Friday, 24 March 2017

দাপোণত কাৰ মুখ -উইল চিদ্দিকুৰ ৰহমান



দাপোণত কাৰ মুখ

দাপোণ ভঙা শব্দ এটাত থমকি ৰলোঁ হঠাৎ।
অনর্গল কথাকোৱা মানুহজন গল যি গলেই
উভতি নহাৰ প্রতিশ্রুতি
নির্লিপ্ত নিতাল আকাশখনত তেতিয়া
ৰূ-ৰূৱাই জ্বলিছিল সন্তাপৰ জুই একুৰা
যেনি তেনি
চৰাইবোৰৰ ঠোঁটত নিঠৰ
বৃত্ত ভঙাৰ সংলাপ,
বৃত্তৰ ভিতৰৰ যুক্তি তর্ক গল্প অকস্মাত।
আঁৰ-কাপোৰ তৰি
মানুহজন গল যি গলেই
উভতি নহাৰ প্রতিশ্রুতি
( নাট্য-সাহিত্যৰ পুৰোধা অৰুণ শর্মাৰ বিয়োগত শ্রদ্ধাঞ্জলি...)
বি:
-উইল চিদ্দিকুৰ ৰহমান

No comments:

Post a Comment