Showing posts with label চানেকি শিতান (সম্পাদিত). Show all posts
Showing posts with label চানেকি শিতান (সম্পাদিত). Show all posts

Sunday, 30 April 2017

‘প্ৰকাশ’ আলোচনীৰ কবিতাৰ সমালোচনা



চানেকি : প্ৰকাশ,
প্ৰকাশআলোচনীৰ কবিতাৰ সমালোচনা
সমালোচক- পলাশ কুমাৰ নাথ
সদস্য, আখৰুৱা
°°°°°°°°°°°°°°
এপ্ৰিল মাহ ২০১৭ ৰ "প্ৰকাশ" আলোচনীৰ যিটো কবিতাই মোক চুই গৈছে সেই কবিতাটি হৈছে অনুভৱ তুলসী দেৱৰ "আমাৰ বিহুৰ কাপোৰ নিলে কোনে"
"আমাৰ বিহুৰ কাপোৰ নিলে কোনে"
মৰ-আঁউসী ফালি আকাশৰ সিপাৰৰ পৰা কোন আহিছে
দোৰপতিৰ খটখট গৰকাৰ দপদপ
সন্মোহনী শৱদ যেন লাগিছে
আকাশৰ পৰা জিৰজিৰকৈ সৰিছে জোনাক
হাটীপটি বাগিচাত জাকি মাৰি তৰা ফুল ফুলিছে
পিক ৰঙা ওঁঠত আই তই
কি নামৰ বাছিছ গুণাফুটুকী
ব্ৰহ্মাই সৰজা
ঢোল বাজিছে নে মাদল
মই একো বুজা নাই আই
সুদূৰৰ সেই শৱদ সৰগীয় সেই বাজনা
এতিয়া নিচেই কাষতে শুনা যেন লাগিছে
পাৰ হোৱা পল-অনুপলৰ বুকুত
চিৰকালে বাহ সাজিছে
মোৰ মনে যেন পাৰিজাতৰ গোন্ধ পাইছে
নোমৰ আগত আমোলাই ফুলিছে কেতেকী
কিয় আই কিয় মই বুজা নাই
আমি যেতিয়া এধানি এধানি
পিতায়ে ভগা বীণখনি বাইছে
বেসুৰ গীতেৰে পুৱতি পখীক জগাইছে
কুঁৱলিৰ আঁৰ লোৱা সেইবোৰ কথা
পাহৰিব কিয় পৰা নাই আই
আন্ধাৰ ৰাতিৰ আকাশত
সেয়া চোন অচিনা তৰাৰ লৰা-ঢপৰা
নেদেখা নঙলা কোনে খোলে
কোনে আহি দুৱাৰত টুকুৰিয়ায়হি
শোকে-তাপে কোঙা কৰা বাঢ়ৈটোকাৰ ঠোঁট
মাকো এটাৰ মুকুতিৰ বাসনা নে আন কিবা
আই মই একো বুজা নাই
জীয়া মানুহ মৰে কিয়
উপজিয়েই কান্দে কিয় কেঁচুৱাই
মানুহ মৰি হয়নে যতৰ
ৰঙা আঁচুৰ মহুৰাটোৱেই হয়গৈ নে মহাজীৱন
আই তই যাতনাৰ দীঘল দিনৰ তাঁতবাটি কৰি
উদিত বেলিৰ হাতেৰেই তোলাৱনে ব
আন্ধাৰৰ দাঁৰ মাৰি ৰাতিৰ ভৰুণ নৈ পাৰ হোৱা
