কথা আৰু
প্ৰতিশ্ৰুতি
তেওঁৰ কথাত যাদু
নাছিল, সন্মোহনীও নাছিল, নাছিল কথাবোৰ বোধগম্যও , অথচ তেওঁৰ ব্যক্তিত্বত ফুটি উঠিছিল স্বকীয়তা, কণ্ঠত বিৰাজমান পুৰাতন গাম্ভীৰ্য্য। ঠিক তেওঁ অঁকা ছবিবোৰৰ
দৰেই বুজা নুবুজাৰ অন্তৰাল নেওচি তেওঁক চাই থাকি ভাল লাগিছিল। আপোন আপোন লগা মনোভাৱে দোলা কৰি গৈছিল মায়াৰ বুকু। এৱেঁই তাৰমানে সুখ্যাত চিত্ৰকৰ
পাঞ্চজন্য।
লুঙলুঙীয়া বাটটোৰ দুয়োকাষে দোঁ খাই পৰা গাঢ় গুলপীয়া
বুগেনভিলীয়াবোৰ চাই মায়াৰ মনটো বিচলিত হৈ পৰিছিল। সৰু সৰু গুল্ম, লতাজাতীয় উদ্ভিদৰ মাজেৰে গা কৰি উঠা বটবৃক্ষৰ ছাঁ লৈ তাই আগবাঢ়িছিল বাছষ্টেণ্ডটোৰ অভিমুখে। ওচৰা
ওচৰিকৈ গজি উঠা শীৰ্ণ গছকেইজোপাৰ আঁৰ লৈ বেলিটোৱে মেলানি
মাগিবৰ যো জা চলাইছিল। বতাহত ওপঙি ফুৰিছিল বনৰীয়া ফুলৰ সুতীব্ৰ সুঘ্ৰাণ। প্ৰকৃতিৰ ভৰুণ ৰূপ প্ৰত্যক্ষ কৰি অত্যোৎসাহত মায়াৰ ওঁঠেদি মৃদু
খিলখিলনি বাগৰিছিল।
— তুমি মায়া নহয় জানোঁ?
পিছফালৰ পৰা মাত
লগাইছিল পাঞ্চজন্যই। থতমত খাইছিল মায়াই, দুভৰিৰ স্থিৰতা হেৰুৱাবৰ উপক্ৰম ঘটিছিল। কোনোমতে নিজক চম্ভালি সাদৰ সম্ভাষণ জনাইছিল অন্তৰৰ নিভৃততম কোণত গোপনে ঘৰ
সাজিবলৈ আৰম্ভ কৰা চিত্ৰকৰজনক।
— তোমাৰ লেখা পঢ়িছোঁ, বেছ ভাল। চিনাকি হোৱাৰ ইচ্ছা পুৰণি। লগ
পাই ভাল লাগিল।
— অহ ধন্যবাদ। আপোনাৰ ছবিও মোৰ প্ৰিয়।
ইনফেক্ট দুখনমান ডাউনল’ড কৰিও ৰাখিছোঁ।
— কি কোৱা! আমাৰ ভাললগাটো তাৰমানে
মিউচুৱেল।
সলাজ হাঁহিৰ
ৰঙচুৱা আভা বিয়পি পৰিছিল মায়াৰ গালে মুখে। পাঞ্চজন্যৰো লক্ষ্যস্থান বাছষ্টেণ্ড। সৌভাগ্যক্ৰমে বাছও একেখনেই
পৰিছিল দুয়োৰে ভাগত, খালি থকা দুজনীয়া ছীটটোত সিহঁত বহি
পৰিছিল। অলপতে হৈ যোৱা অনুষ্ঠানটোৰ সফলতাৰ পৰা চহৰখনৰ ভাড়াঘৰবোৰলৈকে, ডাল ভৰি ফুলি ৰোৱা বুগেনভিলীয়াৰ পৰা আকাশৰ চৰণীয়া জোনটোলৈকে, সাহিত্যৰ পৰা আৰম্ভ কৰি চিত্ৰকলালৈকে — কথাবোৰ আগবাঢ়িছিল।
জিৰজিৰকৈ সৰি পৰা
প্ৰাণখোলা হাঁহি এটাৰ ফাঁকতে পাঞ্চজন্যই মায়াক নিমন্ত্ৰণ জনাইছিল নিজৰ ঘৰলৈ, ষ্টুডিঅ’লৈ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে উদ্বুদ্ধ হৈ নাতিদূৰত
ঢিমিকি ঢিমিকি জ্বলি ৰৈছিল নৱ বন্ধুত্বৰ প্ৰদীপ এগছি।
(সমাপ্ত)
কবি:-
ණ প্ৰতীক্ষা প্ৰিয়ম ।
No comments:
Post a Comment