Wednesday, 22 March 2017

সোণপাহী ডাঙৰ হ'ল ණ দ্বীপজ্যোতি গগৈ



সোণপাহী ডাঙৰ হ'

মদাৰৰ ৰঙ এছাটি
চিটিকি পৰিল
আমাৰ সোণপাহী ডাঙৰ হ'
আইৰ দুগালত মুকুতাযেন
টুপালৰ মালা
দেহি ঐ,অবুজ উলাহে নধৰে মন
জী মোৰ গাভৰু হ'
খেতিৰ ভাতমুঠি মিঠা
পিতাইহে জানে নাঙলৰ মূৰত
বন্দী জীৱন
কিদৰেনো তুলিম বিয়া
মুখত হুমুনিয়াহ
হাত উজান দিয়ে সমনীয়াই
অহা সাত তাৰিখে
সোণপাহীৰ বিয়া
সোণ ঐ,খোজ দিবি লাহে-ধীৰে
ধপধপাই আইৰ হিয়া
বাঢ়ি অহা তোৰ জুইকোৰা
আচলত বান্ধি হ'বি ঘৰমূৱা
হঠাৎ খবৰ এটি বিয়পি গৈছে
সোণপাহীৰ গাত বিছাই ডাকিছে
পিৰালিৰ চুকত সেইটো মনোহৰ দাইটি
পিতাকৰ হুমুনিয়াহত কঁপি উঠে পৃথিৱী
এটি সমদলে আকাশ কঁপাইছে
ন্যায় বিচৰাৰ আখৰা চলিছে
সঘন সাক্ষাৎকাৰত সোণপাহী হেৰাই গৈছে
শিহৰণকাৰী বাতৰিতোৰ টি আৰ পি বাঢ়িছে
মদাৰৰ ৰঙা গুছি মোলান পৰিল
সেমেকা সুবাসত চৌদিশ
ভিজি পৰিল
সোণপাহী শুইছে
তাইক নজগাবি অ'
হালধীয়া ফ্রকটো বিচাৰি আন
সোণৰ দেউতাক
তাই সৰু হৈয়ে থাকক
তাই জীয়াই থাকক...
কবি:-
দ্বীপজ্যোতি গগৈ

No comments:

Post a Comment