বুকুৰ কঠীয়া তলিত
বুকুৰ কঠীয়া তলিত
সিঁচিছো এবুকু ধান
সেউজীয়া হৈ সোণোৱালী হব
দোঁ খাব পথাৰ ।
নহওঁক যেন কাহানিও
ওপৰলৈ থিয় হোৱা পতান ।
জীৱনৰ আলোক চিত্ৰ বোৰ
বুকুতেই থাকক
ইয়ো হওঁক যেন
জীৱনৰ পথিক ,
প্ৰেৰণাৰ উৎস হওঁক যেন সঠিক ।
জীৱন ,
ক'ত ৰং হৰ্ষ বিষাদ
উল্লাসেৰে সমাদিত
বিচিত্ৰ ছবিৰ এক আলোক চিত্ৰ ।
অতীত বোৰ হওঁক
কিছু সতেজ
কিছু সজীৱ
হেলাৰঙে পাৰ হওঁক
জীৱনৰ সংগ্ৰাম আৰু সংঘৰ্ষ ।
কিছু দিয়া কিছু লোৱা
অলপ অশ্ৰু অলপ হেঁপাহ
প্ৰবাহিত বতাহ জাকক
কিছু এৰি দিয়া
বুকুৰ পৰা বুকুলৈ অনুৰক্ত হওঁক
প্ৰেম আৰু মমতা ।
জীৱনে জীৱনৰ হাতে হাত ধৰি
আহ্লাদিত হওঁক
পাৰ হওঁক সহজে
জীৱনৰ সুদীৰ্ঘ গতি পথ ।।
কবি:-
ණ বিনু ফুকন।
No comments:
Post a Comment