Showing posts with label অনুভৱ. Show all posts
Showing posts with label অনুভৱ. Show all posts

Saturday, 16 December 2017

আখৰুৱাৰ অনুভৱ : অক্টোবৰ, ২০১৭

আখৰুৱাৰ অনুভৱ : অক্টোবৰ, ২০১৭

কিশোৰ দাস
----------------------

পুৰণি কবিতাৰ বহী এটি চাই আছিলোঁ। নিজে লিখা কবিতাবোৰে নিজকে হহুঁৱায়, আকৌ তাৰে মাজৰেই কিছুমান কবিতাই মনটো সেমেকা কৰে।
--------
আৰু কিছু পষেক--
আমি এৰা-এৰি হ'ম।
শীতৰ শেষৰ কুঁৱলি
ঘণ হৈ আহিছে,
আমাৰ মৰমো গাঢ় হ'ব ধৰিছে।
যদিওবা
আৰু কিছু পষেকৰ পাচতেই
আমি এৰা-এৰি হ'ম।।
২৯।০১।২০১৪
--------
জানুৱাৰী মাহ,২০১৪।
তেতিয়া আমি বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকন'লজি বিভাগৰ চতুৰ্থ ষাম্নাসিকৰ ছাত্ৰ। মাঘ বিহুৰ শেষত নতুনকৈ শ্ৰেণী আৰম্ভ হৈছে। বোধকৰো ঘৰত বহুদিন বন্ধ কটোৱাৰ বাবে মনত জঠৰতা।

তেতিয়া ৰাতিপুৱা ৯ বজাৰ পৰা শ্ৰেণী আৰম্ভ হয় বাবে ঘৰৰ পৰা ৭ বজাত ওলাই ওচৰৰে ঘাইপথটোৰ চ'কটোত বাছ ৰখো। চৌদিশে কুঁৱলি, দূৰৈৰ পৰা বাছবোৰ নমনি। অকল জ্বলাই অহা লাইটবোৰ দেখা যায় যদিও সেইখন কি গাড়ী পূৰ্বানুমান কৰাটো বৃথা। অবশ্যে দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে গুৱাহাটী অভিমূখী বাছ পোৱা যায়। ৰ'ব লগা সময়খিনি মোৰ বৰ প্ৰিয়। কুঁৱলিসিক্ত পথাৰবোৰত, সৰা পাতবোৰত যেন ৰৈ যায় মোৰ মনটো, বাছখনত উঠিলেও খিৰিকীৰে দূৰৈৰ পথাৰবোৰে মোক সংগ দিয়ে। ঘৰৰ ওচৰৰে পাগলদিয়া, যেন কুঁৱলিৰ সাগৰত শুই থকা এক গাৱঁলীয়া ৰাস্তা। সৰিয়ঁহৰ পথাৰবোৰত মন হেৰুওৱাটো কিমান যে সহজ!

সাধাৰণতে বন্ধ খোলাৰ পিছত প্ৰথম দুদিনমান শ্ৰেণীৰ উপস্থিতি সেৰেঙা। দূৰৈৰ বন্ধুবোৰ বহুদিনৰ মূৰত বিহুৱে- পূজাই ঘৰত যায় বাবে দুদিন বেছিকৈ বন্ধ কটাই আহে। আমি ওচৰৰ খিনি বন্ধ পালেই ঘৰলৈ লৰোঁ যিহেতু বন্ধ খুলিলেই যাব পাৰোঁ।
সকলোবোৰৰ উপস্থিতিত সকলো নতুন যেন লাগে। আমি যেন পুনৰুজ্জীৱিত হৈ আকৌ লগ হ'লো। নতুন কথা, নতুন আশা।

এনেকৈয়ে মনত এটি চিন্তাই বাহ বান্ধে এয়াই হয়তো বিশ্ববিদ্যালয়ৰ জীৱনৰ শেষ শীত। আমি সকলো চাৰি-পাঁচ মাহ পাছতেই এৰা-এৰি হ'ম। নিজৰ জীৱনৰ ভৰণ-পোষণত নাইবা নিজৰে জীৱন পৰীক্ষাত।

পঢ়ি-শুনি ওলাই যোৱাৰ পিছতহে গম পোৱা যায়, জীৱন কি? বিশ্ববিদ্যালয়ৰ দুবছৰীয়া পৰিক্ৰমাৰ অন্তিম মূহুৰ্ত সমাগত। সকলোৰে মন গধূৰ। জীৱনৰ পথবোৰত হেৰাই নাইবা হাৰি ছন্দ হেৰোৱাৰ ভয়ত! নিজৰ মাজতেই নাইবা জাগতিক ব্যস্ততাত নিজৰ সময় হেৰুৱাই লগ নোপোৱা বহুদিনেই হ'ল।

কবিতাটো তেনেভাবেই লিখা আছিল, যিটো দুই এজন বন্ধুৰ বাবে কাকো দিয়া হোৱা নাই। আজি পঢ়ি পুনৰ মনটো সেমেকা হ'ল। এনেই সেমেকা বতৰ, মনটো পুনৰ সেই দিনবোৰলৈ উৰি গ'ল।



https://static.xx.fbcdn.net/images/emoji.php/v9/fb7/1/16/1f58b.png🖋কিশোৰ দাস

Thursday, 22 June 2017

আখৰুৱাৰ অনুভৱ : জুন'১৭

আখৰুৱাৰ অনুভৱ : জুন'১৭
                    -- সাৰদা শ্ৰেষ্ঠা

কালি ডাকোৱালে মোৰ হাতত তুলি দিলে মৌৱে দি পঠিওৱা স্বৰচিত ৰসপূৰ্ণ "গল্ফীৰ ডায়েৰি" প্ৰথম খণ্ড । মৌৰ গল্ফীৰ ডায়েৰি আখৰুৱা, অসমীয়া কথা-বতৰা গোটত মাজে সময়ে পঢ়াৰ সুযোগ পাইছিলো । গোটেই কিতাপখন হাতত পৰাত মই আনন্দত আত্মহাৰা হৈ পৰিলো । মোলৈ মৌৰ এই মৰমৰ উপহাৰ মোৰ বাবে অমূল্য ।
কিতাপখন হাতত লৈ আলফুলে চুই চাই প্ৰথমে উপলব্ধি কৰিলো চকুৰে নেদেখা অথচ মনৰ চকুৰে প্ৰায়েই লগ পোৱা ভনীজনীৰ আকণ্ঠ ভালপোৱা । আটকধুনীয়া বেটুপাতেৰে কিতাপখন চকুত লগা হৈছে । এজনী মৰমলগা সৰু ছোৱালীয়ে এখন বহীত (ডায়েৰি) একান্তমনে লিখি হৈছে । মুখত মিচিকি হাঁহি । তাইৰ ভাবনাত হাস্যময় সোণোৱালী বেলি । কাষত নানাৰঙী কেইখনমান কিতাপ । জ্ঞান অন্বেষণ অভিলাসী ছোৱালীজনীয়ে যেন লিখি গৈছে নিজৰ জীৱনৰ তথা তাই আশে পাশে লগ পোৱা মানুহ কিছুমানৰ জীৱনৰ ৰসাল মুহূৰ্তৰ কথা । এই মৰম লগা ছোৱালীজনীয়েই যে গল্ফী তাক মৌৱে পাতনিত ইংগিত এটা দিছে । মই ভাবো গল্ফী মৌৰেই প্ৰতিবিম্ব ।
ৰৈ থকাৰ ধৈৰ্য মোৰ নাছিল । যিমান পাৰো সোনকালে কিতাপখন পঢ়িবলৈ নাপালে যেন ইয়াৰ মিঠা সুবাস বতাহত মিলি যাব । ঘৰুৱা কামৰ মাজে মাজে যিকণ সুৰুঙা পাওঁ, তাতেই কিতাপখন লৈ আৰম্ভ কৰি দিওঁ পঢ়িবলৈ । নানা ৰঙৰ সমাবেশেৰে বেটুপাত যিমান আকৰ্ষণীয় হৈছে ভিতৰখনো সমানেই ৰসঘন হৈছে । প্ৰতিটো লেখাতেই একোটিকৈ সুন্দৰ কাৰ্টুন সংলগ্ন কৰা হৈছে । কাৰ্টুনিষ্ট অৰ্নৱৰত্ন পাৱে আৰু বাৰ্বী বৰুৱাৰ কাৰ্টুনে প্ৰতিটো লেখাকেই জিলিকাই তুলিছে ।
আমাৰ জীৱনত ঘটা সৰু সৰু ৰসাল ঘটনাবোৰ একেবাৰে কম শব্দৰে ৰসাল তথা মনোগ্ৰাহীকৈ ফুটাই তুলিব পৰাটো লেখিকাৰ এক অনন্য কৃতিত্ব । আমাৰ জীৱনত এনে বহু ৰসাল ঘটনা ঘটে, কিন্তু সেইবোৰ আমাৰ মাজতেই সীমাবদ্ধ থাকে । লেখিকাই সেই হাস্যপূৰ্ণ ঘটনাবোৰক সূক্ষ্মাতিসূক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰি তাক পাঠক সমাজলৈ উলিয়াই দিয়াৰ যি প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাই প্ৰশংসনীয় ।
মৌলৈ অন্তৰভৰা মৰম আৰু বহুতো শুভকামনা জনালো । ডায়েৰিৰ আন খণ্ড বোৰ সোনকালেই পঢ়িবলৈ পোৱাৰ আশাৰে মৰমৰ গল্ফীলৈ মৰমভৰা শুভকামনা থাকিল ।

