মায়ামৃগ
ফেচবুকত সতকাই
দেখি থকা মানুহজন এদিন নোহোৱা হ'ল। ষ্টেটাছ আৰু
কথাবিলাকৰ পৰা চাই প্ৰচণ্ড জেদী, ধৃষ্ট আৰু খিঙখিঙীয়া যেন লগা মানুহজনৰ
দৈনিক এটাকৈ আপলোড হোৱা কবিতালানিৰ মাজত মায়াই নিজকে
বিচাৰি পাবলৈ সক্ষম হৈছিল। কালক্ৰমত সেই কবিতা প্ৰীতি এনেকুৱা এটা পৰ্যায়লৈ উপনীত হ'ল যে ফেচবুকটো লগ ইন কৰিয়েই মায়াই বিহ্বলচিত্তে বাট চাই ৰয় সেই বিশেষ মানুহজনৰ কবিতাটোলৈ।
আনহাতে মানুহজনো যেন মায়াৰ বাবেই অপেক্ষাৰত, তাইৰ লাইকটো নহালৈকে তেওঁৰ নামৰ কাষত জ্বলি থকা সেউজীয়া ফুট চিহ্নটো নুনুমায়। বেলেগৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ক বা নিদিয়ক মায়াৰ মন্তব্যৰ তলত তেখেতৰ সৌজন্যতাসূচক প্ৰত্যুত্তৰ থকাটো খাটাং।
কোনো ফোন বা হুৱাটছএপ নাম্বাৰৰ আদান প্ৰদান নোহোৱাকৈয়ে আগবাঢ়িছিল তেওঁলোকৰ বন্ধুত্ব।
ইনবক্স বাৰ্ত্তাত এদিন তেওঁ লিখিছিল --
-- মই নাটকৰ মানুহ। জীৱনৰ দহ বছৰ কাল কেৱল নাটক কৰিছোঁ। মোৰ কথা আৰু কবিতাক ইমান বিশ্বাসত নোলোৱাই ভাল। এনেও সুনিপুণ অভিনেতা বুলি মই অঞ্চলটোত খ্যাত।
-- আপোনাৰ কথাৰ সত্যতা বিচাৰ কৰিবলৈ মই নাযাওঁ। মাথোঁ কবিতাকেইটাক হে আপোন বুলি লম। লিখি থাকিব মোৰ কাৰণে, যাতে এই পাঠকৰ পঠনকাৰ্য্যত ব্যাঘাত নোপজে।
এৰা, সেই মানুহজনেই ফেচবুকৰ পৰা নোহোৱা হ'ল। দিনৰ পিছত দিন ধৰি অসক্ৰিয় হৈ পৰি থাকিল প্ৰফাইলটো।
কাক সুধিব কি হ'ল, মানুহজনৰ নাম্বাৰটোওতো লোৱা নহ'ল। ইচ্ছানুযায়ীয়েই নাৰাখিলে মায়াই ফোন নম্বৰ, কিজানি সম্পৰ্ক আৰু আগবাঢ়িবলৈ ল'লেই তেওঁৰ প্ৰতি থকা তাইৰ অদম্য কৌতুহল ধূলিসাৎ হৈ যায় -- এইটো ভয়তে। কেনেদৰে তেওঁ লিখা প্ৰত্যেকটো কবিতাৰ লগত মায়াই একাত্মতা অনুভৱ কৰিব পাৰিছিল এই কথাটো আজিও তাইৰ বাবে এক আশ্চৰ্য্যৰ বিষয়।
মানুহজন আছিল শিৱসাগৰৰ। মনৰ উচপিচনি দমন কৰিব নোৱাৰি অৱশেষত উপায়ন্তৰ হৈ শিৱসাগৰৰে আন এগৰাকী ফেচবুক বান্ধৱীক এদিন সুধি পেলালে--
-- উৎপল বৰুৱা মানুহজন ক'ত গ'ল? কবিতা যে লিখিছিল।
-- অ' সেই অহৌবলিয়া টাইপৰ কবিজন! অলপতে মাৰ্ডাৰ কেছ এটাত ফঁচিছে বুলি শুনা পাইছিলো। কথা পাতি পোৱা নাই, মানুহটোক আগৰে পৰা ভাল নালাগে, ইমান অহংকাৰী। ঘৈণীয়েক নে কাৰোবাক মাৰি পুতি থৈছিল ...এনেকুৱা কথা হেনো..।

বান্ধৱীৰ কথাবোৰ
মায়াই কিমান বিশ্বাস কৰিছিল নাজানো কিন্তু সেইদিনা শেষ ৰাতিলৈ কিবা কিবি টুকি ৰখা বহী এখনৰ পাতবোৰ তাই চিৰিলা
চিৰিলকৈ ফালি পেলাইছিল।
(সমাপ্ত)
কবি:-
ණ প্ৰতীক্ষা প্ৰিয়্ম ।
No comments:
Post a Comment