেৰিকাৰ সাহিত্য সমাজত তেওঁ অতিথি ৰূপে অংশগ্ৰহণ কৰিছিল। যোৱা ১৯১৩ চনৰ গ্ৰীষ্ম ঋতুত পেৰিছত অনুষ্ঠিত হোৱা Religious History Congressতো তেওঁ অংশগ্ৰহণ কৰি আহিছে।
য'তেই ৰবীন্দ্ৰনাথ ঠাকুৰে, তেওঁ আগবঢ়োৱা জ্ঞান আহৰণ কৰিবলৈ ৰৈ থকা মুক্ত মনৰ মানুহক লগ পাইছে, তেওঁলোকক প্ৰগাঢ়তাৰে আদৰণি জনাইছে। প্ৰাচ্যত থূপ খাই থকা বিশাল ঐশ্চৰ্য্যৰ তেওঁ হ'ল ধ্বজাবাহক। তেওঁ নিজেই যোগসূত্ৰ হিচাপে ভূমিকা পালন কৰিছে, যাতে জন্মৰ পৰাই তেওঁ অৰ্জন কৰা সকলোবোৰ আনক দিব পাৰে। তেওঁ মানুহৰ আগত কোনো প্ৰতিভা বা উদ্ভাবনকাৰী হিচাপে যশস্যা ল'বলৈ অকণো আগ্ৰহী নহয়। পাশ্চাত্যৰ নগৰকেন্দ্ৰিক জীৱন, যি অহৰহ অধৈৰ্য্য আৰু বস্তুবাদী সত্বাবোৰক লালন-পালন কৰে আৰু লাভ অৰ্জনৰ কাৰণে প্ৰকৃতিক জয় কৰাৰ মানসিকতা- এই দুয়োবিধৰ বিপৰীতে ঠাকুৰে কৈছে, "আমি ইচ্ছা নকৰা আৰু অচিনাকী বস্তুবোৰৰ পৰা নিজে বিচৰাবোৰ আহৰণ কৰিব লাগিব", (সাধনা, ৫)। সেই সকলোবোৰ খৰধৰৰ বিপৰীতে তেওঁ আমাৰ আগত ভাৰতৰ বিশাল, শান্তিপূৰ্ণ আৰু পবিত্ৰ অৰণ্যানিত পূৰ্ণতা আয়ত্ত কৰা সংস্কৃতি দাঙি ধৰিছে, যি সংস্কৃতিয়ে প্ৰকৃতিৰ সৈতে আত্মাৰ নিবিড়তাৰ ওপৰত গুৰুত্ব দিয়ে। ঠাকুৰে আমাক প্ৰতিশ্ৰুতি দিছে যে-
শান্তি আমাৰ কাৰণে ৰৈ আছে। ভবিষ্যত বাণী কৰিব পৰা গুণৰ যহত সমসাময়িক যুগলৈ আহিব পৰা বিপদৰ আভাসো তেওঁ দিছে। অৱশ্যে বজাৰত প্ৰাচ্য দৰ্শন বুলিলে যি আত্মাৰ যাত্ৰাৰ কথা কোৱা হয়, নিৰ্মোহ কৰ্মৰ কথা কোৱা হয়, তাৰ লগতে বিমূৰ্ত বাস্তৱৰ আলোচনা কৰা হয়, তেনে ধৰণৰ বিশ্বাসৰ বৰ্ণনাই অতীতৰ মনীষীসকলৰ গভীৰ আৰু সাৰগৰ্ভ মতবাদক নিজৰ বুলি দাবী কৰিব নোৱাৰে। বৈদিক শ্লোকসমূহ, উপনিষদ আৰু বুদ্ধৰ দৰ্শনৰ মাজতো তেওঁ অনিবাৰ্য্য সত্য বিচাৰি পাইছে। যদি তেওঁ প্ৰকৃতিত দৈবিকতা বিচাৰে, তেওঁ মহাশক্তিমান আৰু সৰ্বজনৰ সেই ঐশ্বৰিক এক জীৱন্ত ব্যক্তিত্বক বিচাৰি পায়, যাৰ আধ্যাত্মিক শক্তিয়ে সৰু-বৰ সকলোতে বিৰাজ কৰে, বিশেষতঃ মানুহৰ আত্মাত অসীম কাললৈ বিৰাজ কৰে। সেই নামহীন দৈবশক্তিৰ ওচৰত তেওঁ অৰ্পণ কৰা গানবোৰত প্ৰশস্তি, প্ৰাৰ্থনা আৰু অগাধ ভক্তি লুকাই আছে। সন্ন্যাসী আৰু আস্তিক সমাজে তেওঁ পোষণ কৰা আধ্যাত্মিক সাধনাৰ লগত অবগত নহয়, যাক হয়তো নান্দনিক ভক্তি বুলিও ক'ব পাৰি। তেওঁৰ সমগ্ৰ কবিতাত তাৰেই বৰ্ণনা আছে আৰু সেইখিনিয়ে তেওঁক প্ৰশান্তি প্ৰদান কৰে। ভাগৰুৱা আৰু প্ৰেমহীন আত্মাৰ কাৰণে , আনকি যীশুৰ সাম্ৰাজ্যৰ বাসিন্দাসকলৰ কাৰণেও তেওঁ সেই শান্তিৰ আৱশ্যকতা দাবী কৰিছে।
আমি যদি ইচ্ছা কৰো, ইয়াক ৰহস্যবাদ বুলিও ক'ব পাৰো, কিন্তু নিজৰ ব্যক্তিত্ব বাদ দি এক শূন্যতাত বিলীন হোৱা ৰহস্যবাদ নহয়। এয়া হ'ল সেই ৰহস্যবাদ য'ত আত্মাই নিজৰ সৰ্বগুণেৰে সৃষ্টি কৰা জীৱন্ত পিতৃক লগ পোৱাৰ আকুল ইচ্ছাৰ কথা কয়। এই কাৰণে ৰহস্যবাদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আগতেও ভাৰতবৰ্ষত অবিদিত নাছিল, অবশ্যে প্ৰাচীন কালৰ সন্ন্যাসী আৰু দাৰ্শনিকসকল অজ্ঞ আছিল, ভক্তিমাৰ্গৰ বিভিন্ন ভাগত ঈশ্বৰৰ প্ৰতি গভীৰ প্ৰেম আৰু বিশ্বাসৰ মাজত এই ৰহস্যবাদ অনুভব কৰা যায়। মধ্যযুগৰ পৰাই খ্ৰীষ্টান আৰু অন্য বিদেশী ধৰ্মৰ প্ৰচাৰত ভক্তি আন্দোলনে হিন্দু ধৰ্মত একেশ্বৰবাদী ধ্যান ধাৰণাৰে খোপনি পুতিছে। অৱশ্যে লাহে লাহে বহলভাবে বিয়পি পৰা বিভিন্ন মিশ্ৰিত ধৰ্মীয় পন্থাৰ কাৰণে এই উচ্চখাপৰ ভক্তিমাৰ্গ লাহে লাহে বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে। আনকি যদিও ঠাকুৰে নিজেও তেওঁৰ পূৰ্বৰ সংগীতজ্ঞসকলৰ পৰা দুই এটা সুৰ ধাৰ কৰিছে, কিন্তু তথাপিও তেওঁৰ সংগীতৰ ভেটিটো বেছি সবল কাৰণে তেওঁ জল আৰু স্থলৰ সীমাৰ বাহিৰৰ সকলো মানুহৰ কাৰণে শান্তিৰ বাণী বিলাই ফুৰিছে- যাতে সকলোৱে দায়িত্ব বহন কৰি শুভ চিন্তা বিয়পাব পাৰে। ঠাকুৰে চিন্তাকৰ্ষক চিত্ৰৰ মাজেৰে আত্মাক দেখুৱাইছে কেনেকৈ সকলো অস্থায়ী বস্তু মহা অসীমত বিলীন হৈছে।
"সময় অসীম, হে মহাপ্ৰভু, তোমাৰ মিনিটবোৰ গণিবলৈ কোনো নাই। দিন আৰু ৰাতিবোৰ পাৰ হৈ থাকে আৰু যুগবোৰ ফুলৰ দৰে ফুলে আৰু মৰহি যায়। তুমি জানা কেনেকৈ অপেক্ষা কৰিব লাগে। এপাহ বনৰীয়া ফুলৰ যত্ন লৈ শতিকাবোৰে ইটোৱে সিটোক অনুসৰণ কৰে। দেৰি কৰিবলৈ আমি বৰ মূঢ়মতি। সময়ে চেষ্টা কৰি গৈ থাকে আৰু মই অভিযোগকাৰী অসন্তুষ্ট মানুহক সেই সকলোবোৰ দি দিওঁ। শেষলৈ তোমাৰ বেদীত অৰ্পিত কোনো বস্তুৱেই নাথাকে। দিনৰ শেষত সেয়ে সদায় ভয় হয়- কিজানি তোমাৰ দুৱাৰ বন্ধ হৈ যায়। কিন্তু সেয়া গম পাবলৈ এতিয়াও সময় আছে"
( গীতাঞ্জলি , ৮২)।
*******

Wednesday, 23 December 2015

অনুবাদ কবিতাৰ শিতান 'সন্ধান' (১৩) : অনুবাদক- জোনা নায়ক

জোনা নায়ক, আখৰুৱাৰ এগৰাকী ঘনিষ্ট সদস্য তথা কবিতাৰ অনুবাদৰ প্ৰতি আকৃষ্ট। 'সন্ধান' শিতানলৈ জোনা নায়কে এইবাৰ 'সন্ধান' শিতানলৈ আগবঢ়াইছে, বিশিষ্ট কবি কমলা দাসৰ মূল ইংৰাজী কবিতা Words-ৰ অসমীয়া অনুবাদ 'শব্দ'।

শব্দ-

মোৰ চৌপাশ আবৰি শব্দ, শব্দ আৰু শব্দ
এপাত দুপাতকৈ শব্দবোৰ বাঢ়ে মোৰ শৰীৰত
ঠিক যেনেকৈ গছ এডালত বাঢ়ে চিৰ সেউজীয়া পত্ৰ
কাহানিও স্তব্ধ নহয় সিহঁতৰ বৃদ্ধিৰ ৰৰৈয়া গতি
মোৰ অন্তৰৰ পৰা…

পিচে মই নিজকে কওঁ,
বৰ আপদীয়া এই শব্দবোৰ,
সিহঁতৰ পৰা সাৱধান,
সিহঁত যে হৈ পৰিব পাৰে বহু কিবা কিবি,
এটা ফাঁট
দৌৰি গৈ য’ত হঠাতে থমকি ৰওঁ, মূৰ তুলি চাবলৈ,
হয়তো সিহঁত হ’ব পাৰে
বিকল তৰংগৰে ভৰা এখন সাগৰ,
জলন্ত অগ্নিসখাৰ এক বিস্ফোৰণ,
অথবা
প্ৰশস্ত বন্ধুৰ ডিঙি ৰেপিব খোজা এখন ছুৰী…

হয়, শব্দবোৰ বৰ আপদীয়া কিন্তু ৷

গছত পাত বঢ়াৰ দৰেই সিহঁত মোৰ শৰীৰত বাঢ়ে,
এনে লাগে যেন কেতিয়াও ৰুদ্ধ নহয় সিহঁতৰ আগমন,
অতি আভ্যন্তৰৰ কোনো এক নিৰ্জনতাৰ পৰা…
_________________________________________

Words
by Kamala Das

All round me are words, and words and words,
They grow on me like leaves,
they never Seem to stop
their slow growing
From within…
But I tell my self,
words Are a nuisance,
beware of them,
they Can be so many things,
a Chasm where running feet must pause, to Look,
a sea with paralyzing waves,
A blast of burning air or,
A knife most willing to cut your best Friend's throat…
Words are a nuisance, but.
They grow on me like leaves on a tree,
They never seem to stop their coming,
From a silence, somewhere deep within…

লিংকঃ http://www.poemhunter.com/poem/words-431/

জোনা নায়কৰ জন্ম অসমৰ বৰপেটাত আৰু তাতে ডাঙৰ দীঘল হৈ দ্বাদশ শ্ৰেণীলৈকে পঢ়াৰ পিছত যোৰহাট কৃষি বিশ্ববিদ্যলয়ত পঢে৷ তাৰ পিছত দিল্লীত কেইবছৰমান থাকে আৰু এতিয়া কেলিফৰ্ণিয়াৰ চেন ডিয়েগোত Sanford Burnham Prebys Medical Discovery Institute-ত তেওঁ কৰ্মৰত। জন্মস্থানৰ পৰা সুদূৰত থাকিও অসমৰ মাটি, সংস্কৃতি, সাহিত্যৰ প্ৰতি জোনাৰ আছে এক গভীৰ অনুৰাগ।

'সন্ধান' শিতানৰ পৰা সোধা দুটা কথাৰ উত্তৰত জোনাই কৈছে-

সন্ধানঃ কবিতাৰ অনুবাদ তুমি কিয় কৰা?

জোনা নায়কঃ কবিতা এটা পঢ়ি ভাল লাগিলে সেইটো মাতৃভাষাত কেনে লাগিব সেয়া চাবলৈ মন যায়, সেই কাৰণে৷ দুই এটা কবিতা আগতে লিখাৰ চেষ্টা কৰিছো যদিও অনুবাদ কৰাৰ মোৰ প্ৰথম চেষ্টাটো বৰ আকস্মিক৷ সেই দিনটো আছিল যোৱা বছৰ আন্তৰ্জাতিক নাৰী দিৱসৰ আগদিনা৷ নাৰী বিশেষ কবিতা এটা লিখিবলৈ সিদিনা খুব মন গৈছিল, কিন্তু নিশা বহু দেৰিলৈকে মনলৈ অহা ভাববোৰক কবিতাৰ আঁকাৰ দিব পৰা নাছিলো৷ সেয়ে উপায় নাপাই নিকি জিওভানিৰ ’Woman’ কবিতাটো অনুবাদ কৰি চাইছিলো৷ পিচত তেখেতৰ ‘A poem of friendship’ টোও কৰিছিলো৷তেনে দুটামান অনুবাদ কবিতা ইতিমধ্যে আখৰুৱাৰ ’সন্ধান’ শিতানত প্ৰকাশ হৈছে৷

সন্ধানঃ অনুবাদৰ বাবে বিশেষ কবিতা এটা কিয়?

জোনা নায়কঃ কথাটো এনে ধৰণৰ ৷ সাহিত্যৰ ক্ষেত্ৰখনত মই বেছি পঢ়া-শুনা কৰা নাই৷ প্ৰাত্যহিক ব্যস্ততাৰ আহৰিত সুবিধা হ’লে কেতিয়াবা ক’ৰবাত কবিতা এটা পঢ়িলো, কিবা কাৰণত কেতিয়াবা ইমানেই ভাল লাগে যে অনুবাদ কৰিবলৈ মন যায়৷ সীমিত সামৰ্থ্যৰে কৰা ভাবানুবাদটো যদি মূল কবিতাটোৰ সমানেই মোৰ ভাল লাগে তেতিয়া সেই ভাললগাখিনি আনৰ সতে ভগাই ল'বলৈ মন যায়৷

সন্ধানঃ এই প্ৰয়াস চলাই নিবা আৰু আগলৈও 'সন্ধান' শিতানলৈ অনুবাদ কবিতা পঠিয়াবা।

জোনা নায়কঃ ধন্যবাদ। যি পাৰোঁ সহযোগ নিশ্চয় কৰিম।

সন্ধানঃ ধন্যবাদ জোনা নায়ক, 'সন্ধান' শিতানলৈ তুমি আগবঢ়াই অহা সহযোগিতাৰ বাবে।

মালৱিকা বৰা ব্ৰহ্ম,
পৰিচালক, 'সন্ধান' শিতান।
আখৰুৱা : literati গোট।
১ ছেপ্টেম্বৰ ২০১৫
________________________________________________

Biography of Kamala Das poet:

Kamala Surayya / Suraiyya formerly known as Kamala Das , (also known as Kamala Madhavikutty, pen name was Madhavikutty) was a major Indian English poet and litterateur and at the same time a leading Malayalam author from Kerala, India. Her popularity in Kerala is based chiefly on her short stories and autobiography, while her oeuvre in English, written under the name Kamala Das, is noted for the fiery poems and explicit autobiography.

Her open and honest treatment of female sexuality, free from any sense of guilt, infused her writing with power, but also marked her as an iconoclast in her generation. On 31 May 2009, aged 75, she died at a hospital in Pune, but has earned considerable respect in recent years.
_____________________সমাপ্তি___________________
 — with Manohar Duttaand Jona Nayak.

Friday, 11 December 2015

অনুবাদ কবিতাৰ শিতান 'সন্ধান' (১২) : : : ১১ আগষ্ট/২০১৫ অনুবাদক- সাৰদা শ্ৰেষ্ঠ

'আখৰুৱা : literati' গোটৰ বিশিষ্ট সদস্য, লেখিকা তথা এইবাৰৰ 'সন্ধান' শিতানৰ কবিতাৰ অনুবাদক সকলোৰে পৰিচিত ব্যক্তিগৰাকী হ'ল সাৰদা শ্ৰেষ্ঠ। পঢ়িবলৈ ভালপোৱা তেখেতে সুবিধা অনুযায়ী সকলো ধৰণৰ লেখাই পঢ়িবলৈ ভালপায়। বিশেষকৈ মানবীয় হৃদয়স্পৰ্শী অনুভূতিবোৰে সৰুৰে পৰাই সদায়েই তেখেতক আকৰ্ষণ কৰে। কেতিয়াবা অনুভব কৰে অনুভূতিবোৰ ফুটাই তুলিবলৈ। গদ্যতকৈ বহুসময়ত কবিতাহে উপযুক্ত মাধ্যম বুলি তেখেতে ভাবে।
অনুবাদ সম্বন্ধে তেখেতে কয় যে- মৌলিক সাহিত্যৰ যেনেকৈ সমাদৰ আছে তেনেকৈ অনুবাদ সাহিত্যৰো সমাদৰ আছে। আজিকালি লেখাবোৰ এটা সীমিত ঠাইতেই আৱদ্ধ হৈ নাথাকে। উত্কষ্ট লেখাবোৰ বহু ভাষালৈ অনুদিত হৈছে বা হ'ব। এয়া লেখক পাঠক সকলোৰে বাবেই শুভংকৰ। অসমীয়া ভাষাৰ উপৰিও আন ভাষাৰ সাহিত্যৰো মাজে মাজে সোৱাদ লোৱা শ্ৰেষ্ঠই প্ৰায়েই ভাবে, তেখেতৰ ভাল লগা লেখাবোৰ 'নিজৰ ভাষালৈ অনুবাদ কৰিব পৰা হ'লে !'।
উল্লেখ্য যে দুদ্ধৰ্ষ সন্ত্ৰাসবাদী মেমনক ফাঁচি দিয়াৰ দিনাই আমাৰ সকলোৰে প্ৰিয় ভাৰতৰত্ন কালাম চাহাবক সমাধিস্থ কৰা হৈছিল। আৰু এই ঘটনা দুটাক আলম ৰূপে লৈ ফেচবুকত প্ৰকাশিত আৰ জে আৰয়ান বাৰ্মা (RJ Aryan Verma)ৰ 'याकूबने कहा कलामजीसे' শীৰ্ষক এটা সুন্দৰ হৃদয়স্পৰ্শী হি্ন্দী কবিতা সাৰদা শ্ৰেষ্ঠই সিদিনা হঠাৎ পঢ়িবলৈ পায়। কবিতাটো তেখেতৰ ইমানেই ভাল লাগিল যে- অনুবাদ কৰিবলৈ কাহানিও সাহস গোটাব নোৱাৰা মনটোত সাহস উপজিল আৰু ঠাইতেই কবিতাটো অনুবাদ কৰিলে আৰু ফেচবুকত অনুদিত কবিতাটো প্ৰকাশ কৰিলে। তেখেতক আচৰিত কৰি সময়েও সহায় কৰিলে আৰু অনুদিত কবিতাটোৱে আচৰিত ধৰণেৰে সঁহাৰিও পালে। দ্বিতীয়বাৰ বিবেক আগৰৱালৰ (Vivek Aggrawal) হিন্দী কবিতা 'बेटी बोली'-ৰ অনুবাদ কৰাৰ বাবে তেখেতক আহ্বান কবিলে আখৰুৱাৰ পৰা। সেই আহ্বান পাই তেখেত অতিশয় আনন্দিত হয় আৰু তেখেতৰ বিশ্বাস ওপজে যে তেখেত অনুবাদ কৰিবলৈ সক্ষম। সেয়ে দ্বিতীয়বাৰৰ বাবে তেখেতে বিবেক আগৰৱালৰ এই কবিতাটো অনুবাদ কৰাৰ প্ৰয়াস কৰিলে। এই ক্ষেত্ৰত তেখেতে কয় যে অনুবাদ কিমান সফল হৈছে নাজানে যদিও, যথাসম্ভৱ তেখেতে প্ৰয়াস কৰিছে মূল কবিতাটোক আঘাত নকৰাকৈ অনুবাদ কৰিবলৈ। আনপিনে অনুবাদ কৰোঁতে কেতিয়াবা হুবহু অনুবাদে কবিতাৰ মূল ভাবটোক ফুটাই তুলিব নোৱাৰে বাবে দুই এঠাইত নিজা শব্দও তেখেতে প্ৰয়োগ কৰিছে আৰু ভাল-বেয়া বিচাৰৰ ভাৰ পাঠক সমাজৰ ওপৰত এৰি তেখেতে আখৰুৱালৈ প্ৰেৰণ কৰিছে বুলি আমাক জনাইছে।
তেখেতৰ অনুদিত কবিতাটো আখৰুৱালৈ আগবঢ়ালোঁ।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
১১ আগষ্ট ২০১৫
---------------------------------
মূল হিন্দী কবিতা 'बेटी बोली'
অসমীয়া অনুবাদ- সাৰদা শ্ৰেষ্ঠ : 'জীয়েকে ক’লে'
জীয়েকে ক’লে –
মা মই ক্ৰিকেটাৰ হ’ম,
শচীনৰ দৰেই ৰেকৰ্ড ভাঙিম।
মাকে ক’লে –
লাহেকৈ ক’, সকলোৱে হাঁহিব,
আৰু দহজনে শুনিলে কি ক’ব!!
জীয়েকে ক’লে –
মা, মই পিতাৰ বেপাৰ চলাম,
সৰু দোকানখনক বিশাল কাৰ্যালয় ৰূপে গঢ়িম।
মাকে ক’লে –
লাহেকৈ ক', পিতাৰে শুনিলে খং কৰিব
আৰু দহজনে শুনিলে কি ক’ব!!
জীয়েকে ক’লে –
তেনেহ’লে মা মই নেতা হ'ম
দেশৰ অৱস্থালৈ কিছু হ'লেও পৰিবৰ্তন আনিম ।
মাকে ক’লে –
চকীত বহাৰ আগেয়েই তোক সকলোৱে উভালি পেলাব,
আৰু দহজনে শুনিলে কি ক’ব!!
জীয়েকে ক’লে –
মা, তেনেহ’লে মই কি কৰিম,
এনেকৈয়ে মই মোৰ সপোনবোৰ নিঃশেষ হ’বলৈ দিম ?
মাকে ক’লে –
জী মোৰ, তই বিয়াত বহ,
তোৰ শহুৰৰ ঘৰে তোক খুব আদৰ কৰিব।
জীয়েকে ক’লে –
মা, মিছা নামাতিবি তই,
মোৰ অনুপম পলবোৰ নিনিবি এনেকৈ কাঢ়ি!
মা, বিয়া হৈ মই শলঠেকত পৰিম,
সন্তান জন্ম দিয়া যন্ত্ৰহে হৈ পৰিম।
কন্যা ধন আনৰ ধন,
মোক উলিয়াই দিয়াৰ পিছত তয়ো একো কৰিব নোৱাৰিবি
তোৰ হাত বান্ধ খাই পৰিব।
পতি আৰু সন্তানৰ মোহেৰে মোৰো হাত বান্ধি দিয়া হ’ব।
মোৰ সোণালী সপোনবোৰ
বিয়াৰ সাজত চিতাৰ জুই হৈ জ্বলিব।
আৰু তেতিয়া তোৰ সেই দহজনেও মোক ৰক্ষা কৰিব নোৱাৰিব।
_________________________________
বিবেক অগৰৱালৰ মূল হিন্দী কবিতা-
बेटी बोली -
माँ मैं क्रिकेटर बनूँगी,
सचिन की तरह रिकॉर्ड तोडूंगी !
माँ बोली -
आहिस्ता बोल सब हसेंगे,
और फिर चार लोग क्या कहेंगे !!
बेटी बोली -
माँ मैं बाबा का व्यापार चलाऊँगी,
छोटी सी दुकान से बड़ा दफ्तर बनाउंगी !
माँ बोली -
आहिस्ता बोल बाबा गुस्सा करेंगे,
और फिर चार लोग क्या कहेंगे !!
बेटी बोली -
तो माँ मैं नेता बन जाऊंगी,
देश की हालत में कुछ तो सुधार लाऊंगी !
माँ बोली -
कुर्सी तक पहुँचने से पहले ही सब नोंच लेंगे,
और फिर चार लोग क्या कहेंगे !!
बेटी बोली -
तो माँ मैं क्या करूँ,
बस यूँहीं अपनी ख्वाहिशों को दफ़न करती रहूँ ?
माँ बोली -
बेटी तू शादी करले,
तेरे ससुराल वाले तुझसे खूब मोह जताएंगे !
बेटी बोली -
माँ झूठ न बोल,
ना छीन मुझसे मेरे ये पल अनमोल!
शादी करके मैं फंस जाऊंगी,
सिर्फ बच्चा पैदा करने की मशीन कहाऊंगी !
तू कुछ कर ना पाएगी, बेटी परायी होते ही तेरे हाथ
बांध जायेंगे,
मेरे भी हाथ पति और बच्चों के मोह से बांध दिए
जायेंगे !
मेरे सारे सपने शादी के लिबास से दफ़न कर दिए
जायेंगे,
और फिर तेरे वो चार लोग भी मुझे न बचा पाएंगे !l
_____________