Saturday, 17 June 2017

অনুৰণনঃ মাইক্ৰ'কাহিনী-১৪১

অনুৰণনঃ মাইক্ৰ'কাহিনী-১৪১
                -- জয়ন্ত আকাশ বৰ্মন
মেটাম'ৰফ'চিছঃ
এঘাৰ বছৰীয়া তাইৰ শৰীৰৰ নিম্নাংগৰ পৰা তেজ বৈ আছিল।বুঢ়ী আইতাকে ক'লে- নাকান্দিবি মাইনা। আজিৰ পৰা তাই ডাঙৰ হ'লি।

আঠুত মূৰ গুজি তাই ক'লে- আইতা, অসহ্য বিষত মই চিঞৰি থাকোঁ‌তে ইমান ওজন গাৰে মোৰ মুখত সোপা মাৰি ধৰি আংকলেও কৈছিল-নাকান্দিবা, এনেয়েও এদিন নিজে নিজেই তেজ ওলালেইহেতেঁ‌ন। আইতা, তুমিও এনেকৈয়েই ডাঙৰ হৈছিলা নেকি ?

Tuesday, 13 June 2017

হাতত ধৰা কোৱেলহো, ইয়াত বিষাদৰ নৈ

#হাতত ধৰা কোৱেলহো, ইয়াত বিষাদৰ নৈ - জয়ন্ত আকাশ বৰ্মন
     ……………………………………………………………………
-এক উদ্ভ্ৰান্ত , একুৰি ওঠৰ বছৰীয়া বিদ্ধস্ত যুৱকে পদব্ৰজে যাত্ৰা কৰিছে স্পেইনৰ কেথ'লিক তীৰ্থ 'চান্টিয়াগ' দ্য ক'ম্প'ষ্টেলা' অভিমুখে, সূদীৰ্ঘ পাঁ‌চশ মাইল দীঘল পথ। এয়া আছিল তেখেতৰ এক সুগভীৰ অন্তৰ্মুখী যাত্ৰা, বাহ্যিক পৃথিৱীৰ পৰা আত্মাৰ গভীৰতালৈ। ওৰে বাটে তেখেতে কথা পাতিছিল অনৰ্গল, নিজৰ স'তে, আত্মাৰ স'তে, জনবিচ্ছিন্ন হৈ , ভীৰৰ মাজতো স্বসৃষ্ট নিসংগতাত নিমজ্জিত হৈ…! এই তীৰ্থযাত্ৰাই তেখেতৰ অন্তৰাত্মাৰ স'তে সাক্ষাৎ কৰাইছিল। উজলি উঠিছিল তেখেতৰ আধ্যাত্মিক পৃথিৱী। এই পদব্ৰজ যাত্ৰাৰ সময়ত তেখেতৰ মনত উদয় হোৱা আধ্যাত্মিক দৰ্শনৰেই দস্তাবেজ তেখেতৰ প্ৰথম উপন্যাস 'পিলগ্ৰিমেইজ (Pilgrimage) (প্ৰকাশ কালঃ ১৯৮৭ চন ) জন্ম হৈছিল এক ঋষিতুল্য লিখকৰ।
তেখেতেই এসময়ৰ মোৰ প্ৰিয় লিখক পাওলো কোৱেলহো ! (Paulo Coelho de Souza, জন্মঃ ২৪ আগষ্ট,১৯৪৭: ৰিঅ' দ্য জেনেৰিঅ', ব্ৰাজিল )
… … … … … … … … … … … … … … … … … … … …