পানীৰ মাজত কেনেবাকৈ ভাহি থকা
কোটোহাপাৰৰ নামঘৰত ৰামবিজয় ভাওনা
লাইখুঁটাত আঁউজি বহি থকা পিতাই
হাতীয়ে গচকাদি মোক টোপনিয়ে গচকে
ধৰ ধৰ মাৰ মাৰখন লাগে
সপোন ভগাৰ পিছত তোৰচোন দেখাদেখি নাই
আই মই একো বুজা নাই
আকাশৰ পৰা হঠাতসাৰে কিয় সৰে তৰা
আন্ধাৰ গোমোঠা আন্ধাৰ মুজুৰা
তাৰ মাজতে ফুলে বনফুল
বিহুৱানৰ বাবে সূতা সিজোৱা
কেৰাহীত ভাতৰ উতল
নে দোৰপতিৰ উখল-মাখল
কোন সুদূৰৰ পৰা আহিছে ভাহি
আই তোৰ পিক ৰঙা ওঁঠত
কি নামৰ ফুটিছে গুণাফুটুকী
ব্ৰহ্মাই সৰজা
পেঁপা বাজিছে নে গগনা
মই একো বুজা নাই আই।
পৰ্যালোচনা---
কবিতা কবিৰ গোপন বুকুৰ গভীৰ হুমুনিয়াহ। সুখ কিম্বা দুখ, হৰ্ষ কিম্বা বিষাদ কবিতা হৃদয়ৰ পৰা বৈ অহা অনুভৱৰ সাগৰ। কবিয়ে বাস কৰা পৃথিৱীখনত সংগোপনে কঢ়িয়াই লৈ ফুৰে নিজৰ প্ৰিয় চৰিত্ৰবোৰক যাৰ সহায়ত গভীৰ আকুলতাৰে ৰোমন্থন কৰে তেওঁৰ প্ৰিয় অতীতক।
সেই বিষন্ন অতীতপ্ৰীতিয়ে ধৰা দিছেহি বহাগৰ আগমনত চেনেহী আইৰ হাতৰ বিহুৱানখনিক কেন্দ্ৰ কৰি এটি সপোনৰ অচিলা লৈ। বিহু আহিলেই তামোল পিক ৰঙা ওঁঠৰ "আই' গাত তৰণি নাছিল। তাঁত-বাতি দিন ৰাতি এক কৰি উখল-মাখল পৰিবেশ সৃষ্টি কৰা আইৰ তাঁত-শালৰ দোৰ্পতিৰ খটখট, গৰকাৰ দপ্ দপ্ শব্দত কবিয়ে পাৰিজাতৰ গোন্ধ পাইছে। এই পাৰিজাত সৰগৰ পাৰিজাত।
আইৰ আগমনত সৃষ্টিকৰ্তা পৰমপিতা ব্ৰহ্মাৰ সৰগীয় বাজনা ঢোল, মাদল, পেঁপা নে গগনা কি বাজে কবিয়ে নাজানে। মাথোন এক স্বৰ্গীয় সন্মোহনী সুৰে তেওঁক স্মৃতি-বিহ্বল কৰি তোলে।
বৰ্তমানৰ মৰ- আঁউসীৰ আন্ধাৰ পোহৰাই তোলে কবিৰ চেনেহী আইৰ তামোল পিক সনা ওঁঠৰ মুখখনে। কবিয়ে কৈছে
"পিক ৰঙা ওঁ‌ঠত আই তই
কি নামৰ বাছিছ গুণাফুটুকী"
