বিধৱা নাৰীৰ
আত্মপাঠ
অঁকাছবিৰ ৰং বোৰ হেৰাই যোৱাৰ দৰে
হেৰাই গৈছে মোৰ জীৱনৰ ৰং
কৰ্ফাল খাই বাগৰি পৰিছো
অন্ধকাৰৰ বিৰল গুহাত
নোদোকা হৈ পৰিছে মনৰ যন্ত্ৰণা
হাড়ে হিমজুৱে বিভিষিকাৰ আল্পনা........
.
দেখা নাই বহুদিন সূৰ্য্যৰ ৰশ্মি
পৰা নাই ওঁঠত এটুপি পানী
অভিযোগ শূন্যতাৰ বাবে
ঘুৰি ফুৰিছো অৰঙে দৰঙে
যেনি চাওঁ মাথো তেনিয়েই দেখো
শিল দ'ল ভাঙি আহি মৃত্যুদূতে যেন
মোৰ কপালৰ সেন্দুৰ মুচিছে
প্ৰতিবাদ কৰিবলৈ নিজক যেন
প্ৰস্তুত কৰিব নোৱাৰিলো................
.
গাঁৱৰ লিগিৰীয়ে কৰিছে পৰিকল্পনা
চৰিত্ৰৰ দাগ লগাবলৈ
ডেকাই সুহুৰি বজাই দিছে ইংগিত
বৃদ্ধৰ বাবে হৈ পৰিছো কলংক
বোৱাৰী বোৰৰ কথা দলিয়া দলি
অ আজি স্বীকাৰ কৰিবলৈ বাধ্য
সচাকৈয়ে আমাৰ সমাজৰ মানুহৰ
মানসিকতা জোখতকৈ দুগুণে দুৰ্বল........
.
সঁহাৰিহীন জীৱনত
বুকুত গজা ঘাঁহ বনবোৰ মৰহি আহিছে
বিকৰ্ষণৰ মলয়াই খেদি ফুৰিছে
দুৰ্ভাবনাই এফালৰ পৰা খুলি খুলি খাইছে
অন্তহীন হেঁপাহ পলকতে ধূলিস্যাত হৈছে
এতিয়া শোকক্লান্ত হৈ
উদাসীনতাৰ নদীত মাথো আগবাঢ়িছোঁ.....
.
অপেক্ষা ......
ৰঙীন কাপোৰে দেখুৱাই দিয়ক পোহৰৰ বাট
পাহৰিবলৈ চেষ্টা কৰিম হৃদয়ৰ আঘাত
সলনি হওক মানুহৰ চিন্তা ধাৰা
মৰমত সকলোৱে দিয়ক এষাৰি মাত
হাঁহিত কঁপক হেঙুল আবেলি
আকৌ আহক জীৱনলৈ নতুন প্ৰভাত ।
অঁকাছবিৰ ৰং বোৰ হেৰাই যোৱাৰ দৰে
হেৰাই গৈছে মোৰ জীৱনৰ ৰং
কৰ্ফাল খাই বাগৰি পৰিছো
অন্ধকাৰৰ বিৰল গুহাত
নোদোকা হৈ পৰিছে মনৰ যন্ত্ৰণা
হাড়ে হিমজুৱে বিভিষিকাৰ আল্পনা........
.
দেখা নাই বহুদিন সূৰ্য্যৰ ৰশ্মি
পৰা নাই ওঁঠত এটুপি পানী
অভিযোগ শূন্যতাৰ বাবে
ঘুৰি ফুৰিছো অৰঙে দৰঙে
যেনি চাওঁ মাথো তেনিয়েই দেখো
শিল দ'ল ভাঙি আহি মৃত্যুদূতে যেন
মোৰ কপালৰ সেন্দুৰ মুচিছে
প্ৰতিবাদ কৰিবলৈ নিজক যেন
প্ৰস্তুত কৰিব নোৱাৰিলো................
.
গাঁৱৰ লিগিৰীয়ে কৰিছে পৰিকল্পনা
চৰিত্ৰৰ দাগ লগাবলৈ
ডেকাই সুহুৰি বজাই দিছে ইংগিত
বৃদ্ধৰ বাবে হৈ পৰিছো কলংক
বোৱাৰী বোৰৰ কথা দলিয়া দলি
অ আজি স্বীকাৰ কৰিবলৈ বাধ্য
সচাকৈয়ে আমাৰ সমাজৰ মানুহৰ
মানসিকতা জোখতকৈ দুগুণে দুৰ্বল........
.
সঁহাৰিহীন জীৱনত
বুকুত গজা ঘাঁহ বনবোৰ মৰহি আহিছে
বিকৰ্ষণৰ মলয়াই খেদি ফুৰিছে
দুৰ্ভাবনাই এফালৰ পৰা খুলি খুলি খাইছে
অন্তহীন হেঁপাহ পলকতে ধূলিস্যাত হৈছে
এতিয়া শোকক্লান্ত হৈ
উদাসীনতাৰ নদীত মাথো আগবাঢ়িছোঁ.....
.
অপেক্ষা ......
ৰঙীন কাপোৰে দেখুৱাই দিয়ক পোহৰৰ বাট
পাহৰিবলৈ চেষ্টা কৰিম হৃদয়ৰ আঘাত
সলনি হওক মানুহৰ চিন্তা ধাৰা
মৰমত সকলোৱে দিয়ক এষাৰি মাত
হাঁহিত কঁপক হেঙুল আবেলি
আকৌ আহক জীৱনলৈ নতুন প্ৰভাত ।
কবি:-
ණ নিৰুপম গগৈ ।
No comments:
Post a Comment