Monday, 8 December 2014

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (দহ) অক্টোৱৰ/২০১৪ : খণ্ড ১ / খণ্ড ২

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (দহ) অক্টোৱৰ/২০১৪ : খণ্ড ১
------------------------------------------------
মই তোমাক আকৌ লগ ধৰিম:
অমৃতা প্ৰীতমৰ মূল পাঞ্জাৱী কবিতাৰ নিৰুপমা দত্তই (Nirupama Dutt) ইংৰাজীলৈ কৰা অনুবাদ 'I will meet you yet again' কবিতাটিৰ অনুবাদ আমালৈ পঠিয়াইছে জোনা নায়কে।
আশাকৰোঁ 'সন্ধান' শিতানৰ এইবাৰৰ অনুবাদ কবিতাটো আখৰুৱা গোটৰ সদস্য সকলে আদৰি ল'ব আৰু তেখেত সকলৰ অভিমত জনাই আমাক উৎসাহিত আৰু উপকৃত কৰিব।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
২৮ অক্টোৱৰ ২০১৪
____________________________________
== মই তোমাক আকৌ লগ ধৰিম ==
-- অনুবাদ: জোনা নায়ক
মই তোমাক আকৌ লগ ধৰিম
ক’ত বা কেনেকৈ
সেয়া মই নাজানো
বোধকৰো কল্পনাৰ ঢৌ হৈ
উত্তাল কৰিম তোমাৰ ভাৱৰ সাগৰ
আৰু চাগে
ৰহস্যময়ী ৰেখা এডাল হৈ
বিয়পি পৰিম তোমাৰ কেনভাচত
আৰু ক্ৰঃমশ তাৰ পৰাই
হেৰাই যাম তোমাৰ দুচকুত ৷
হয়তোবা মই হ’ম
ৰ’দৰ কিৰণ
তোমাৰ ৰঙেৰে ৰঙীয়াল হৈ
নিজকে আঁকিম তোমাৰ কেনভাচত
নাজানো কেতিয়া আৰু ক’ত
কিন্তু এইটো পিছে জানো যে
মই তোমাক নিশ্চয় লগ ধৰিম ৷
নহ’লে মই আহিম
এটি জুৰি হৈ
যাৰ সুকোমল ফেনিলে
শান্ত কৰিব
তোমাৰ জ্বলন্ত বুকু
মই একোৱাই নাজানো
কিন্তু এনে এটি জীৱনেই
খোজ মিলাব মোৰ সতে ৷
মই জানো
দেহ নিঃশেষ মানেই
সকলো শেষ
কিন্তু স্মৃতিৰ সূতাডাল যে গথা আছে
চিৰস্থায়ী পৰমাণুৰে
মই বুটলি ল’ম সেইবোৰ কণিকা
আৰু তাৰেই বৈ ল’ম মোৰ হেঁপাহৰ সাজ
কাৰণ তোমাক যে মই লগ ধৰিমেই
আকৌ এবাৰ ৷
_________________
I will meet you yet again
--- Amrita Pritam
I will meet you yet again
How and where
I know not
Perhaps I will become a
figment of your imagination
and maybe spreading myself
in a mysterious line
on your canvas
I will keep gazing at you.
Perhaps I will become a ray
of sunshine to be
embraced by your colours
I will paint myself on your canvas
I know not how and where —
but I will meet you for sure.
Maybe I will turn into a spring
and rub foaming
drops of water on your body
and rest my coolness on
your burning chest
I know nothing
but that this life
will walk along with me.
When the body perishes
all perishes
but the threads of memory
are woven of enduring atoms
I will pick these particles
weave the threads
and I will meet you yet again.
_______________________________________________________
UnlikeUnlike ·  · 61
You, Mousumee Bori, Anupama Borgohain and 3 others like this.