ব্ৰাজিলৰ ৰিঅ' দ্য জেনেৰিঅ'ৰ এক সাত্বিক কেথ'লিক পৰিয়ালত কোৱেলহোৰ জন্ম হৈছিল। মাক-দেউতাকে তেখেতক এজন ইঞ্জিনীয়াৰ অথবা ৰসায়নবিদ হিচাপে গঢ় দিবলৈ বিচাৰিছিল। কিন্তু, তেখেতৰ সপোন আছিল এগৰাকী লিখক হোৱাৰ। ব্ৰাজিলত লিখক এগৰাকীৰ ভবিষ্যত মুঠেই সুৰক্ষিত নাছিল। ফলত মাক দেউতাকে তেখেতক সমৰ্থন জনোৱা নাছিল। ইয়ে তেখেতক যথেষ্ট মানসিক পীড়া দিছিল। ধীৰে ধীৰে সেয়েহে তেখেত বিদ্ৰোহী হৈ উঠিছিল। আৰু, ইমানেই বিদ্ৰোহী হৈ উঠিছিল যে উপায়ন্তৰ হৈ মাক দেউতাকে তেখেতক মানসিক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল, তাকো তিনিবাৰ। তেখেতৰ কৈশোৰ হৈ পৰিছিল হতাশাত বিধ্বস্ত, স্বপ্নভংগৰ যন্ত্ৰণাৰে পীড়িত আৰু অৰ্ধ উন্মাদিত।
যৌৱনৰ আদি সময়ছোৱা পাওলো কোৱেলহো অবাধ যৌনতা, ড্ৰাগছ আদিৰ কৱলত পৰি এক বিশৃংখল, জীপ্ চি , হিপ্পী জীৱন কটাইছিল। ''ক এন ৰ''ৰ লগতো জড়িত হৈ পৰিছিল পাওলো এইখিনি সময়তেই। ব্ৰাজিলৰ সংগীতজ্ঞ সকলৰ বাবে চেগা-চেৰেকাকৈ গানৰ লিৰিকচ লিখিব লৈছিল। গানবোৰত ব্ৰাজিলৰ সেই সময়ৰ সামৰিক শাসনৰ তীব্ৰ বিৰোধিতাৰ সুৰ নিহিত আছিল। ফলত ব্ৰাজিলৰ সামৰিক চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰিছিল। তিনিবাৰকৈ গ্ৰেপ্তাৰ হব লগা হৈছিল পাওলো। অমানুষিক অত্যাচাৰ-উৎপীড়নৰ বলি হৈছিল জেলত।
সময়বোৰ পৰ হৈ গৈ আছিল। এসময়ত (১৯৮৪ চন ) তেখেতে আৰম্ভ কৰিছিল নিজৰ পৰা নিজলৈ চান্টিয়াগ' দ্য ক'ম্প'ষ্টেলা অভিমুখী পাঁ‌চশ মাইলজোৰা সেই আধ্যাত্মিক পদব্ৰজ যাত্ৰা।
… … … … … … … … … … … … … … …
পাওঁ‌লো কোৱেলহো মোৰ প্ৰিয় সাহিত্যিক সকলৰ মাজৰ এজন। কিয় তেখেত মোৰ প্ৰিয় তাৰ কাৰণবোৰ মই এনেকৈ ভাবোঁ‌-
কোৱেলহো গজদন্ত মিনাৰত বহি দাৰ্শনিক হুইপ জাৰি কৰা লিখক নহয়। হতাশা, বলিয়ালি, পাপবোধত জ্বলি পূৰি উজ্জ্বল হোৱা তেখেত এগৰাকী সাধাৰণ অসাধাৰণ ব্যক্তি। কৈশোৰ কাল তেখেতে ক্ষোভ আৰু হতাশাৰ জুইত জ্বলিছে। মেন্টেল এচিলামত ইলেক্ট্ৰিক শ্বক পৰ্যন্ত লৈছে। তেখেতৰ প্ৰাক যৌৱন কাল অনিয়ন্ত্ৰিত, কিছু বিকৃত আৰু মানসিক ভাবে পীড়িত। তেখেতৰ লিখাবোৰ সেয়ে কঠোৰ অভিজ্ঞতালব্ধ। ই অকল মহৎ লোকৰ বাণীয়েই নহয়।
কোৱেলহোৱে নিজেই দ্যৰ্থহীন ভাবেই স্বীকাৰ কৰিছে যে তেখেতে নিজৰ বাবেহে লিখে। তেখেতৰ গ্ৰন্থবোৰ তেখেতৰেই আত্মাৰ নিৰ্যাস। পঢ়ুৱৈয়ে কেনেকৈ গ্ৰহন কৰে তাক লৈ তেখেত মুঠেই চিন্তিত নহয়। তেখেতৰ এই কঠিন স্বীকাৰোক্তি ময়ো সমৰ্থন কৰোঁ‌।
কোৱেলহোৰ কিতাপসমূহে কোনো নিৰ্দিষ্ট দৰ্শন বা মতবাদ প্ৰসাৰ বা অনুসৰন নকৰে। নিজৰ আত্মাৰ নিৰ্মোহ অনুভূতিয়েই তেখেতৰ দৰ্শন। মুক্ত, বিশুদ্ধ আত্মাৰ যাত্ৰাপথেই তেওঁ দেখুওৱা পথ।
'পিলগ্ৰিমেইজ' (Pilgrimage) ৰ পিছত 'দ্য এলকেমিষ্ট' (The Alchemist, প্ৰকাশকাল- ১৯৮৮ : মূলঃ পৰ্তুগীজ, 'O Alquimista' ) তেখেতৰ দ্বাৰা ৰচিত বহুপঠিত তথা প্ৰসিদ্ধ দ্বিতীয়খন গ্ৰন্থ। মূল পৰ্তুগীজ ভাষাত বৰ্ণিত এলিগৰিকেল এই উপন্যাসখনৰ প্ৰ'টাগনিষ্ট চান্টিয়াগ' নামৰ ভেড়াৰখীয়া ডেকা 'ৰাজনে নিশা সপোনত বাৰম্বাৰ এক হীৰা-মনি-মুকুতাৰ খনি দেখে। এগৰাকী ভবিষ্যত বক্তা মহিলাই তাক কয় যে সুদূৰ ইজিপ্তৰ পিৰামিডৰ ভিতৰত সি সপোনত দেখা পোৱা সম্পদখিনি তালৈ ৰৈ আছে। সপোনত দেখা পোৱা সেই হীৰা-মনি-মুকুতাৰ সন্ধানত চান্টিয়াগ'ই এদিন যাত্ৰা আৰম্ভ কৰে। আৰু এই অভিযাত্ৰা পথত মুখা-মুখি হয় অনেক সংঘটনৰ। বাটত ফাটিমা নামৰ মহিলা এগৰাকী লগ পায় আৰু প্ৰেমত পৰে। ফাটিমাক তাৰ সপোনৰ কথা কয়। হীৰা-মনি-মুকুতা উদ্ধাৰ কৰি অনাৰ পিছতহে ফাটিমা তাৰ হব বুলি তাই জনায়। সি পুণঃ যাত্ৰা আৰম্ভ কৰে। শেহত যিটো সপোন খেদি প্ৰ'টাগ'নিষ্টজনে এই মহাযাত্ৰা চলাইছিল, সেই মনি-মুকুতাৰ ভাণ্ডাৰ বিচাৰি যিঠাইৰ পৰা সি অভিযানৰ পাতনি মেলিছিল, সেই ভাণ্ডাৰ তাৰ নিজৰ সেই ঠাইৰেই ওচৰৰ প্ৰাচীন গীৰ্জাটোতেই সি পায়। কিন্তু, যাত্ৰাটোৱে তাক জীৱনৰ মোহময় অবিনশ্বৰ সৌন্দৰ্যৰ স'তে চিনাকি কৰাই দিয়ে।
কোৱেলহোৰ লিখনিয়ে সপোনৰ অবিৰত সন্ধানী যাত্ৰাক মহীয়ান কৰে।
উপন্যাসখনৰ মুখ্য বাৰ্তা বা থীমটোৱেও সহস্ৰ মানুহক উদ্বুদ্ধ কৰে-
"when you really want something, the whole universe conspires in helping you to achieve it."
কোৱেলহো এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চেলিব্ৰেটেড লিখক। শিশু আৰু অক্ষম বয়োজ্যেষ্ঠ লোকৰ বাবে নিজা খৰচত তেখেতে এক অনুষ্ঠান খুলিছে-পাওলো কোৱেলহো সংস্থা (Paulo Coelho Institute ). মই তেখেতক ভালপোৱাৰ ইয়ো এক অন্যতম কাৰণ।
কোৱেলহোৰ লিখনিসমূহে বহুতৰ জীৱনৰ দিক্ নিৰ্ণয় কৰি দিছে, বহুতৰে জিৱন সলনি কৰি দিছে। তেখেতৰ সৃষ্টিৰাজি জীৱনৰ প্ৰতি এক 'জিটিভ এটিট্যুড, এক ধনাত্মক জীৱন বীক্ষা।
অৱশ্যে তেখেতৰ সমালোচক সকলৰ মতে তেখেতৰ লিখনিসমুহৰ নিৰ্দিষ্ট কোনো দৰ্শন নাই। ই মাথোঁ‌ ধৰ্ম, ৰূপকথা আৰু কাব্যিক ভাষাৰ সংমিশ্ৰণ। সমালোচক সকলে ক'ব খোজে তেখেতৰ ৰূপকথাসদৃশ উপন্যাসবোৰ অবাস্তৱ আৰু পৰিণতি সমূহ কনফিউজিং।
কিন্তু তাৰ উত্তৰ ইতিমধ্যেই ওপৰত দিয়া হৈছেই। কোৱেলহ'ই কৈছেই তেখেতৰ কিতাপসমূহ 'চেল্ফ্- হেল্প্ ' ধৰণৰ কিতাপ নহয়। ই প্ৰেম আৰু জীৱন জিজ্ঞাসাৰ কাহিনী, এক সপোন সন্ধানৰ অভিযান, এক ভ'য়েজ ।
… … … … … … … … … … … … … … …
২০১১ চনৰ নৱেম্বৰ মাহত মোৰ প্ৰথম গল্প কিতাপ "সৰগত বৰষুণ- অৰণ্যত বিষাদ"ৰ প্ৰথম খণ্ড প্ৰকাশ হয়। সেইখিনি সময়ত মই তেখেতৰ লিখনিৰ দ্বাৰা ইমানেই প্ৰভাৱিত হৈছিলোঁ‌ যে মোৰ কিতাপখনৰ নাম প্ৰথমে "হাতত ধৰা কোৱেলহো, ইয়াত বিষাদৰ নৈ " নাম দিম বুলি ঠিক কৰিছিলোঁ‌ । মোৰ কেইটামান গল্পৰ সাৰাংশ ইংৰাজীত লিখি তেখেতলৈ মই মেইল কৰিছিলোঁ। শুভেচ্ছাসূচক সঁ‌হাৰিৰ লগতে তেখেতে মোক তেখেতৰ বন্ধুত্বৰ তালিকাতো স্থান দিছিল। তেখেতে মোলৈ পঠিওৱা এটা গল্পৰ অলপ সলনিকৃত সাৰাংশৰে এই লিখা সামৰিম। গল্পটোৰ মূলভাবৰ লগত ভাৰতীয় দৰ্শনৰ এক সামঞ্জস্য অনুভূত হৈছিল মোৰ।
-খ্ৰীষ্টমাছৰ সময়ত জ্যেষ্ঠ দেৱদূত এজনে কনিষ্ঠ দেৱদূত এজনক লগত লৈ পৃথিৱী পৰিদৰ্শন কৰিবলৈ আহিল। এনেকৈ ঘুৰি ফুৰোঁ‌তে ৰাতি হোৱাত তেখেতসকলে ৰাতিটোৰ বাবে আশ্ৰয় বিচাৰি এঘৰ মানুহৰ ঘৰলৈ গ'ল। মানুহঘৰ যথেষ্ট চহকী আছিল। খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ প্ৰাসাদোপম ঘৰটো সজোৱাত ব্যস্ত আছিল মানুহঘৰ। দেৱদূত দুজনে ৰাতিটোৰ বাবে তেখেতসকলৰ ৱহৰত আশ্ৰয় বিচাৰোঁ‌তে ধনী গিৰিহঁ‌তে ক'লে- "আমি এতিয়া খ্ৰীষ্টমাচৰ যা-জোগাৰত ব্যস্ত আছোঁ‌। গতিকে আপোনালোকক আপ্যায়ন কৰাত অসুবিধা হব। বেয়া নাপাব।"
জ্যেষ্ঠ দেৱদূতজনে অনুনয় কৰি ক'লে-আমাক একো আপ্যায়ন কৰিব নালাগে। ৰাতিটোৰ বাবে মাথো আশ্ৰয় অকন দিয়ক।"
চহকী মানুহজনে চাকৰজনক ক'লে-ইহঁ‌তক লৈ যা, আমাৰ পিচফালে থকা ভগা কোঠাটো দেখুৱাই দেগৈ।
দেৱদূত দুজনে সেইৰাতি সেই ভগা সৰু কোঠাত কটালে। সৰু দেৱদূতজনৰ খং উঠিল- ইমান চহকী হৈয়ো ইহঁ‌তে আমাক খাবলৈ সামান্য খাদ্যও নিদিলে। জ্যেষ্ঠ দেৱদূতজনে সামান্য হাঁ‌হিলে। সিহঁ‌তে দেখিলে মানুহঘৰৰ প্ৰাসাদটোৰ বাহিৰ ফালৰ দেৱাল এখন ফাঁ‌ট মেলিছে। মানুহঘৰে চাগে' মনেই কৰা নাই। জ্যেষ্ঠ দেৱদূতজনে হাতখনে স্পৰ্শ কৰি ফটা দেৱালখন ভাল কৰি দিলে। কনিষ্ঠ দেৱদূতজনৰ আকৌ খং উঠিল।
পিচদিনা ৰাতিপুৱা উঠি দেৱদূত দুজন আকৌ পৰিদৰ্শন কৰিবলৈ ওলাই গ'ল। সেইদিনাও ঘুৰি ফুৰোঁ‌তদ ৰাতি হ'ল। পথাৰৰ মাজে মাজে খোজ কাঢ়ি তেওঁলোকে অলপ আতঁ‌ৰত এটা ভগা দেখিবলৈ পালে। দেৱদূত দুজন আশ্ৰয় বিচাৰি মানুহঘৰৰ ওচৰলৈ গৈ ভগা দৰ্জাত টোকোৰ দিলে। এজন বুঢ়া মানুহ ওলাই আহিল। দেৱদূত দুজনে ৰাতিটোৰ বাবে আশ্ৰয় বিচাৰিলে। বুঢ়া মানুহজনে ক'লে-প্ৰভুসকল, আপোনালোকে আমাৰ ঘৰত থাকিলে আমি ভালেই পাম। কিন্তু আমি একেটা কোঠালিতেই মই, মোৰ পত্নী আৰু মোৰ ল'ৰাজন থাকোঁ‌। আপোনালোকে যদি অসুবিধা নাপায়, নিশ্চয় সোমাই আহক। আমি যি খাও তাৰেই আপোনালোককো আগবঢ়াম।
সেইৰাতি দেৱদূত দুজনে দুখীয়া মানুহঘৰৰ আন্তৰিক আতিথ্যৰেই ৰাতিটো কটালে। পিছদিনা কাৰোবাৰ কান্দোনৰ শব্দত দেৱদূত দুজনে সাৰ পালে। দেখিলে মানুহজন আৰু তেওঁৰ পত্নীগৰাকীয়ে কান্দি আছে। দেৱদূতে সোধাত বুঢ়া মানুহজনে ক'লে- 'আপোনালোকক এতিয়া আমি ভালকৈ শুশ্ৰূষা কৰিব নোৱাৰিম। আমাৰ আয়ৰ একমাত্ৰ সম্বল গাইজনী যোৱা ৰাতি গোহালিতে ঢুকাই আছে। '
আশীৰ্বাদ দি দেৱদূত দুজন গুচি আহিল। আহোঁতে বাটত খঙাল কনিষ্ঠ দেৱদূতজনে জ্যেষ্ঠজনক সুধিলে-আপুনি এনেকুৱা নিষ্ঠুৰ বুলি মই জনা নাছিলোঁ‌। বদমাচ নিৰ্দয় অহংকাৰী চহকী মানুহঘৰৰ ফটা দেৱালখন আপুনি ভাল কৰি দিলে। আৰু সৎ, অতিথিপৰায়ন, ন্যয়নিষ্ঠ এই দুখীয়া মানুহঘৰৰ একমাত্ৰ আয়ৰ সম্বল গাইজনী মৰিব দিলে। কিয় এনেকুৱা কৰিলে, ইমান নিৰ্দয় কাম?
জ্যেষ্ঠ দেৱদূতজনে মিহিকৈ হাঁ‌হিলে-প্ৰথম ধনী মানুহঘৰৰ গৰাকীজন এক মাৰাত্মক ৰোগত ভুগি যন্ত্ৰনা পাই আছে। ফটা দেৱাল খনৰ ভিতৰত সেই ৰোগৰ মহৌষধ আছিল, যিটো তেওলোকে বিচাৰি চলাথ কৰি ফুৰিছে। সেয়েহে মই ফাটটো ভাল কৰি দিলোঁ‌ এই জনমত আৰু মানুহজনে সেই ঔষধ বিচাৰি নাপাব। ভুগি থাকিব।
কিন্তু, দ্বিতীয় দুখীয়া মানুহঘৰৰ একমাত্ৰ ল'ৰা সন্তানটোৰ যোৱা ৰাতি মৃত্যুদিন আছিল। তাৰ আত্মা অনিবলৈ যোৱা মৃত্যুদূতজনক মই ওভতাই পঠিয়ালোঁ‌। কিন্তু, নিয়মমতে এটা মৰমৰ প্ৰাণীৰ জীৱ লবই লাগিব সেই সময়ত। সেয়েহে ল'ৰাটোক জীৱন দান দি সিহঁতৰ গাইজনীৰ জীৱন লৈ আহিল মৃত্যুদূতজনে। মানুহজন কষ্টপৰায়ন। তেওঁ নিশ্চয় কেইদিনমানৰ ভিতৰতে আৰু এজনী গাই কিনি আনিব পাৰিব। কিন্তু 'ৰাজন একা???
কনিষ্ঠ দেৱদূতজনে এইবাৰ নীৰৱে খোজ ল'লে ! জ্যেষ্ঠজনৰ ওঠত সেই মোহনীয় হাঁ‌হি … …
=====###=====