ৰূপোৱালী মেঘৰ ছায়া
খণ্ড-(৫)
পিছদিনা আমি ক্লাছলৈ যাবলৈ সাজু হ’লোঁ ৷ ছিনিয়ৰসকলৰ হুকুম আৰু ফৰিডাই শিকাই দিয়ামতে দুইজনীয়ে মূৰত টেপটেপীয়াকৈ নাৰিকল তেল লগাই দুফালে দুকোছা চুলি বান্ধি ৰঙা ফিটা মাৰিলোঁ ৷ মোৰ ওচৰত ৰঙা ফিটা নাছিলেই, ফৰিডাইহে যোগাৰ কৰি দিলে ৷তাৰপিছত মই চাদৰ-মেখেলা পিন্ধিলোঁ আৰু ফৰিডাই শাৰী পিন্ধিলে ৷ আমি কোঠাৰ পৰা বাহিৰত ওলাই দেখিলোঁ – লগৰ সকলোৱে আমাৰ দৰে চুলিত তেল, ৰঙা ফিটা আৰু চাদৰ-মেখেলা, শাৰী আদি পিন্ধিছে ৷
দুইজনীয়ে পুৱাৰ আহাৰৰ বাবে ডাইনিং হ’লৰ ফালে খোজ দিলোঁ আৰু যাওঁতে ছিনিয়ৰ বাইদেউ সকলক “লস্কৰা ফস্কৰা মস্কৰা বাইদেউ” বুলি উইছ কৰি কৰি যাব লগা হ’ল ৷ পুৱাৰ আহাৰৰ পিছত যেতিয়া দুইজনীয়ে কলেজ পালোঁগৈ তেতিয়ালৈ ফৰিডাৰ শাৰীখন খুলি মাটিত চুচঁৰি গ’ল৷ফৰিডাই শাৰীখন ইমানেই ঢিলাকেই পিন্ধিছিল যে কলেজৰ বাৰাণ্ডা পাওঁতেই তাইৰ শাৰী খুলি পেটিকোটটো ওলাই পৰিল৷ফৰিডাৰ এনে অৱস্থা দেখি মোৰ হাঁহিমেই নে কান্দিমেই তেনে লাগিল৷মই ফৰিডাক লৰালৰিকৈ গ্ৰাউণ্ড ফ্লুৰত থকা বাথৰূমলৈ লৈ গৈ তাইৰ শাৰীখন ঠিকঠাক কৰি দিলোঁ ৷বাথৰূমৰ পৰা ওলাই ছিনিয়ৰ বাইদেউ সকলক দেখি “লস্কৰা ফস্কৰা মস্কৰা বাইদেউ” বুলি উইছ কৰিবলৈ ধৰিলোঁ৷এজনী বাইদেৱে আমাক ক’লে যে হোষ্টেলৰ নিয়ম-কানুন হোষ্টেলৰ চাৰিবেৰৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগে৷

অৱশেষত ফৰিডা আৰু
মই ক্লাছলৈ বুলি চিৰিৰে ওপৰলৈ উঠি গ’লোঁ৷দুটা চিৰি পাৰ হৈ সোঁফালৰ দীঘলীয়া
বাৰাণ্ডাখনৰ শেষ মূৰত প্ৰথম বাৰ্ষিকৰ ক্লাছৰূম তিনিটা—এ,বি,চি তিনিটা চেকচনত ভাগ কৰা৷মই আৰু ফৰিডাই মাজৰ ক্লাছটোত অৰ্থাৎ “বি” চেকচনত সোমালোঁ৷
আমাৰ ক্লাছ আৰম্ভ
হ’ল ৷প্ৰথম ক্লাছটো অংকৰ আছিল৷ মই ল’ৰাবোৰলৈ মন কৰিলোঁ – সকলো ল’ৰাৰে চুলিবোৰ মিলিটেৰী কাট, ফুল ছাৰ্ট,চিকিচিকিয়া ক’লা জোতা৷স্মাৰ্ট দেখাইছে সকলোকে৷আমাৰ ছোৱালীবোৰকহে শালিকী এজনী এজনী যেন
লাগিছে৷নিজৰ লগতে লগৰ ছোৱালীবোৰৰ চেহেৰাবোৰ দেখি মোৰ মনে মনে হাঁহি উঠিল ৷ বিচিত্ৰ এক জগতত ভৰি দিয়া যেন লাগিল মোৰ ! এই বিচিত্ৰ জগতখনৰ ক্লাছত মন
