অকলশৰে...
(১)
নিজানতে নিৰৱে
ওমলে শব্দ কবিতাৰে।
গৈ থাকিম মই
সেই বাটেৰে অকলশৰে....
নিজানতে নিৰৱে
ওমলে শব্দ কবিতাৰে।
গৈ থাকিম মই
সেই বাটেৰে অকলশৰে....
(২)
নিজানতে ল'ৰালিৰ ইন্দ্ৰধনু
জিলিকে হেঁপাহেৰে।
গৈ থাকিম মই
বিচাৰি সেই আকাশ অকলশৰে...
নিজানতে ল'ৰালিৰ ইন্দ্ৰধনু
জিলিকে হেঁপাহেৰে।
গৈ থাকিম মই
বিচাৰি সেই আকাশ অকলশৰে...
(৩)
নিজানতে প্ৰেমৰ বালিঘৰ
উপচি আছে জোনাকেৰে।
গৈ থাকিম মই
বিচাৰি সেই সুদিন অকলশৰে...
নিজানতে প্ৰেমৰ বালিঘৰ
উপচি আছে জোনাকেৰে।
গৈ থাকিম মই
বিচাৰি সেই সুদিন অকলশৰে...
(৪)
নিজানতে আইতাৰ সাধুকথা
বেজাৰতো ভাগৰি নপৰে।
গৈ থাকিম মই
বিচাৰি সেই চোতাল অকলশৰে...
নিজানতে আইতাৰ সাধুকথা
বেজাৰতো ভাগৰি নপৰে।
গৈ থাকিম মই
বিচাৰি সেই চোতাল অকলশৰে...
(৫)
নিজানতে সপোনৰ পানচৈ
বতাহে কঁপায় মাজুলীৰে।
গৈ থাকিম মই
বিচাৰি সেই সুৱাগমণি অকলশৰে...
নিজানতে সপোনৰ পানচৈ
বতাহে কঁপায় মাজুলীৰে।
গৈ থাকিম মই
বিচাৰি সেই সুৱাগমণি অকলশৰে...
(ক্ৰমশঃ)
কবি:
মনোহৰ দত্ত
No comments:
Post a Comment