Manohar Dutta Malabika Brahma with Jona NayakOctober 29 at 12:51am

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (দহ) অক্টোৱৰ/২০১৪ : খণ্ড ২
------------------------------------------------
অমৃতা প্ৰীতম (৩১ আগষ্ট ১৯১৯ - ৩১ অক্টোৱৰ ২০০৫) এগৰাকী প্ৰথিতযশা ভাৰতীয় লেখিকা আৰু কবি, যিয়ে পাঞ্জাৱী আৰু উৰ্দু ভাষাত লেখা-মেলা কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত লেখিকা, যাক কুৰি শতিকাৰ প্ৰথম পাঞ্জাৱী মহিলা কবি, উপন্যাসিক, নিৱন্ধকাৰ হিচাপে জনা যায়। তেওঁ ভাৰত আৰু পাকিস্তান, উভয় দেশতে জনপ্ৰিয় আছিল। প্ৰায় ছয় দশকজুৰি তেওঁ এশতকৈ অধিক গ্ৰন্থ ৰচনা কৰে। তেওঁৰ আত্মজীৱনী অনেক ভাৰতীয় আৰু বিদেশী ভাষালৈ অনুবাদ হৈছে।
তেওঁ পাঞ্জাৱী সাহিত্যত মহিলাৰ হ'কে মাত মতা কন্ঠ হিচাপে পৰিচিত। তেওঁ তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি হিচাপে সাহিত্য অকাডেমি বঁটা (১৯৫৬), ভাৰতীয় জ্ঞানপীঠ বঁটা (১৯৮২), পদ্মশ্ৰী (১৯৬৯), পদ্মবিভূষণ (২০০৪) আৰু সেই একেই চনতে সাহিত্য অকাডেমিৰ ফেল'শ্বিপ আদিৰে সন্মানিত হয়।
তেনে এগৰাকী খ্যাতিমান কবিৰ মূল পাঞ্জাৱীৰ পৰা ইংৰাজী অনুবাদ 'I will meet you yet again' আলমত অসমীয়া অনুবাদ আমালৈ পঠিয়াইছিল আখৰুৱা গোটৰ নিষ্ঠাৱান আৰু সক্ৰিয় সদস্য জোনা নায়কে। জোনা নায়কৰ এই অনুবাদ প্ৰয়াস সম্বন্ধে আমি কিছু কথা তেওঁক সুধিছিলোঁ:
আখৰুৱা: অমৃতা প্ৰীতমৰ মূল পাঞ্জাৱী 'Mein tainu pher milan gi' শীৰ্ষক কবিতাৰ নিৰুপমা দত্তই ইংৰাজীলৈ কৰা অনুবাদ 'I will meet you yet again'-কবিতাটোৰ অসমীয়ালৈ অনুবাদ কৰাৰ বাবে তুমি কিয় আকৃষ্ট হৈছিলা।
জোনা: অমৃতা প্ৰীতমৰ মাথো কেইটামান লেখা মই বহুদিন আগতে পঢ়ি আপ্লুত হৈছিলো, ইংৰাজী নে অসমীয়াত পঢ়িছিলো এতিয়া মনত নাই ৷ আকৌ পঢ়িবলৈ বিচাৰি থাকোতে পাচটা কবিতা তলত উল্লেখ কৰা লিংকটোত পাই অনুবাদ কৰি চাবলৈ মন গ’ল ৷ গোটেইকেইটা কৰিবলৈ মন আছে যদিও সময়ৰ অভাৱৰ বাবে এটাহে অনুবাদ কৰিব পাৰিছো ৷
আখৰুৱা: ইয়াৰ আগতেও তুমি আখৰুৱালৈ অনুবাদ কবিতা পঠিয়াইছা। সেয়ে অনুবাদৰ প্ৰতি তুমি কিয় আৰু কেনেকৈ আকৃষ্ট হৈছিলা সেই বিষয়ে কিছু কথা জনাবা নেকি।
জোনা: অনুবাদৰ প্ৰতি মোৰ আকৰ্ষণৰ কাৰণ বোধকৰো অইন ভাষা, সংস্কৃতি আৰু লেখকৰ প্ৰতি থকা কৌতুহল৷ কবিতাৰ ৰস আচ্ছাদন কৰি ভালপাওঁ বাবে অনুবাদ কৰি সেই সোৱাদ আনৰ সৈতে ভগাবলৈ মন যায় ৷
আখৰুৱা: আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'ৰ জৰিয়তে যি প্ৰয়াস কৰা হৈছে, সেয়া কিমানখিনি সফল হৈছে বুলি তুমি ভাবা।
জোনা: আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' এটা খুব উৎসাহজনক প্ৰয়াস বুলি মই ভাবো৷ এয়া যিহেতু আৰম্ভণিহে, সেয়ে পৰ্যালোচনাৰ মাধ্যমেৰে সময়ে সময়ে সফলতাৰ মাপ জুকিয়াই চোৱাৰ ব্যৱস্থা কৰিলে বোধকৰো ভাল হ’ব৷
আখৰুৱা: ব্যক্তিগত ভাবে 'সন্ধান' শিতানলৈ তোমাৰ কোনো পৰামৰ্শ বা অনুৰোধ আছে নেকি।
জোনা: ’সন্ধান’ শিতানে ন ন অনুবাদকৰ সৃষ্টি কৰি কবিতা আৰু অইন লেখাৰে অসমীয়া অনুবাদ সাহিত্যৰ জগতখনক নতুন সোৱাদেৰে সমৃদ্ধ কৰক ৷
’সন্ধান’ৰ সফলতাৰ বাবে শুভকামনা থাকিল আৰু মোক এই প্ৰচেষ্টাৰ অংশীদাৰ হোৱাৰ সুযোগ দিয়া বাবে শিতানটিৰ সতে জড়িত সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ৷
আখৰুৱা: তোমাৰ সতে কথাপাতি ভাল লাগিল জোনা। তোমাৰ কাব্য চৰ্চাৰ উন্নতি কামনা কৰিলোঁ আৰু 'সন্ধান' শিতানলৈ তোমাৰ সহযোগিতাৰ বাবে তোমালৈ ধন্যবাদ জনালোঁ।
আশাকৰোঁ 'সন্ধান' শিতানৰ এইবাৰৰ অনুবাদ কবিতাটো আখৰুৱা গোটৰ সদস্য সকলে আদৰি ল'ব আৰু তেখেত সকলৰ অভিমত জনাই আমাক উৎসাহিত আৰু উপকৃত কৰিব।
প্ৰশাসকবৃন্দ
আখৰুৱা : literati গোট।
২৮ অক্টোৱৰ ২০১৪
__________________________________
Mein tainu pher milan gi (I will meet you yet again)
-Translated from the original Punjabi version by Nirupama Dutt and published in The Little Magazine 2005
Source:

http://www.poemhunter.com/i/ebooks/pdf/amrita_pritam_2012_9.pdf

বিষয়: 'সন্ধান' শিতানৰ বুনিয়াদী দিশ

প্ৰতি
মাননীয় সদস্যবৃন্দ,
আখৰুৱা : literati গোট।
বিষয়: 'সন্ধান' শিতানৰ বুনিয়াদী দিশ
আপোনালোকক বিনীত ভাবে জনাব খোজো যে আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'-ৰ ওপৰত যোৱা ২ চেপ্তেম্বৰ ২০১৪-ত গোটত হোৱা আলোচনালানিৰ ভিত্তিত 'সন্ধান' শিতান যুগুতোৱাৰ ক্ষেত্ৰত কেইটামান বুনিয়াদী দিশ প্ৰস্তুত কৰা হৈছে। সেয়া হ'ল:
১) ফেচবুকত অসমীয়া সাহিত্যৰ চৰ্চা আৰু বিকাশৰ লক্ষ্যত, কবিতাৰ অনুবাদৰ জৰিয়তে আখৰুৱা গোটৰ 'সন্ধান' শিতান প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে। সেয়ে অনুবাদৰ ক্ষেত্ৰত মূল কবিতাৰ ভাবাৰ্থ যিমানখিনি সম্ভৱ অক্ষুণ্ণ ৰখাৰ প্ৰতি দৃষ্টি দিয়া হ'ব। কিয়নো এনে চৰ্চাৰ জৰিয়তে সামগ্ৰিক ভাবে অনুবাদ সাহিত্যৰ প্ৰতি আমাৰ আগ্ৰহ জন্মিব আৰু অন্যান্য ভাষা সাহিত্যলৈকো আমাৰ উৎকণ্ঠা বাঢ়িব।
২) অসমীয়াৰ পৰা আন ভাষালৈ অনুবাদ কৰা কবিতা গোটত প্ৰকাশ কৰিলে সদস্যসকলৰ বুজাত অসুবিধা হ’ব পাৰে। সেয়ে আন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰাৰ দিহা কৰা হ'ব। অৱশ্যে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পৰা যাব।
৩) কেনে ধৰণৰ কবিতা অনুবাদৰ বাবে আমি নিৰ্বাচন কৰিম সেই বিষয়ে গোটৰ পৰা কোনো ধৰণৰ বাধ্যবাধকতা নাথাকিব যদিও উচ্চ মানদণ্ডৰ কবিতা অনুবাদৰ বাবে যত্ন কৰা হ'ব।
৪) আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'-ৰ প্ৰকাশৰ সময়সীমা সাপ্তাহিক হ'ব।
৫) সময়ে সময়ে অনুবাদ সাহিত্যৰ ভিন্ন দিশ- গোটত আলোচনা কৰা হ'ব।
৬) অনুবাদৰ ক্ষেত্ৰত গোটৰ প্ৰশাসকে হস্তক্ষেপ নকৰে যদিও উল্লিখিত দিশ সমূহ যাতে পালন কৰা হয় তালৈ প্ৰশাসকে দৃষ্টি দিব।
৭) 'সন্ধান' শিতানৰ বাবে গোটৰ সদস্যই অনুবাদ কৰা কবিতা সদস্যগৰাকীয়ে প্ৰশাসকৰ চাট বাকচত বা duttamanohar@gmail.com-এই ই-মেইল ঠিকনালৈ পঠিয়াব পাৰিব। গোটৰ মজিয়াত সদস্যই অনুবাদ কবিতা দিব পাৰিব যদিও তেনে কবিতা 'সন্ধান' শিতানৰ বাবে গ্ৰহণ কৰা নহয়। আনপিনে প্ৰাপ্ত অনুবাদ কবিতাৰ আধাৰত গোটৰ প্ৰশাসকে 'সন্ধান' শিতান প্ৰস্তুত কৰি, গোটত উপস্থাপন কৰিব।
ধন্যবাদ।
ইতি 
প্ৰশাসকবৃন্দ, 
আখৰুৱা : literati গোট।
৩০ চেপ্তেম্বৰ ২০১৪

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (আঠ) অক্টোৱৰ/২০১৪ : ৰৌচন আৰা বেগম

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (আঠ) অক্টোৱৰ/২০১৪:
বাংলাদেশৰ গৌৰৱ, সুপ্রসিদ্ধ কবি “শামসুৰ ৰহমান”ৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৩ অক্টোবৰত, ঢাকাৰ ‘মাহুত তুলি’ নামৰ ঠাইত থকা ককাকৰ ঘৰত। মেঘনা নদীৰ পাৰত ‘পাহাৰতলি’ নামৰ গাওঁত তেওঁ ডাঙৰ-দীঘল হৈছিল। তেৰজন সন্তানৰ ভিতৰত তেওঁ চতুর্থজন আছিল। ১৯৪৫ চনত মেট্রিক পৰীক্ষাত তেওঁ উত্তীর্ণ হৈছিল আৰু ঢাকা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত এম এ কৰিছিল। 
১৯৬০ চনত ‘প্রথম গান, দ্বিতীয় মৃত্যুর আগে’ নামৰ তেওঁৰ প্রথম কবিতাপুথিখন প্রকাশ পাইছিল। ইয়াৰ পাছত তেওঁ থমকি ৰ’ব লগা হোৱা নাই আৰু বাংলা ভাষাত ৬০ খনতকৈয়ো বেচি কবিতাপুথি ৰচনা কৰি থৈ গৈছে। ইয়াৰ বাহিৰেও এখন গল্প সংকলন, চাৰিখনকৈ উপন্যাস আৰু শিশু সকলৰ বাবে উপযোগী হোৱাকৈ লিখা আঠখনকৈ কিতাপ তেওঁ ৰচনা কৰিছিল। আনকি অনুবাদ সাহিত্যৰ ক্ষেত্রটো তেওঁ ৰৈ থকা নাছিল। ‘রবার্ট ফ্রষ্টের কবিতা’ (১৯৬৬), ‘রবার্ট ফ্রষ্টের নির্বাচিত কবিতা’ (১৯৬৮) আৰু ‘খাজা ফরিদের কবিতা’ (১৯৬৮) নামকৰণেৰে কবিতা অনুবাদ কৰাৰ ওপৰিও নাটক ‘হেমলেট’ৰ বাংলা অনুবাদো কৰিছিল।
এইজন গুণী ব্যক্তিৰ ১৯৯০ চনৰ শেষৰ ফালে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লৈছিল আৰু বৃক্ক বিকল হৈ পৰাৰ বাবে ১৭ আগষ্টৰ দিনা ৭৭ বছৰ বয়সত তেখেতৰ মৃত্যু হৈছিল। তেখেতে লাভ কৰা পুৰস্কাৰসমূহ তলত উল্লেখ কৰা হ’ল।
Adamjee Award (1962), Bangla Academy Award (1969), Ekushey Padak (1977), Swadhinata Dibosh Award (1991), Mitshubishi Award of Japan (1992), Ananda Puroshker from India (1994). TLM South Asian Literature Award for the Masters, 2006.
বাংলাদেশৰ তেনে এগৰাকী খ্যাতিমান কবি, শামসুৰ ৰহমানৰ ১৯৯৫ চনত প্রকাশিত “এসো কুকিল এসো স্বর্ণচাঁপা’ নামৰ কবিতাপুথিৰ পৰা 'হঠাৎ বৃষ্টি এলো' শিৰোনামৰ কবিতাটিৰ অসমীয়া অনুবাদ আমাৰ 'সন্ধান' শিতানলৈ প্ৰেৰণ কৰিছে কবি, অনুবাদক তথা গোটৰ বিশিষ্ট সদস্য ৰৌচন আৰা বেগম মহোদয়াই।
আমাৰ অনুৰোধ ক্ৰমে ৰৌচন আৰা বেগমে 'সন্ধান' শিতানলৈ অনুবাদ কবিতাটো পঠিওৱাৰ পিছত, আখৰুৱাৰ হৈ তেখেতৰ বিষয়ে অলপ কথা জানিবলৈ আমি যোগাযোগ কৰিছিলোঁ। তেখেতৰ অনুমতি সাপেক্ষে সেই কথোপকথন ইয়াত তুলি দিলোঁ:
আখৰুৱা: আপুনি এগৰাকী অনুবাদক হিচাপে কেতিয়াৰ পৰা আৰু কিয় অনুবাদৰ প্ৰতি আকৃষ্ট হ'ল।
ৰৌচন আৰা বেগম: মই নিজে কবিতা ভালপাবলৈ আৰম্ভ কৰাৰেপৰা অনুবাদ সাহিত্যৰ প্রতি আকৃষ্ট হৈ পৰিছো।
আখৰুৱা: অনুবাদৰ ক্ষেত্ৰত কি ভাষাৰ পৰা, কি কি ভাষালৈ আপুনি অনুবাদ কৰিছে বা কৰিব বিচাৰে।
বেগম: অনুবাদৰ ক্ষেত্ৰত বাংলা আৰু ইংৰাজী এই দুটা ভাষাৰ পৰা অনুবাদ কৰিব বিচাৰো।
আখৰুৱা: আপুনি গল্পৰ অনুবাদ কৰিছে নেকি।
বেগম: গল্পৰ অনুবাদ এতিয়াও নাই কৰা। কবিতাৰ বাহিৰে আন একোতে এতিয়াও ভালকৈ মন লগাব পৰা নাই । চাকৰিৰ বাবে সময় কম। ভবিষ্যতে কৰিম বুলি আশা আছে।
আখৰুৱা: কবিতাৰ অনুবাদ কৰ্মই আপোনাক কিধৰণে আনন্দ দিয়ে।
বেগম: মাতৃভাষাৰ কবিতাৰ দৰেই বুজি পোৱা আন ভাষাৰ সুন্দৰ কবিতা এটিয়ে যেতিয়া মোক অভিভূত কৰি তোলে আৰু মোৰ ভাৱনাৰ জগতত তোলপাৰ লগায়, আনকো সেই আনন্দৰ ভাগ দিবলৈ মন যায়। আৰু ঠিক তেতিয়াই কবিতাটি অনুবাদ কৰাৰ ইচ্ছা জাগে।
আখৰুৱা: কবি হিচাপে নিজক গঢ়িবলৈ অনুবাদ কৰ্মই কোনো প্ৰকাৰে সহায় কৰে নেকি?
বেগম: কবি হিচাপে নিজক গঢ়িবলৈ অনুবাদ কৰ্মই স্বাভাৱিক ভাবেই সহায় কৰে । এইটো সত্য যে যিমানেই কিতাপ পঢ়িম সিমানেই সৃষ্টিৰ তাড়না জাগিব। অনুবাদৰ ক্ষেত্রতো একেই কথা। তাৰোপৰি অনুবাদ কৰ্মই কবিজনক সম্পূর্ণকৈ জানিবলৈকো সহায় কৰিব ।
আখৰুৱা: আখৰুৱা গোটৰ 'সন্ধান' শিতানৰ প্ৰতি আপোনাৰ পৰামৰ্শ জনাব নেকি।
বেগম: 'সন্ধান' নামকৰণেৰে আৰম্ভ কৰা আখৰুৱাৰ এই শিতানলৈ এটাই অনুৰোধ, ই গতিশীলতাৰ আশ্রয় কৰক আৰু এজোপা বটবৃক্ষৰ দৰে হৈ পৰক। মোৰ শুভকামনা সদায়ে থাকিব।