দিবলৈ যত্ন কৰিলোঁ ৷ হঠাতে চাৰে বুজাই থকা বন্ধ কৰিলে আৰু প্লেটফৰ্মৰ পৰা নামি আহি পিছবেঞ্চত বহি থকা বগা থুপোকা ল’ৰাটোৰ গালত এটা জোৰকৈ চৰ দিলে আৰু ক’লে –
: ক্লাছত হাঁহি থাকিবলৈ আহিছ’, মাছৰ বজাৰত আছোঁ বুলি ভাবিছ’ নেকি? ওলাই যা এতিয়াই
চাৰৰ ৰঙা চকু আৰু ল’ৰাটোৰ ৰঙা গাল যেন মুহুৰ্ততে একাকাৰ হৈ পৰিল ৷ ল’ৰাটো ৰঙা-চিঙা পৰি ক্লাছৰ পৰা ওলাই গ’ল৷
হঠাতে হৈ যোৱা এই কাণ্ডত সকলো নীৰৱ হৈ পৰিল ৷ব্লেকবৰ্ডৰ ওচৰলৈ গৈ চাৰে আকৌ বুজাবলৈ আৰম্ভ কৰিলে ৷

অংকৰ ক্লাছটো শেষ
হোৱাৰ পাছতে লগে লগে আন এজন চাৰ সোমাল ৷ তেওঁ ব্লেকবৰ্ডত এখন এৰোপ্লেন আঁকিলে আৰু মুখেৰে বিৰবিৰাই কিবাকিবি ক’লে ৷ যিমানদূৰ সম্ভৱ মোৰ দৰে আন ছাত্ৰ-ছাত্ৰী সকলেও একো বুজি নাপালে৷ ১৫ মিনিটমান কিবাকিবি কৈ তেওঁ ক্লাছটো শেষ কৰিলে ৷ চাৰ যোৱাৰ পিছত
মই ফৰিডাক সুধিলোঁ-
: কিবা বুজিলানে?
: নাই, একো নুবুজিলো ৷ শুনামতে চাৰৰ মূৰৰ বিকৃতি ঘটিছে, তেওঁ নামতহে ক্লাছ কৰে, কোনেও বোলে একো বুজি নাপায় ৷ চাৰ বোলে ইলেকট্ৰিকেল ব্ৰাঞ্চৰ আছিল, বহুত চোকা আছিল ৷পি এইচ ডি কৰোঁতে চাৰৰ থেচিচ খন কোনোবাই পুৰি পেলালে আৰু চাৰ বোলে তেতিয়াৰ পৰাই পাগলৰ দৰে হ’ল ৷

সেইদিনা “টি ব্ৰেক” ৰ পিছত আমাৰ গ্ৰাফিক্স ক্লাছ হ’ল আৰু “লাঞ্চ ব্ৰেক”ৰ পিছত “ফিজিক্স লেব” হ’ল৷দিনটো কলেজত ক্লাছ কৰি ভাগৰে জোগৰে আমি নিজৰ
ৰূম পালোঁহি৷ গধূলী “প্ৰাৰ্থনাৰ সময়ত” ছিনিয়ৰ সকলে
জুনিয়ৰ সকলক ন’ বজাৰ লগে লগেই ফাৰ্ষ্ট ফ্লৰ’ত থকা “কমন ৰূম”ৰ বাহিৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিলে—“চিনাকী পৰ্ব” আছে ৷
০০০০০০০০০০
ৰাতি ঠিক ন’ বজাৰ লগে লগে নতুনকৈ হোষ্টেললৈ অহা সকলো
ছোৱালী আহি কমন ৰূমৰ আগত ৰ’লহি৷ মোৰ বৰ ভয় লাগিছিল ৷ কিতাপ-পত্ৰ, আলোচনী, বাতৰি পেপাৰ আদিতহে ৰেগিঙৰ বিষয়ে পঢ়িবলৈ পাইছোঁ, ৰেগিঙৰ বাস্তৱ
