Friday, 31 March 2017

অসমৰ প্ৰতিগৰাকি শুভলক্ষ্মীৰ জ্ঞাতাৰ্থেණ উত্পল মেধি



অসমৰ প্ৰতিগৰাকি শুভলক্ষ্মীৰ জ্ঞাতাৰ্থে

হে নিৰ্যাতনৰ বলি হোৱা
অসমৰ প্ৰতি গৰাকি শুভলক্ষ্মী !
আপোনালোকে নিৰবে সহ্য নকৰিব
সেই নৰ পিশাচ বোৰৰ অশ্লিল ব্যবহাৰক ৷
শুনিছো আইনে নাৰীৰ সুৰক্ষা দিছে
শুনিছো ন ন ধাৰাৰ সৃষ্টিওঁ কৰিছে
কিন্তু কতা ?
সোকলো বোৰ দেখো ভেকো ভাওনা
অপৰাধী বোৰে সদায়
মুকলি আকাশৰ তলত ঘুৰিছে ফুৰিছে
সিহঁতে,
শগুনৰ দৰে
কেৱল দিনে ৰাতিয়ে নাৰীৰ দেহৰ
কোমল কেচা মাংস বিচৰাত ব্যস্ত ৷
সেই ৰাং-কুকুৰ হঁতৰ কাৰনে
যিমানেই আইনে ধাৰাৰ সৃষ্টি কৰিছে
দিনে দিনে সিমানেই
ধৰ্ষন , নিৰ্যাতনৰ বলি হৈছে
এজনী এজনী শুভলক্ষ্মী
হে প্ৰতি গৰাকী নিৰ্যাতিতা
আপোনালোকে বাৰে বাৰে সহ্য নকৰিব
নীৰৱে নীৰৱে ৷
যিমানেই সহ্য কৰিব নিৰবে
সিমানেই দানৱ হৈ উঠিব সিহত বোৰে
আকৌ এবাৰ
আপোনালোকৰ দেহৰ আবৰন ফালি
উলংঙ্গ কৰাৰ আগত
আপোনালোকৰ কালিৰ ৰুপক
জগায় তোলক ৷
সেই মাস্ক পিন্ধা
পিশাচ বোৰৰ ওপৰত
জেহাদ ঘোষনা কৰক ,
ৰনদংকা বজাওঁক,
যুদ্ধৰ বাবে নিজকেই প্ৰস্তুত কৰক ৷
জীৱন বাটৰ প্ৰতিতো খোজে খোজে
যুদ্ধং দেহিং ভাবে আগুৱাই যাওক ,
দাৰে ঘপিয়াই শিৰচ্ছেদ কৰক সিহতক ,
চুৰিৰে আঘাত কৰক
সিহতৰ পুৰুষত্বক ৷
সেই মুখত মাস্ক পিন্ধা বোৰ
মুখত এচিড ঢালি দিয়ক ৷
যাতে দুষ্ট চকুৰে
অশ্লীল চাৱনিত চাৱ নোৱাৰে
বাৰে বাৰেই ৷
তেতিয়াহে সেই পিশাচ বোৰে
ভয়ত পেপুৱা লাগিব
যেতিয়া আপোনা সৱৰ
ৰুদ্ৰ ৰুপ প্ৰদৰ্শন হৱ ৷ ৷
এয়া মোৰ……
অসমৰ প্ৰতি গৰাকি নিৰ্যাতিতা
শুভলক্ষ্মীৰ জ্ঞাতাৰ্থে
মুকলি আবেদন…!
কবি:-
ত্পল মেধি

No comments:

Post a Comment