ধূলি
উৰি ফুৰে
ঘূৰি ফুৰে
বিলাই-বিলাই ৰং
নিঃকিনতাৰ শেষৰ যোৰ পোছাক থকালৈ
যদিওঁ তুলসী কন্যায়ো
ফু মাৰি বগৰাই দিয়ে বিচনাৰ পৰা
ঘূৰি ফুৰে
বিলাই-বিলাই ৰং
নিঃকিনতাৰ শেষৰ যোৰ পোছাক থকালৈ
যদিওঁ তুলসী কন্যায়ো
ফু মাৰি বগৰাই দিয়ে বিচনাৰ পৰা
চাহাবৰ অভিজাত
টুপী
বিবিৰ খোলা খোপা
অথবা
গোলামৰ অৱশিষ্ট জোতাত জিৰাও বুলি বহিলেই
ধৰ-ধৰ
মাৰ-মাৰ
কাট-কাট
বিবিৰ খোলা খোপা
অথবা
গোলামৰ অৱশিষ্ট জোতাত জিৰাও বুলি বহিলেই
ধৰ-ধৰ
মাৰ-মাৰ
কাট-কাট
অথচ
তেওঁ মোকলাই দিয়া
কুৱলী ঘন বাটেৰেই আহে পক্ষীৰাজ চেকুৰাই
আঙুলি
ওঁঠ
বুকু
ৰঙিয়াল কৰিবলৈ ৰাজকুমাৰ
তেওঁ মোকলাই দিয়া
কুৱলী ঘন বাটেৰেই আহে পক্ষীৰাজ চেকুৰাই
আঙুলি
ওঁঠ
বুকু
ৰঙিয়াল কৰিবলৈ ৰাজকুমাৰ
অকল
অৱশ আকাশ
নিৰাশ্ৰয় নৈ
আৰু বিবৰ পিতনিটোৱে হে
বুকু পাতি লয় তেওঁৰ
নিঃশব্দ হুমুনিয়াহ
এটি
দীঘল বাটত হেৰাই যোৱাকৈ তেওঁৰ অনা-অৰ্ঘ্যৰ অস্তিত্ব
অৱশ আকাশ
নিৰাশ্ৰয় নৈ
আৰু বিবৰ পিতনিটোৱে হে
বুকু পাতি লয় তেওঁৰ
নিঃশব্দ হুমুনিয়াহ
এটি
দীঘল বাটত হেৰাই যোৱাকৈ তেওঁৰ অনা-অৰ্ঘ্যৰ অস্তিত্ব
কবি:-
ණ সীমান্ত শাণ্ডিল্য।
No comments:
Post a Comment