Friday, 10 March 2017

সময়ණ মেঘালী ৰাজকুমাৰী



সময়
----------------------
[
১]
নিজান ৰাতিটো সামৰি
ভিজা বনত দুভৰি
কোমল কুঁৱলী
পুৱাৰ ৰদালি
কুচি- মুচি বহি থাকে
মুনি -চুনি বেলি ।
[২]
উৰুখা পঁজাত জোনৰ আলি
তৰাৰ বেহেলা
জুপি জুপি সুগন্ধি খৰিকাজাঁই
কঁচন্দা ফুলৰে গঁঠা
চাদৰৰ আঁচলত বসন্তৰ বা
মৌচন্দা মাটিৰে সজোৱা নৈ ঘাটত
শাশ্বত ফাগুনী হেঁপাহ ।
[৩]
তোক হেৰুৱা এঙেৰুৱা বাটত
কাণিমুনি চকা-মকা ছাঁয়া
হালধীয়া পাল তৰা পানেশৈ বুকুত
নাৱৰীয়াৰ ভাটিয়লী ভটিমা উজায় ।
[৩]
সোঁ -সোঁৱাই সোমায় আহিল মোৰ কোঠাত
এখিলা শুকান সৰাপাত
সুধিলে ,মোৰ আৰু কিমান দূৰ বাট ?
মই ক'লো, মৌন ওঁঠত সন্ধিয়া
ছঁয়া- ময়া আলিবাট
চকুৰ পতাত
নিয়ৰৰ টুপাল ।

কবি:- মেঘালী ৰাজকুমাৰী ।

No comments:

Post a Comment