Wednesday, 15 March 2017

আইয়ে মাতিছেණ ৰৌচন আৰা বেগম



আইয়ে মাতিছে

সিদিনা বোৱাৰীক আপত্তি কৰি থৈ আহিছোঁ
তাইৰ দোষ নাই জানিও কন্দুৱাই থৈ আহিছোঁ।
ইংৰাজী শিকিছ ভাল কথা, সেইবুলিয়ে
চৌধ্য পুৰুষৰ ভেটিটোত পদধূলি নিদিবি নে ?
কুশল বাতৰি নলবি নে ?
মাতৃভাষাত কোনো ফলক দেখিলেও নপঢ়িবি নে ?
তঁহতে কিয় পাহৰি যাবি ! কোনখন গাঁৱৰ,
কোনটো কেঁকুৰিৰ কত আছিল, তহঁতৰ মোমাইদেউৰ ঘৰ ?
কিছু সময়লৈ কিয় নবহিবিগৈ
তহঁতৰ পেহীদেউৰৰ জুহালৰ কাষত ?
দেখিলেই কি কাপোৰ লবি নাকত
যেন অচিনাকী গোন্ধ পাইছ!
বোৱাৰীয়ে কি ওৰণি টানি লব মুৰত
যেন মৰি গৈছে লাজত!
এইখন ধানে-মাহে ভৰা গাঁৱলীয়া ঠাই।
সকলোৰে এটা সৰল-সহজ, আদৰুৱা, অটল মন আছে।
নদী, পাহাৰ, নিজৰাৰ
মাজেদিয়ে ইয়াত কত অভ্রময় পথ!
নীল আকাশ, মুকলি পথাৰ, পুখুৰীৰ পাৰ
এইবোৰ জানো চহৰত থাকে?
শোভা বাঢ়িবহে, তঁহতে ভবাৰ দৰে নকমে ।
সোণ-ৰূপৰ অলংকাৰৰে যিমানেই সজাই
নোতোল কিয় তঁহতে নিজকে,
আত্মাৰ সৌন্দর্যইহে আমাক প্রস্ফুটিত কৰে।
বোৱাৰী আৰু নাতিকেইটাক লগত লৈ
এইবাৰৰ বিহুত গুচি আহ পোনা,
আম-কঁঠালৰ বাৰীখনৰে সৈতে ঘৰটো জনাকীর্ণ হৈ
মকৰাৰ জালে আৱৰি ধৰিছে, বুজিছ!
তহঁতেই যদি চোৱা-চিতা নকৰ, মোৰ কথা নুশুন
কেতিয়াবা এনে লাগে যেন এই সকলোবোৰ ভাঙি চিঙি
দলিয়াই থৈ কোনোবা দুৰণিত
মই হেৰাই যামগৈ এই গ্রন্থলোক এৰি।
সেয়ে তহঁতক কওঁ---
তহঁত আহ,
মোৰ বুকুৰ মাজলৈ সোমাই আহ।
চাই যাহি এবাৰলৈ, কেনেকৈ
সিঁচৰতি কৰি থৈছো পোহৰ,
কেনেকৈ গঢ়ি তুলিছো নতুন শব্দৰ ফচল
আৰু বাৰে-বৰণীয়া
ফুলৰ সেউজীয়া গছ-বননি।
তহঁতেই তো ভবিষ্যতৰ সৃষ্টিকামী সুনাগৰিক।
পাখি গজা পৰুৱাৰ নিচিনাকৈ
শিখাত ডুবি মৰিবলৈ নাযাবি কেতিয়াও;
আক্ষেপ নাথাকে যেন পাছত !
আইৰ মুখৰ চেনেহী ভাষাকণৰ
আদৰ কৰ পোনা ।
মেলি চাচোন এবাৰলৈ বন্ধ হৈ থকা
ৰূপে-ৰসে ভৰা তহঁতৰ
মাতৃভাষাৰ আটকধুনীয়া অভিধান।
কবি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment