বসন্ত
--------------
এজুলুকা বৰষুণত সাগৰৰ তান
গছ লতিকাই গালে বসন্তৰ গান
--------------
এজুলুকা বৰষুণত সাগৰৰ তান
গছ লতিকাই গালে বসন্তৰ গান
বনকেতেকী ,নাহৰৰ বোকোচাত
ককিলা দঁৰিয়া হাঁহ
আমে মলিয়ালে ,কঁঠালে মুচিয়ালে
প্ৰকৃতিৰ হিয়াত ঠেও ধৰি ধৰি কামিনীকুসুম নাচে ।
ককিলা দঁৰিয়া হাঁহ
আমে মলিয়ালে ,কঁঠালে মুচিয়ালে
প্ৰকৃতিৰ হিয়াত ঠেও ধৰি ধৰি কামিনীকুসুম নাচে ।
বুকুৰ হেঁপাহে ৰঙা আঁচোৰে
উশাহতে পাঁজি সেৰা কটা তুলা
দীঘ আৰু বাণীত কাউৰী ঘুমতি
চেনেহৰ তেজাল ঘোঁৰা
চকুত জ্বলেমলায় তৰা ।
উশাহতে পাঁজি সেৰা কটা তুলা
দীঘ আৰু বাণীত কাউৰী ঘুমতি
চেনেহৰ তেজাল ঘোঁৰা
চকুত জ্বলেমলায় তৰা ।
কটালি বনৰ বুকুৰ
বেদনা
মৰলীয়া বনত পমে
সাঁজলী ভোটা তৰা চকুত নাচি
কুঁৱৈলতা হৈ আহে
চৰাই চুবুৰীত বনঘোষা
তৰংগায়িত সুৰত বাজে
চঞ্চলা তটিনী দেহত
উখল -মাখল মাহ -হালধী সানে ।
মৰলীয়া বনত পমে
সাঁজলী ভোটা তৰা চকুত নাচি
কুঁৱৈলতা হৈ আহে
চৰাই চুবুৰীত বনঘোষা
তৰংগায়িত সুৰত বাজে
চঞ্চলা তটিনী দেহত
উখল -মাখল মাহ -হালধী সানে ।
কবি:-
ණ মেঘালী ৰাজকুমাৰী ।
No comments:
Post a Comment