Tuesday, 21 March 2017

আকৌ আজি ফাগুনে দোলা দি গ’লණ অংকুৰ শইকীয়া



আকৌ আজি ফাগুনে দোলা দি গ
 
আকৌ আজি ফাগুনে দোলা দি গ
যাগৈ যা খোজৰ আবেলিৰে
বুকুত এপাহি কৃষ্ণচূড়াৰ ঠিকনা সামৰি ললো
সেই কোন কাহানিৰে কথা আছিল জানো
ভটিয়াই নাওখনি কাষ চপাই আনিছিলো পাৰ
নীলিমা ভেদি নামি আহিছিল এজাক বৰষা
নিৰস মুখখনি তিয়াই নিবলৈ
প্ৰতিটো ক্ষণ বসন্ত হোৱাৰ আশাত
লাহে লাহে জোনাকে বুটা বাচি ওমলি আছিল দুবৰি চোতাল
হয়তো মায়াৱী ৰজনী বাটৰ ৷ জুনুক-জানাক উশাহৰ প্ৰতিটো মৌ-মিঠা শব্দ
গঁজালি মেলিছিল ভৰুণ পৃথিৱীৰ আঁচল উৰোৱাই ৷
তেতিয়া উজাগৰী প্ৰতিটো নিশা
হৈ পৰিছিল এখনি নৈ
প্ৰতিটো ক্ষণ জোনাকী পৰুৱা খেদি খেদি মৌ-পগলা মনটো অধীৰ
আৰু ভাৱনাৰ সাগৰত ডুব গৈ থকা পদূলিটো
মোৰ প্ৰাপ্য ঠিকনা বিচাৰি স্বাধীনতাৰ পাতাকা উৰিব ধৰিছিল ৷
আকৌ আজি ফাগুনে দোলা দি গ
ঘৰমুৱা পক্ষীজাকৰ সতে
প্ৰতিশ্ৰুতি চহোৱা একোখিলা সৰাপাতৰ স্বপ্নীল আকাশৰ নৈ ৷
(
বিশ্ব কবিতা দিৱস উপলক্ষে একলম....)
বি:
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment