যৌৱন
কিছু যৌৱন
পৰি আছে
তেজৰ চেঁকুৰা হৈ
কিছু যৌৱন
হেৰাই গ’ল
আশাৰ কবিতা হৈ
যৌৱনবোৰ তেজ হৈ বয়
নৈ হৈ বয়
শোষণৰ শলখা ভাঙি
আকৌ বিদ্ৰোহী হয়
সিহঁতে ভাল পাই
স্বাধীন বতাহ
মুকলি আকাশ
সলনি নহয় সিহঁত
সলনি নহয়
সিহঁতৰ চৰিত্ৰ …
সলনি হয় মাথো
দিন , তাৰিখ আৰু
সিহঁতৰ নাম …
পৰি আছে
তেজৰ চেঁকুৰা হৈ
কিছু যৌৱন
হেৰাই গ’ল
আশাৰ কবিতা হৈ
যৌৱনবোৰ তেজ হৈ বয়
নৈ হৈ বয়
শোষণৰ শলখা ভাঙি
আকৌ বিদ্ৰোহী হয়
সিহঁতে ভাল পাই
স্বাধীন বতাহ
মুকলি আকাশ
সলনি নহয় সিহঁত
সলনি নহয়
সিহঁতৰ চৰিত্ৰ …
সলনি হয় মাথো
দিন , তাৰিখ আৰু
সিহঁতৰ নাম …
কবি:-
ණ সুব্ৰত মহন্ত ।
No comments:
Post a Comment