Friday, 10 March 2017

সিদ্ধান্ত: ණহিমাংশু ভাগৱতী



সিদ্ধান্ত:
পাঁচ নম্বৰ সন্তান,কাগজখন পঢ়িয়েই ডাক্তৰ অনুভাই বুজিলে। ব্লিডিঙৰ কাৰণটোহে ধৰিব পৰা নাই ।
মানুহজনীৰ যথেষ্ঠ ব্লিডিং হৈ হস্পিতাললৈ আহিছে , কি হয় একো কব নোৱাৰি ।
"চাৰি জনী ছোৱালী হোৱা কাৰণে সিহঁতে মোক কম শাস্তি দিলে নে ? ছোৱালী কেইজনীকো শাস্তি দিয়ে। এইবাৰৰ পোৱালিটো ল'ৰা বুলি গম পোৱাৰ পিছত সিহঁতৰ কি আনন্দ । ময়ো প্ৰতিশোধ ল'লো বাইদেউ, একে বাৰতে তিনিটা পিল খাই দিলো । ......"
মানুহজনীৰ কথাই অনুভাক সিদ্ধান্ত লোৱাত সহায় কৰিলে । অপাৰেচন থিয়েটাৰলৈ মানুহজনীক নিবলৈ দি তাই উকিললৈ ফোন কৰিলে," তালুকদাৰ, ডিভোৰ্চৰ ফাইল সাজু কৰক।"
কবি:- ණহিমাংশু ভাগৱতী 

No comments:

Post a Comment