Wednesday, 15 March 2017

হোলি-বিহুණ জ্যোতিষ কুমাৰ দেৱ



হোলি-বিহু


শিমলূ ফুলিলে পলাশো ফুলিলে
ফুলিলে মদাৰৰ ফুল
ফাগুন বলীয়াৰ বা' মতলীয়া
গাতে লাগিলে দোল
বসন্তৰে বালাগি মন মতলীয়া
গোপী সঙ্গে হোলি খেলে শ্যাম কলীয়া
মনৰঙ্গে তনৰঙ্গে এক ৰূপ হলে
ত্রিভঙ্গে নাচত হৰি গোপী অঙ্গে মিলে
যমুনাৰ জল আজি হল বহুৰঙীয়া
গুঞ্জাৰ কুঞ্জে শ্যাম আনন্দে
ৰাধাৰ সঙ্গে হোলিখেল ভুঞ্জে
মধুকৰ পুঞ্জে সুমধুর গুঞ্জে
পুলকিত সবে অনুৰাগ ৰঞ্জে
ফাগু খেলে মনমোহন যশোদা দুলাল
মন মোহে বংশীবদন শ্যামল গোপাল
এক কৄষ্ণ শত দেখোন ৰাধিকা ৰমণ
ব্রজ ৰেণু হল ৰঙীন ধৰিয়ে গুলাল
ৰং খেলিলে উলাহৰ
ৰং দিলে অনুৰাগৰ
ৰঙে ৰঙে বিয়পিলে
ভালপোৱা ফাগুনৰ
কূলিয়ে মাতে মিঠা সুৰে
কোনোৱে যেন নৰয় দূৰে
প্ৰাণে প্রাণে প্রেম জাগে
গোপী মোহন মোহনৰ
ৰঙা নীলা হালধীয়া
কোনে কি ৰং দিবা দিয়া
হকা বধা একোৱে নাই
জয়গান গাই যৌৱনৰ
মোহনৰে ৰং কোনে লবাহি কোনে লবাহি
প্রাণভৰি মনভৰি হকা নেৰাখি বাধা নেৰাখি
ৰঙা নীলা ৰঙৰ ৰহন চৰাই ৰহন চৰাই
হিয়া ভৰি মন ভৰি যত লাগে লৈ লৈ যোৱা
চৰণে হৰিৰ সঁপি দিয়াহি সঁপি দিয়াহি
মনপ্রাণ জীৱধন একো নেৰখি একো নেৰাখি
ভৱ ভয় হাৰি হৰিক ধিয়াই হৰিক ধিয়াই
যাবা তৰি কাল বাৰি মাথোঁ হৰি কৈ কৈ লোৱা
আজি খেলা হোৰি হৰিক ধিয়াই
এক মন প্রাণ প্রণতি জনাই
কবি:-
জ্যোতিষ কুমাৰ দেৱ

No comments:

Post a Comment