আখৰুৱা: আপোনাৰ সৈতে হোৱা এই কথোপকথনৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।
বেগম: মই গৌৰব অনুভৱ কৰিছোঁ । 'সন্ধান' শিতানৰ সৈতে জড়িত সকলোলৈকে মোৰ ধন্যবাদ থাকিল।
যিহওক, এইখিনিতে ৰৌচন আৰা বেগমৰ এই আন্তৰিক সহযোগিতাৰ বাবে আখৰুৱা গোটৰ পৰা তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশাকৰোঁ গোটৰ সকলোৱে এইবাৰৰ অনুবাদ কবিতাটি আদৰি ল'ব।
প্ৰশাসকবৃন্দ, 
আখৰুৱা : literati গোট।
১০ অক্টোৱৰ ২০১৪
_____________________________________
শামসুৰ ৰহমানৰ মূল বাংলা কবিতা 'হঠাৎ বৃষ্টি এলো' 
অনুবাদ: ৰৌচন আৰা বেগম
~~হঠৎ বৰষুণ আহিল~~
হঠাৎ আজি আবেলি চাৰিও দিশ অন্ধকাৰত ডুবাই বৰষুণ আহিল।
শত সহস্র আৰবী ঘোঁৰাৰ পদশব্দত মনত পৰিল তোমালৈ
আৰু মনলৈ আহিল বহু বছৰ আগৰ কথা।
তেতিয়া মই কৈশোৰৰ দেওনা পাৰ হোৱা ডেকা আৰু
মোৰ বাবা আছিল জীৱিত। 
মই কেতিয়াবা আবেলিপৰত বিচনাত গা এৰি, হাতৰ তলুৱাত থুঁতৰিটো থৈ
বাইজীৰ নুপুৰৰ দৰে মদিৰ বৰষুণৰ শব্দ শুনি বাহিৰলৈ চাই থাকোঁ।
এই দৃশ্য অহস্যকৰ আছিল বাবাৰ বাবে ।
বিৰক্তিৰ খোচত তেওঁ ভাবিছিল--
তেওঁৰ পুতেকৰ মূৰত শাওণৰ আকাশ আৰু 
বৰষুণৰ অজস্র বিপদজনক অঙঠা সোমাই পৰিছে। 
আজিও মই বাবাৰ বৰষুণৰ দিনৰ চকুৰ জুই পাহৰিব পৰা নাই।
আজি অন্ধকাৰময়, চপচপিয়া আবেলি বৰষুণ পৰা দেখি 
যুগৰ আগৰ বাবাৰ চকুৰ ফিৰিঙতি আৰু তোমাৰ দৃষ্টিৰ বিদ্যুতলৈ মনত পৰিল।
মোৰ মৃত পিতা আজিৰ এই দৃশ্যৰপৰা সোনকালে দূৰলৈ আঁতৰি গ’ল 
তোমাক প্রধান ভূমিকা পালন কৰিবলৈ দি।
এই উতলা বতাহত এতিয়া তুমি মোৰ, একাকীত্বৰ অধিশ্বৰী।
বৰষুণৰ অন্তৰংগ সুৰ শুনোতে শুনোতে দেখো 
এইমাত্র গা ধুই তুমি থিয় দিছা মোৰ শয্যাৰ কাষত, 
চুলিৰ ভিজা সুগন্ধিত মই মাতাল,
তোমাৰ চুলিৰ জুৰিটো মোৰ গোটেই মুখত আৰু তুমি 
মোৰ মুখত চুমুক দিছা 
মহিমাৰ শিখৰত মোক তুলি দি।
বৰষুণ থামিছে; এতিয়া কোঠাত নিৰৱতা, 
আমজাদী সৰোদৰ সুৰ। ক’তো তুমি নাই। শীতল পানীৰে গা ধুই
তুমি এতিয়াও অহা নাই মোৰ কাষলৈ। 
এনেদৰে নাহিবাও কোনোদিনে। এই মুহূর্তৰ বৰষুণহীনতাত মোক
শাসন কৰিছে বাবাৰ বর্ষাকালীন চকুৰ জুঁইয়ে;
জলজ অন্ধকাৰত অকলশৰীয়া কোঠাটোত মই ভীষণ পুৰি গৈছো।
_____________________________
মূল বাংলা কবিতা:
~~হঠৎ বৃষ্টি এলো~~
হঠাৎ আজ বিকেলে চারদিক অন্ধকারে ডুবিয়ে বৃষ্টি এলো। 
শত শত আরবি ঘোড়ার পদশব্দে মনে পড়ল তোমাকে
আর মনে এলো অনেক বছর আগেকার কথা।
তখন আমি কৈশোরের বেড়া-ডিঙানো যুবা এবং 
আমার বাবা ছিলেন জীবিত। 
আমি কোনো কোনো বিকেলবেলা বিছানায় গা এলিয়ে, 
হাতের তালুতে থুতুনি রেখে বাইজির ঘূঙুরের মদির আওয়াজের মতো
বৃষ্টির শব্দ শুনতে শুনতে তাকিয়ে থাকতাম বাইরে।
এই দৃশ্য অহস্য ছিল বাবার কাছে ।
বিরক্তির হুলে কাতর তিনি ভাবতেন--
তার ছেলেটার মাথায় শ্রাবণের আকাশ আর 
বৃষ্টির অজস্র বিপদজনক জুঁ ঢুকে পড়েছে। আজো আমি
বাবার বৰ্ষাকালীন চোখের আগুন ভুলতে পারি নি।
আজ অন্ধকারময়, সপসপে বিকেলে বৃষ্টিপাত দেখে যুগপৎ 
আমার বাবার চোখের ফুলকি এবং তোমার দৃষ্টির বিদ্যুৎ মনে পড়ল।
আমার প্রয়াত পিতা আজকের দৃশ্য থেকে তাড়াতাড়ি দুরে সৰরে দাঁড়ালেন 
তোমাকে প্রধান ভূমিকা দান করে।
এই উতল হাওয়ায় এখন তুমি আমার, একাকিত্বেৰ অধিশ্বরী।
বৃষ্টির অন্তরংগ সুর শুনতে শুনতে দেখি 
এইমাত্র গোসল সেরে তুমি এসে দাঁড়িয়েছ আমার শয্যার পাশে, 
চুলের ভেজা সুগন্ধে আমি মাতাল,
তোমার চুলের ঝর্ণাধারা আমার সারা মুখে আর তুমি 
আমার মুখ চুম্বন করছো আমাকে 
মহিমার চূড়ায় পৌঁছে দিয়ে।
বৃষ্টি গেছে থেমে; এখন ঘরে নীরবতা, 
আমজাদী সরাদের সুর। কোথাও তুমি নেই। শীতল জলে গা ধুয়ে
তুমি আদৌ আসো নি আমার কাছে। 
এভাবে আসবেও না কোনোদিন। আমাকে এই মুহূর্তে বৃষ্টিহীনতায় 
শাসন করছে আমার বাবার বর্ষাকালীন চোখের আগুন;
জলজ অন্ধকারে একলা ঘরে আমি ভীষণ পুড়ে যাচ্ছি।

