Saturday, 11 March 2017

ফাগুন ফাগুন সলজ চাৱনিණ ৰৌচন আৰা বেগম



ফাগুন ফাগুন সলজ চাৱনি

পিৰীতিৰ ফাকুগুৰি বতাহত ছটিয়াই
দেখিছানে দুপৰীয়াটোৱে
কেনেকৈ খেদি ফুৰিছে লাহিপাখিৰ পখিলাটি।
হেঁপাহৰ নূপুৰ পিন্ধি উন্মনা প্রজাপতি,
কুঁহিপাতৰ সেউজীয়া বিৰিখ বিচাৰি।
বতৰটো যেন কিবা এটা গুণগুণনিৰে ভৰা
মাদলৰ ছেৱে ছেৱে নাচিছে জাকপাতি সমনীয়া
উৰি ফুৰা বতাহত সেয়ে নেকি
শিমলু তুলাৰ চঞ্চলতা!
পলাশৰ শৰীৰত নো কিহৰ জুইৰ দৰে ৰঙৰ বৃষ্টি
মদাৰৰো দৃষ্টিত বেলিৰ উজ্জ্বল কৃষ্টি!
কোন অশ্বাৰোহী কেনি পাৰ হৈ গল!
হু-হুৱাই বতাহ কোবাই
ধূলিৰে ধূসৰিত খোজ পৰি ৰল।
কাষত কলহ লৈ যোৱা গাভৰুৰ আঁচল খহাই
উকা ৰিঙা পথাৰ জুৰি কাৰ ইমান ধেমালি!
দলিচাৰ দৰে পৰি থাকি সৰাপাতে
আনিছেগৈ যাক আদৰি ।
ৰামধেনু সৰলতাৰে এইয়াচোন
ফাগুন ফাগুন সলজ চাৱনি
ঠিক যেন উত্তাল ৰাতিৰ ফটিকা এবাটি।

কবি:-  
ৰৌচন আৰা বেগম

No comments:

Post a Comment