Tuesday, 7 March 2017

বিলাতী বজাৰ ණ প্ৰশান্ত কলিতা



 বিলাতী বজাৰ

টলকতে ঘৰচীয়া গোলামি
জাক-জমকত এখন জাননী
অভ্যৰ্থনা সমিতিৰ চহী,চকী
সজীয়া মজিয়া ভূচিত্ৰাৱলী l
পুতৌ জন্মিছে -
নীলা পৰ্দাত কজমেটিক্
ৰঙা ৰুম ৰোমাণ্টিক
বাহীমুখা তই
বিলাতী মগজু
আচন্দ্ৰাই ধৰা এখন নগ্ন বজাৰ ।
ফাইদা ফটিকা
চপনীয়া লিগিৰাৰ চালনী-সৰকা মুখ
প্লাষ্টিক কায়দা-কিটিপ,
কলমটিয়া মন্ত্ৰণালয়ত
মমতাৰ পিঠিত পৰিল ময়লা l
লাচাৰ সিহঁতক লাঠি চাৰ্জ্জ
লাটুম হেন অঙ্গ-প্ৰত্যঙ্গ ,
বেচা কিনা কাৰখানাত খচৰা
সৌধ কোঠাত মস্ত দানিত
দাপোণৰ দানীও দৰিদ্ৰ l
ডীম লাইট , ভেকো-ভাওনা
পুতৌ ওপজা মূৰ্তি
ফাইদা ফটিকা বিলাতী ।

কবি:- প্ৰশান্ত কলিতা

No comments:

Post a Comment