কবিতাটিৰ জৰিয়তে কবিয়ে অকল নিজৰ "আই" ৰ বা নিজৰ ঘৰখনৰ চিত্ৰই অংকিত কৰা নাই বৰঞ্চ অতীতৰ আমাৰ অসমীয়া সমাজৰ "প্ৰতিগৰাকী" আইক তুলি ধৰিছে।
পুৱা আকাশে ধলফাট মেলোঁতেই ভগা বীণখনি বজাই পিতায়ে বেসুৰ গান গাই যেন পুঁৱতি পখীবোৰকহে জগাইছে। কবিয়ে এই কথাবোৰ এতিয়াও পাহৰিব ও পৰা নাই।
"পিতায়ে ভগা বীণখনি বাইছে
বেসুৰ গীতেৰে পুৱতি পখীক জগাইছে
কুঁৱলিৰ আঁৰ লোৱা সেইবোৰ কথা
পাহৰিব কিয় পৰা নাই আই।"
আধুনিকতাবাদে গৰকা আমাৰ ক্ষয়িষ্ণু সমাজে মাকো, যঁতৰ, দোৰ্পতি, আঁচু, বীণ, মহুৰা আদিবোৰ পাহৰি পেলোৱাৰ লগতে আমাৰ সেই "আই' আৰু পিতাইকো পাহৰি পেলাইছোঁ।
কবিতাটিৰ কল্পচিত্ৰ মৌলিক। ই আমাৰ জাতীয় উৎসৱ বিহু, আমাৰ গৌৰৱৰ সম্পদ বিহুৱান লগতে আমাৰ তাহানিৰ সমাজ তথা জীৱন গাথা চিত্ৰায়িত কৰিছে।
এই কবিতাটিত ৰহস্যবাদ আৰু আধ্যাত্মিকতাবোধ প্ৰস্ফুটিত হৈছে এইদৰে
"জীয়া মানুহ মৰে কিয়
উপজিয়েই কান্দে কিয় কেঁচুৱাই
মানুহ মৰি হয়নে যতৰ
ৰঙা আঁচুৰ মহুৰাটোৱেই হয়গৈ নে মহাজীৱন "।
আনহাতে ক্লান্তি আৰু নৈৰাশ্য আৰু আধ্যাত্মিকতাবাদৰ সমাহাৰ ঘটিছে এইদৰে……
" কোটোহাপাৰৰ নামঘৰৰ ৰামবিজয় ভাওনা
লাইখুঁটাত আঁউজি বহি থকা পিতাই
হাতীয়ে গচকাদি মোক টোপনিয়ে গচকে
ধৰ ধৰ মাৰ মাৰখন লাগে।"
"আন্ধাৰ ৰাতিৰ আকাশত
সেয়া চোন অচিনা
তৰাৰ লৰা-ঢপৰা
নেদেখা নঙলা কোনে খোলে
কোনে আহি দুৱাৰত টুকুৰিয়ায়হি
শোকে তাপে কোঙা কৰা বাঢ়ৈটোকাৰ ঠোঁট।"
আমাৰ বিহুৰ কাপোৰ নিলে কোনে? এফালে ভাতৰ উতল, আনফালে সূতা সিজোৱা সময়বোৰ দোৰ্পতিৰ ব্যস্ততাবোৰ, চেৰেকীৰ নাচোনবোৰ, গুণাফুটুকী বছা মুখবোৰ ক'ত হেৰাল! মহুৰা নচুৱাই তাঁত-বাতি কোনে কৰে! কি অচিন হাতোৰাত বন্দী আমাৰ গৌৰৱ? মৰ আঁউসীৰ আন্ধাৰেৰে কোনে আৱৰে! নঙলা খুলি
শোকে তাপে কোঙা কৰা আমাৰ বাঢ়ৈটোকাবোৰৰ দুৱাৰত কোনে টুকুৰিয়াই?
একাকিত্ব, নিসংগতা, বিষণ্ণতা, সংশয়, বিচ্ছিন্নতাবোধ, ক্লীবতাবোধৰ সমাহাৰৰ এই কবিতাই কিন্তু আধ্যাত্মিকতাবাদৰ পৰা আঁতৰি যোৱা নাই।
গোটেই কবিতাটিৰ আৰম্ভণিৰ পৰা শেষলৈ এক আৱেগ, বিষাদবোধ আছে যিয়ে কবিতাটিক বেছি আপোন কৰি তুলিছে।
শেহান্তৰত,
"নোমৰ আগত আমোলাই ফুলিছে কেতেকী"
এই শাৰীটিত 'নোমৰ' ঠাইতে বেলেগ শব্দ হলে বেছি মধুৰ হ'ব বুলি মোৰ মনে ধৰে।
আনহাতে কবিতাটিৰ শিৰোনামটিৰ ক্ষেত্ৰত মোৰ অলপ অসন্তুষ্টি থাকি গ'ল।
সাহিত্যক সমাজ জীৱনৰ দাপোণ বুলি কোৱা হয়। এই কবিতাটি নিসন্দেহে এখন সমাজৰ, এগৰাকী মাতৃৰ দাপোণ য'ত প্ৰতিচ্ছবি সুস্পষ্ট। মৌলিক চিন্তা, চহা শব্দ, প্ৰতীকীৰ ব্যৱহাৰ, আৱেগ আৰু বিষাদৰ বৈভৱ, ব্যঞ্জনাৰ প্ৰাচুৰ্যতা, যাতনাৰ তাঁত-বাতিৰে হেঁপাহৰ সপোন ৰচা সজল মুখৰ কল্পচিত্ৰৰে হেৰুৱা স্বৰ্গীয় সুবাসৰ গান গোৱা লগতে এক সামাজিক আহ্বানেৰে কবিতাটি নিসন্দেহে সুখপাঠ্য।
°°°°°°°°°°°°°°°°°
ব্যৱস্থাপকৰ টোকা---
'আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকললৈ প্ৰকাশআলোচনীৰ এপ্ৰিল, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে পলাশ কুমাৰ নাথে যুগুতোৱা এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হল৷ সকলোৰে সহযোগিতা আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰিবলৈ সহায় কৰিব।
ব্যক্তিগত অসুবিধাৰ কাৰণে শিতানটো যুগুতাই দিবলৈ পলাশ কুমাৰ নাথৰ কিছু অসুবিধা হৈছিল যদিও, গোটৰ কাৰণে কষ্ট স্বীকাৰ কৰি হ'লেও শিতানটো নিৰ্দিষ্ট মাহটোৰ ভিতৰত যুগুতাই দিয়া কাৰণে পৰ্যালোচক গৰাকীৰ শলাগ লৈছোঁ আৰু ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আগলৈও তেখেতে আমাক সহযোগ কৰিব।
®® উল্লেখ্য যে 'প্ৰকাশ' আলোচনীৰ দৰে প্ৰখ্যাত আলোচনী এখনত প্ৰকাশিত আলোচ্য কবিতাটোত বহু কেইটা ভুল বানান আমাৰ দৃষ্টিগোচৰ হৈছে। যিটো আলোচনীখনৰ এটা দুৰ্বল দিশ আৰু ই এক দোষণীয় কথা বুলি আমি ভাবোঁ। পাঠকৰ সুবিধাৰ্থে ভুল বানান কেইটা উল্লেখ কৰিলোঁ-
হাটীপটি- হাতী-পটি
শৱদ- শবদ (শব্দ)
টুকুৰিয়ায়হি- টুকুৰিয়াইহি
যতৰ- যঁতৰ/ যতৰ
দাঁৰ- ডাঁৰ ( দাঁৰ- শাৰী পাতি সজ্জিত আকাৰত বহুতো দাঁতৰ শাৰী, ডাঁৰ- সময়ৰ একক)
হঠাতসাৰে- হঠাৎসৰে
দোৰপতিৰ- দোৰ্পতিৰ
পৰ্যালোচনাটোত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
{{আগ্ৰহী পাঠকৰ যোগাযোগৰ সুবিধাৰ্থে পৰ্যালোচকৰ ফোন নম্বৰ উল্লেখ কৰিলোঁ-
পলাশ কুমাৰ নাথ : ৮১৩৪৯১৫২২৭}}
ধন্যবাদ
অচ্যুত মাধৱ দাস
পাৰ্থ প্ৰতিম কলিতা
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক, চানেকি শিতান
৩০ এপ্ৰিল,২০১৭