Saturday, 11 March 2017

কবিতা ණ দুলাল হাজৰিকা



কবিতা

হঠাৎ আৰম্ভ হয় যন্ত্ৰণা
এচমকা পোহৰে যেন বিজুলীয়াই
খুঁটিয়াই চাওঁ তোৰ প্ৰতিটো অংগ
দুচকুত অলেখ সপোন
কাৰ চেহেৰা পালি
মই ভাবি থকা ৰূপটো পালিনে তই
এদিন এৰাতি ভেন্টিলেচনত ৰাখো
কুন্দত কটাৰ ব্যৰ্থ প্ৰচেষ্টা
জন্ম দিব পৰাকে পূৰঠ নহলো ,
নিঃস্ব মই
তোক পিন্ধাওঁ কম দামী পোচাক
অপত্যৰ মোহত বাহিৰলৈ আনোঁ
পৃথিৱীৰ পোহৰে চকুত জলকা লগায়
হলেও তই মোৰেই সন্তান
সদ্যজাত তোক দেখি মমতা জাগে
অপুষ্টিত ভোগা তোৰ দুৰ্বল দেহ
নালাগে তই বিশ্ব জিনিব
নালাগে বুৰঞ্জীত নাম লিখিব
তোকে সাবটি পাৰ কৰিম ৰাতি
জন্ম সাৰ্থক কৰি মোৰ লাখুটি হ
কবি:-
 দুলাল হাজৰিকা

No comments:

Post a Comment