Palash Borah, Mousumee Bori, Sarada Shrestha and 9 others like this.

Palash Borah Dhuniya anubad!
October 11 at 12:07am · Like · 3

Rousanara Begum বাংলাদেশৰ সুপ্রসিদ্ধ কবি শামসুৰ ৰহমানৰ মূল বাংলা কবিতা 'হঠাৎ বৃষ্টি এলো'ৰ মোৰ অসমীয়া অনুবাদ “হঠৎ বৰষুণ আহিল”, আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'ত প্রকাশ পোৱাৰ বাবে সন্ধানৰ সৈতে জড়িত সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ।
October 11 at 4:32pm · Unlike · 4

Neelabh Sourav ভাল লাগিল।‌ সুন্দৰ অনুবাদ।‌
October 13 at 9:10am · Like · 1

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (সাত) অক্টোৱৰ/২০১৪ : সুনীল অমিয়

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (সাত) অক্টোৱৰ/২০১৪:
বাংলাদেশৰ বহুল আলোচিত আৰু বিতৰ্কিত নাৰীবাদী কবি, সাহিত্যিক তছলিমা নাছৰিণৰ জন্ম হয় ১৯৬২ চনৰ ২৫ আগষ্টত। তছলিমাই ময়মনসিংহ মেডিকেল কলেজত অধ্যয়ন কৰে আৰু তাৰ পৰা ১৯৮৬ চনত এম, বি, বি, এছ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ চৰকাৰী চিকিৎসক হিচাপে ১৯৯৪ চনলৈ কাম কৰে। তেওঁ ১৯৯৪ চনত এটি গোচৰত জড়িত হৈ, গ্ৰেপ্তাৰ এৰাবলৈ স্বদেশ ত্যাগ কৰিবলৈ বাধ্য হয়। তাৰ পিছৰ পৰাই তেওঁ ভিন্ন দেশত, ভিন্ন সময়ত আশ্ৰয় গ্ৰহণ কৰি আহিছে।
ছাত্ৰী জীৱনত ১৯৮০-ৰ দশকৰ শেষ ভাগত কবি হিচাপে তেওঁৰ পৰিচয় হ'বলৈ ধৰে। নিৰ্বাসিত জীৱন তছলিমাই লেখা-মেলাকেই বৃত্তি বা জীৱিকা হিচাপে গ্ৰহণ কৰে। বিংশ শতাব্দীৰ শেষ ভাগত বিদ্ৰোহী নাৰীবাদী দৃষ্টিভংগী আৰু ইছলাম ধৰ্মৰ সমালোচনাৰ বাবে বিশ্বব্যাপী তেওঁ জনাজাত হৈ পৰে। নিজৰ জন্মভূমি বাংলাদেশ ত্যগৰ পিছত তেওঁ প্ৰতিবেশী বাংলাভাষী ৰাজ্য পশ্চিমবংগত বসবাস কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু ভাৰতীয় ইছলাম ধৰ্মগুৰু আৰু মৌলবাদীৰ প্ৰাণনাশৰ ভাবুকিৰ পিছত ২০০৮ চনত তেওঁ ক'লকাতা পৰিত্যাগ কৰিবলৈ বাধ্য হয়। বৰ্তমান তেওঁ ভাৰততেই বসবাস কৰিছে। তেওঁৰ গ্ৰন্থ সমূহৰ ভিতৰত 'লজ্জা, আমার মেয়েবেলা, দ্বিখণ্ডিত, গোল্লাছুট' ইত্যাদি উল্লেখযোগ্য।
তছলিমাই সত্তৰৰ দশকৰ শেষ ভাগত সাহিত্য জগতত প্ৰৱেশ কৰে কবিতা লিখাৰ মাধ্যমেৰে। ১৯৮১ চনত নিজা উদ্যোগত তেওঁ তেওঁৰ প্রথম কবিতা সংকলন প্রকাশ কৰে, যাৰ নাম 'শিপাত বিপুল ক্ষুধা'। তেওঁৰ কবিতা গীতিময়তাৰে পুষ্ট। আত্মজীৱনিকতা তেওঁৰ কবিতাৰ বৈশিষ্ট। প্ৰথমৰ পৰাই তেওঁৰ কবিতাত যৌনানুষঙ্গ প্ৰৱলভাবে উপস্থিত, যিটো পৰৱৰ্তী সময়ত তেওঁৰ গদ্য ৰচনাতো পৰিদৃষ্ট হয়।
তেনে এগৰাকী নিৰ্বাসিত আৰু বিশ্বখ্যাত কবিৰ কবিতাৰ অনুবাদেৰে অক্টোৱৰ/২০১৪, প্ৰথম সপ্তাহৰ আখৰুৱাৰ 'সন্ধান' শিতান সজোৱা হৈছে। আমাৰ অনুৰোধত তছলিমা নাছৰিণৰ মূল বাংলা কবিতা 'ভুল প্রেমে কেটে গেছে তিরিশ বসন্ত'-ৰ অসমীয়া অনুবাদ আগবঢ়াইছে গোটৰ সক্ৰিয় সদস্য সুনীল অমিয় ডাঙৰীয়াই। সহজ, সৰল ভাষাৰে কবিতা ৰচা কবি সুনীল অমিয়ই ইতিমধ্যে বাংলা কবিতাৰ অসমীয়া অনুবাদ আমালৈ আগবঢ়াইছে। এইবাৰো তেখেতৰ অনুবাদ কবিতাই গোটৰ সদস্য সকলৰ সঁহাৰি পাব বুলি আমাৰ বিশ্বাস। যিহওক, এইখিনিতে সুনীল অমিয় ডাঙৰীয়ালৈ তেখেতৰ অনুবাদ কবিতাটিৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
প্ৰশাসকবৃন্দ, 
আখৰুৱা : literati গোট।
০৫ অক্টোৱৰ ২০১৪
_________________________________
'ভুল প্রেমত পাৰ হ'ল ত্ৰিশটা বসন্ত'
মূল– তছলিমা নাছৰিণ
অনুবাদ- সুনীল অমিয়
ভুল প্রেমত পাৰ হ'ল 
ত্ৰিশটা বসন্ত, 
তথাপি 
কিয় জানো এতিয়াও 
হৃদয় টিচটিচাই-
প্রতাৰক পুৰুষে 
আঙুলি চুলে 
শিলৰ শৰীৰ ব্যাপি
নিজৰাৰ পানী বয় ।
এতিয়াও কিয় জানো 
কল কল শব্দ শুনো
নির্জন ব'হাগ, 
মাঘ-চ'ত- 
ভুল প্রেমত পাৰ হৈ গ'ল
ত্ৰিশটা বসন্ত,
তথাপিও 
তথাপিও
বিশ্বাসৰ ৰ'দত পুৰি নিজকে এঙাৰ কৰোঁ।
প্রতাৰক পুৰুষ সকলে 
এবাৰ মাতিলেই 
পাহৰি যাওঁ
এৰি অহা সজল ভৈৰৱী 
পাহৰি যাওঁ মেঘালী আকাশ, 
শেষ নোহোৱা দীঘল ৰাতি।
এবাৰ মাতিলেই
সকলো পাহৰি 
আগুৱাও ভৰি
নতুন ভুলৰ প্রতি 
এবাৰ ভালপালেই
সকলো পাহৰি 
কান্দি উঠে অমল বালিকা।
ভুল প্রেমত ত্ৰিশটা বছৰ গ'ল
আৰু যাব সহস্র বছৰ,
তথাপিও বোধ নহ'ব নির্বোধ বালিকাৰ।
_________________________
মূল বাংলা কবিতা:
ভুল প্রেমে কেটে গেছে তিরিশ বসন্ত
– তসলিমা নাসরিন
ভুল প্রেমে কেটে গেছে তিরিশ বসন্ত, তবু
এখনো কেমন যেন হৃদয় টাটায়-
প্রতারক পুরুষেরা এখনো আঙুল ছুঁলে
পাথর শরীর বয়ে ঝরনার জল ঝরে।
এখনো কেমন যেন কল কল শব্দ শুনি
নির্জন বৈশাখে, মাঘ-চৈত্রে-
ভুল প্রেমে কেটে গেছে তিরিশ বসন্ত, তবু
বিশ্বাসের রোদে পুড়ে নিজেকে অঙ্গার করি।
প্রতারক পুরুষেরা একবার ডাকলেই
ভুলে যাই পেছনের সজল ভৈরবী
ভুলে যাই মেঘলা আকাশ, না-ফুরানো দীর্ঘ রাত।
একবার ডাকলেই
সব ভুলে পা বাড়াই নতুন ভুলের দিকে
একবার ভালোবাসলেই
সব ভুলে কেঁদে উঠি অমল বালিকা।
ভুল প্রেমে তিরিশ বছর গেল
সহস্র বছর যাবে আরো,
তবু বোধ হবে না নির্বোধ বালিকার ।

You, Palash Borah, Indranil Gayan, Mousumee Bori and 18 others like this.

Palash Borah Birat bhal lagil. Teo r kabita porha nasilo...
October 6 at 7:34am · Unlike · 3

Malabika Brahma Palash tumar montobyoi amak bohut utxahito korise. Akhoruwar xitan Xondhanor je eyai uddesyo .. 
October 6 at 8:21am · Unlike · 2

কচুগুটি ভৰদ্বাজ ভাল লাগিল সঁচাকৈ৷সুন্দৰ অনুবাদ৷
October 6 at 8:23am · Unlike · 3

Sarada Shrestha আপ্লুত হৈছোঁ । অতি সুন্দৰ অনুবাদ ....
October 6 at 10:54am · Unlike · 2

সুনীল অমিয় সদৌটিলৈ ধন্যবাদ যাচিলোঁ

বন্ধুবর্গ আৰু সদাশয় পাঠক, 'টাটায়' বাংলা শব্দটোৰ পৰিবর্ত্তে মই অসমীয়াত 'টিচটিচাই' বুলি শব্দটোৰ প্রয়োগ কৰিছোঁ।...See More
October 6 at 8:49pm · Unlike · 2

Mousumee Bori আপ্লুত হ' লো
October 7 at 8:43pm · Like · 2

Rousanara Begum তসলিমা নাছৰিণৰ কবিতাটি পঢ়িছো। অনুবাদ কবিতাটি সুন্দৰ হৈছে।
October 8 at 8:18am · Edited · Unlike · 3

সুনীল অমিয় হৃদয়ৰ আলিঙ্গন যাছিলোঁ মৌশমী বৰী আৰু ৰৌছন আৰা বেগম ডাঙৰীয়ানী
October 7 at 9:52pm · Like · 1

Indranil Gayan সুন্দৰ আলোচনা৷
October 7 at 10:28pm · Like · 2

সুনীল অমিয় হৃদয় পৰশ যাচিলোঁ ইন্দ্রনীল
October 7 at 11:36pm · Like