মগ্ন উশাহ(৯)
বৰষুণৰ ক্ষণ মোৰ
ফুল বসন্তৰ ৰঙীন একোপাহ কোমল
ফুটোন্মেখ স্পৰ্শত এমুঠি সেউজীয়া
ফুল বসন্তৰ ৰঙীন একোপাহ কোমল
ফুটোন্মেখ স্পৰ্শত এমুঠি সেউজীয়া
বৰষুণৰ কবিতা মোৰ
বুকুৰ ৰামধেনু বাটেৰে জিৰ্ জিৰ্
একেটি সূৰ হৈ মগ্ন পছোৱা বলে
বুকুৰ ৰামধেনু বাটেৰে জিৰ্ জিৰ্
একেটি সূৰ হৈ মগ্ন পছোৱা বলে
বৰষুণৰ গান মোৰ
চিনাকী বাঁহীৰ মৌ-সৰা স্পন্দন
কাঁচিয়লী বাটেৰে পখিলী হৈ উৰে
চিনাকী বাঁহীৰ মৌ-সৰা স্পন্দন
কাঁচিয়লী বাটেৰে পখিলী হৈ উৰে
বৰষুণৰ ৰং মোৰ
ফৰিংফুটা জোনাকৰ মধুৰতা
বুকুৰ চোতাল উপচা জোনাকী দেশৰ সাধুকথা ৷
ফৰিংফুটা জোনাকৰ মধুৰতা
বুকুৰ চোতাল উপচা জোনাকী দেশৰ সাধুকথা ৷
কবি:
ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment