আখৰুৱাৰ ধাৰাবাহিক
উপন্যাস: ৰূপোৱালী মেঘৰ ছায়া
খণ্ড-৮
খণ্ড-৮
নতুন ছিনিয়ৰ
হৈছিলোঁ আমি৷নতুন চিনিয়ৰ হৈ নতুনকৈ অহা ছাত্ৰীসকলক ৰেগিং কৰাৰ অধিকাৰকণ লাভ কৰিছিলোঁ৷আমাৰ বেটচটোৱেও
নৱাগতা সকলক ৰেগিং কৰিবৰ বাবে কমন ৰূমলৈ মাতিছিল ৷
সেইদিনা কমন ৰূমত
আমি নতুন চিনিয়ৰ হৈ চোফাত বহিছিলোঁ আৰু নৱাগতা সকলে মজিয়াত বহিছিল ৷ আমি নৱাগতা সকলক এজনী এজনীকৈ মাতি মাতি নাম কি, ঘৰ ক’ত, মেট্ৰিকত চিঠি কেইখন পাইছিল, হবি কি ইত্যাদি ইত্যাদি সুধি গৈছিলোঁ কিন্তু পয়মাল লাগিল তেতিয়া যেতিয়া
সবিতা নামৰ ছোৱালীজনীয়ে এইবোৰৰ একো এটাৰে প্ৰশ্নৰ
উত্তৰ দিব নিবিচাৰিলে ৷ তাই তেনে কৰাত সকলোৰে খং উঠিল আৰু আমাৰ পৰা তাই গালি শুনিব লগা হ’ল ৷ গালি খাই তাইৰ চকুপানী ওলাল৷তাই যেতিয়া নিজৰ কোঠা পালেগৈ এগৰাকী চিনিয়ৰে তাই থকা কোঠাটোত ভূত থকা বুলি ভয় খোৱালে ৷পিছদিনা সবিতাই নিজৰ মাক-দেউতাকলৈ
ফোন কৰি কান্দি-কাটি সকলো কথা ক’লে আৰু এই হোষ্টেলত থাকিব নোৱাৰাৰ কথা জনালে ৷ মাক-দেউতাকে তাইৰ কথা শুনি হোষ্টেল চুপাৰ
আৰু মহাবিদ্যালয়ৰ অধ্যক্ষক হোষ্টেল ৰেগিঙ কৰাৰ কথা অৱগত কৰিলে ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু হোষ্টেল চুপাৰ আহি আমাৰ বেটচটোক জেৰা কৰাৰ লগতে
হোষ্টেল ৰেগিং সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ আদেশ দি থৈ গ’ল ৷ এটা সৰু কথাকে সবিতাই ইমান ডাঙৰ কৰি
পেলোৱাত সকলো চিনিয়ৰৰ লগতে সবিতাৰ বান্ধৱী সকলেও
সবিতাক নমতা হ’ল৷একপ্ৰকাৰ বয়কট হোৱা দেখি অৱশেষত তাই মহাবিদ্যালয়ৰ পৰা
ট্ৰান্সফাৰ লোৱাটোকে সিদ্ধান্ত ল’লে৷ এইকথা গৈ বাতৰিকাকতৰ সাংবাদিকৰ কাণত পৰিল
৷ তাই হোষ্টেল এৰি যোৱাৰ পিছদিনাই বাতৰি কাকতত ডাঙৰ ডাঙৰ আখৰেৰে বাতৰিটো প্ৰচাৰ হ’ল৷ এনে এটি কথাই বাতৰিকাকতৰ
শিৰোনাম দখল কৰিব লগা অৱস্থাত পৰাত হোষ্টেলৰ ছাত্ৰীসকল হতাশ হৈ পৰিল আৰু ইতিমধ্যে অধ্যক্ষৰ পৰা নটিচো
আহিল যে পুনৰ ৰেগিঙ কৰা বুলি ধৰা পৰিলে উপযুক্ত শাস্তিৰ ব্যৱস্থা হ’ব৷ ইয়াৰ পিছত সাধাৰণ পৰিচয় পৰ্বৰ বাদে ছোৱালী হোষ্টেলৰ ৰেগিঙ বুলি একো নাইকিয়া হ’ল৷ আমি ৰেগিঙ বুলি যি আনন্দ কৰিছিলোঁ সেই আনন্দ হোষ্টেলত বহুখিনি কমি গ’ল ৷
০০০০০০০০০০০০০০০
মই থকা কোঠাটোৰ
নম্বৰ এফ-৫৷মোৰ অতি মৰমৰ কোঠা!কোঠাটো চাৰিজনীয়া--চাৰিখন বিচনা,চাৰিখন টেবুল-চকী, চাৰিটা ৱাৰড্ৰৱ৷
সেইদিনা আমাৰ কোঠাত সকলো পঢ়াত ব্যস্ত আছিল৷ মই কিতাপখন মেলি বহি আছোঁ যদিও বেলেগ কথাহে ভাবি আছিলোঁ৷আজি মই আৰ-তাৰ মুখত শুনিছোঁ কাইলৈ বোলে “ভেলেন্টাইন ডে” মানে “প্ৰেমৰ দিৱস” ৷ মই ৰূমমেট জয়া বাইদেউক সুধিলোঁ ---
:জয়া বা, ভেলেন্টাইন ডে’ৰ দিনা অফিচ-চফিচ, কলেজ আদি বন্ধ থাকে নেকি?”
মোৰ প্ৰশ্নত জয়া বাইদেউ হাঁহিত থাকিব নোৱাৰা হ’ল আৰু হাঁহি হাঁহি ক’লে –
: বন্ধ নাথাকে অ’ আইজনী!এইজনী সঁচাই আজলী হৈ আছে দেই ৷
জয়া বাইদেউৰ কথাত বাকী ৰূমমেট কেইজনীয়েও হাঁহিত যোগ দিলে ৷
সেইদিনা আমাৰ কোঠাত সকলো পঢ়াত ব্যস্ত আছিল৷ মই কিতাপখন মেলি বহি আছোঁ যদিও বেলেগ কথাহে ভাবি আছিলোঁ৷আজি মই আৰ-তাৰ মুখত শুনিছোঁ কাইলৈ বোলে “ভেলেন্টাইন ডে” মানে “প্ৰেমৰ দিৱস” ৷ মই ৰূমমেট জয়া বাইদেউক সুধিলোঁ ---
:জয়া বা, ভেলেন্টাইন ডে’ৰ দিনা অফিচ-চফিচ, কলেজ আদি বন্ধ থাকে নেকি?”
মোৰ প্ৰশ্নত জয়া বাইদেউ হাঁহিত থাকিব নোৱাৰা হ’ল আৰু হাঁহি হাঁহি ক’লে –
: বন্ধ নাথাকে অ’ আইজনী!এইজনী সঁচাই আজলী হৈ আছে দেই ৷
জয়া বাইদেউৰ কথাত বাকী ৰূমমেট কেইজনীয়েও হাঁহিত যোগ দিলে ৷
হঠাতে মোৰ একে
ব্ৰাঞ্চৰ বান্ধৱী ৰুবীয়ে আমাৰ কোঠাৰ দুৱাৰখনৰ এপাট খুলি মুখখন উলিয়াই মোক উদ্দেশ্যি ক’লে ---“প্ৰাপ্তি কাইলৈ
এনেকোৱা এযোৰ কাপোৰ পিন্ধিবা য’ত অলপ হ’লেও নীলা ৰংটো
থাকিব লাগিব ৷”নীলা ৰং মোৰ ভাল লাগে৷নীলা ৰঙে যেন প্ৰেম,বিশালতা আদি বহু কথাৰ প্ৰতিনিধিত্ব কৰে!!
পিছদিনা আমাৰ ব্ৰাঞ্চৰ সকলোৱে নীলা ৰঙৰ কাপোৰপিন্ধি
কলেজলৈ গ’ল৷মইও এযোৰ নীলা ৰঙৰ চুৰিডাৰ পিন্ধিলোঁ৷প্ৰতিজনী ছোৱালীকে
যৌৱনে ৰং সানি দিয়া এজনী চিতপখিলীৰ দৰে লাগিল৷ “টি ব্ৰেক”ত আমি সকলোৱে “ভেলেন্টাইন ডে”ৰ নামত ফটো উঠিলোঁ৷কলেজৰ প্ৰেমিক-প্ৰেমিকা যুটিবোৰ ধুনীয়াকৈ ঘূৰি ফুৰা দেখা গ’ল৷ “টি ব্ৰেক”ৰ বেল পৰাত সকলো ল’ৰা-ছোৱালী নিজৰ নিজৰ ক্লাছৰূমলৈ বুলি আগবাঢ়িল ৷
“বেছিক ইলেক্ট্ৰনিক্স”ৰ ক্লাছ৷ডেকা চাৰ সোমাই আহিল৷তেওঁ পি এন জাঙ্কচনৰ ছবি আঁকিলে আৰু ৱৰ্কিং প্ৰিঞ্চিপল ক’লে৷চাৰে দিয়া নোটচ নিজৰ বহীত লিখিলে সকলোৱে৷চাৰে মাজতে “ওম’চ ল’” কাক বোলে মোক সুধিলে৷অসমীয়া মিডিয়ামৰ পৰা পঢ়ি অহা মই ক’লো – “চাৰ, ওমৰ সূত্ৰটো আছিল……” পিছফালৰ পৰা দুজনমান দুষ্ট ল’ৰাই খুকখুকাই হঁহা শুনা পালোঁ৷মই
শুদ্ধ অসমীয়াত ওমৰ সূত্ৰটো কোৱাত সকলোৰে হাঁহি উঠিল৷চাৰ যোৱাৰ পিছত ল’ৰাকেইটাই মোলৈ চাই হাঁহি হাঁহি সুধিলে –
:“প্ৰাপ্তি, ওমৰ সূত্ৰটো কি আছিল অ’?
মই সিহঁতলৈ খঙেৰে চাই ক’লো—
:হ’ব, ঠাট্টা কৰিব নালাগে, অসমীয়া ছোৱালী, শুদ্ধ অসমীয়াত কৈছো আকৌ৷
:“প্ৰাপ্তি, ওমৰ সূত্ৰটো কি আছিল অ’?
মই সিহঁতলৈ খঙেৰে চাই ক’লো—
:হ’ব, ঠাট্টা কৰিব নালাগে, অসমীয়া ছোৱালী, শুদ্ধ অসমীয়াত কৈছো আকৌ৷
অসমীয়া মিডিয়ামৰ
পৰা পঢ়ি অহা মই সকলো শব্দ অসমীয়াত পঢ়োঁতে পঢ়োঁতে ইংৰাজী শব্দ আয়ত্তলৈ আহিবলৈ মোৰ সময় লাগিছে৷অসমীয়া মেডিয়ামত পঢ়ি
অহাৰ বাবে কলেজৰ প্ৰথম বৰ্ষটো মোৰ বৰ কষ্টেৰে পাৰ হ’ল৷চাৰ-মেম সকলে ক্লাছত ইংৰাজীত দিয়া বক্তৃতাবোৰ প্ৰথম প্ৰথম যে মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল!বহুত
পৰিশ্ৰম কৰি বিষয়বোৰ আয়ত্তলৈ আনিব লগা হৈছিল মোৰ৷
(আগলৈ)
কবি:-
কবি:-
ණমৌচুমী বৰি ।
No comments:
Post a Comment