Saturday, 11 March 2017

জীৱনৰ দ্বিতীয় খণ্ড ( এক ৰহস্য ) ✍নিৰুপম গগৈ



জীৱনৰ দ্বিতীয় খণ্ড ( এক ৰহস্য )


খাপ খাই আগবাঢ়িছে জীৱন
বোকোচাত বাস্তৱ
দুচকুত প্ৰতিফলন
যুগ্ম অযুগ্ম চলন্ত ঋতু
শুদ্ধ অশুদ্ধ বাউসী
স্মৃতিৰ পৰা বিস্মৃতিলৈ সেতুবন্ধন
কৈশোৰ যৌৱনৰ আগত আত্মসমৰ্পণ
উত্ৰাৱল কথা কথাৰ মাজত জেং
কি হৈছে কি নহৈছে অজ্ঞাত মোৰ মন.......
.
হাতৰ তলুৱা লৈকে
এফালৰ পৰা বাঁহৰ শলাৰ বিন্ধ
বিজ-বিজনি দেহত
আনফালে নঙঠা ফকিৰৰ মন্ত্ৰপাঠ
অচিনাকি গাভৰুৱে ডিঙিত
পিন্ধাইছে বৰমালা
জাক পাতি মহিলা সকলে দিছে উৰুলি
কোনোবাই হাঁহিছে
নাচিছে গান গাইছে ফুচ-ফুচাইছে
মগজুৱে ঢুকি নোপোৱা এক অবুজ শিহৰণ......
.
আকৌ নিদাৰুণ দৃশ্য কিছুমান দেখা পাইছো
দেহত্যাগ কৰি এজন মানুহ পানীত দৌৰিছে
নিৰ্বুদ্ধিতা পগলা এসোপাই মোৰ পাছ লৈছে
প্ৰতিজনে লৈ লৈছে একোটা বাদ্যযন্ত্ৰ
মোক আগুৰি বেসুৰ তালত বজাইছে
কি হৈছে সচাকৈয়ে
কি হৈছে মোৰ জীৱনৰ লগত .....?
.
চিন্তামগ্ন হৈ পৰিছো ........
প্ৰাচীন দেৱাল ভাঙি অহা
এজাক ধুমুহাই যেন
এই পৃথিৱীৰ পৰা মোক বহু দূৰলৈ লৈ গৈছে
নিৰাপদ বুলিবলৈ কোনো স্থান নাই
ভাৱিলো
'ব পাৰে জীৱনৰ এইয়া দ্বিতীয় খণ্ড.............
.
সেই সময়ত এজাক আদিম মানুহে
মোক বন্দী কৰিল
প্ৰতিজনে জোঙা অস্ত্ৰৰে খুচিছে
গাত মেলি দিছে বনৰীয়া পোক
যিমান পাৰো সিমান জোৰত
মন মগজু সকলোতে জোৰ দি
চিঞৰিবলৈ চেষ্টা কৰিলো
কোনোবাই যেন মোক বচাব
কিন্তু তেতিয়াহে গম পাইছিলো
আজি স্বপ্ন দোষত
মৃত্যুৰ দুৱাৰ দলিৰ পৰা ঘুৰি আহিলো
চি....... চি............ চি............
সকলোবোৰ স্বপ্ন
মিচাতে ভাৱিলো
এইয়া মোৰ জীৱনৰ দ্বিতীয় খণ্ড ।
কবি:- নিৰুপম গগৈ

No comments:

Post a Comment