Saturday, 11 March 2017

এই বেলি বহাগতණ জ্যোতিষ কুমাৰ দেৱ



এই বেলি বহাগত
=============
এই বেলি ফাগুনত
ফাকুৱা খেলিম
বুকুৰ তেজেৰে
এই বেলি বহাগত
বিহু নাচিম
তাণ্ডৱ নাচেৰে
'তে আছিলে
সম্প্রীতিৰ সপোন
বিদ্বেষৰ কুৱলি
তাতে দেখোন
এইবেলি গীতি
কেনেকৈ লিখিম
প্রীতিৰ আঁচেৰে
লুইতৰ ঢলে
উভতি নবয়
সুবাস দি ফুলে
ঘুৰাই নলয়
সমিল জাতি
ছেদেলি ভেদেলি
সমাহিত চিত
অহিতত ইবেলি
এইবেলি দেশক
কেনেকৈ বান্ধিম
একতাৰ ডোলেৰে
কবি:-  জ্যোতিষ কুমাৰ দেৱ

No comments:

Post a Comment