অভিজ্ঞতা কাহানিও হোৱা নাই মোৰ ৷ কথাবোৰ ভাবি থাকোঁতেই কমন ৰূমৰ পৰা লাহী, ওখ, মৰমলগা চেহেৰাৰ বাইদেউ এজনী ওলাই আহিল , ক’লে – “তোমালোক সকলোৱে হাতী, ঘোঁৰা, ভেকুলী, হৰিণ যাৰ যি মন যায় তেনে ভাওত ৰূমত প্ৰৱেশ কৰিব লাগিব
আৰু হঁহা একেবাৰে নিষেধ ৷ যি গৰাকীয়ে নিয়ম ভংগ কৰিব তাই গছ হৈ থাকিব লাগিব”৷ এইবুলি কৈ বাইদেউ গৰাকী পুনৰ কমন ৰূমৰ ভিতৰলৈ গ’ল আৰু চিঞৰি মাতিলে –“এজনী এজনীকৈ অহা আৰম্ভ কৰি দিয়া”৷সকলো ছোৱালীয়ে বাইদেউ গৰাকীৰ কথামতে হাতী, ঘোঁৰা, বাঘ, হৰিণৰ ভাও লৈ ভিতৰলৈ সোমাবলৈ ধৰিলে ৷ যেতিয়া মোৰ পাল আহিল, মই ভেকুলীৰ দৰে জপিয়াই জপিয়াই ৰূমত প্ৰৱেশ কৰিলোঁ৷জুনিয়ৰ সকললৈ চাই চাই
চিনিয়ৰ সকলৰ উচ্ছল হাঁহিৰে কমনৰূম গমগমাই উঠিল ৷ তাৰপিছত এজনী এজনীকৈ নিজৰ চিনাকী দিবলৈ কোৱা হ’ল ৷ সেইমতে উঠি উঠি প্ৰতিজনী ছোৱালীয়ে নিজৰ চিনাকী দিয়াৰ লগতে নিজৰ হবী কৈ গ’ল ৷এগৰাকী বাইদেৱে লিপি বোলা ছোৱালীজনীক ঘোঁৰাৰ হাঁহি মাৰি পৰিচয় দিবলৈ ক’লে৷লিপিয়ে নিজৰ পৰিচয় দিলে এনেকৈ—
:হি:হি:হি: মোৰ নাম লিপি
হি:হি:হি: মোৰ ঘৰ গুৱাহাটিত
হি:হি:হি: মই কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ
হি:হি:হি: মোৰ ঘৰ গুৱাহাটিত
হি:হি:হি: মই কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ
সৃষ্টিক গৰুৰ দৰে
হেম্বেলিয়াই পৰিচয় দিবলৈ ক’লে৷তাই কৈ গ’ল—
:হেম্বে… মোৰ নাম সৃষ্টি
হেম্বে…মই শিৱসাগৰৰ পৰা আহিছোঁ
হেম্বে…মই কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ
তাৰপিছত সৃষ্টিক সুধিলে – গৰুৱে কেনেকৈ হাঁহে? তাই মুখখন জোঙা কৰি হাঁহি দেখুৱালে৷
: “বঢ়িয়া”…সকলোৱে হাত তালি মাৰিলে তাইৰ প্ৰদৰ্শন দেখি!!

প্ৰিয়াক চিনিয়ৰ বাইদেউহঁতে
সুধিলে –“চিঠি কেইখন পাই আহিছ’?” প্ৰিয়াই সেমেনা সেমেন কৰি ক’লে – “ক্লাছ এইটত থাকোঁতে ল’ৰা এটাই চিঠি এখন দিছিল তাৰপিছত আৰু বেলেগ চিঠি পোৱা নাই!”
:বাহ!ক্লাছ এইটতে প্ৰেম!ক’ম বস্তু নহয় দেই এইজনী!!
:বাহ!ক্লাছ এইটতে প্ৰেম!ক’ম বস্তু নহয় দেই এইজনী!!
মোৰ যেতিয়া পাল
পৰিল, মোক ক’লে – তই আমাক অভিনয় কৰি দেখুৱাব লাগিব৷ধৰি ল’ তই ল’ৰা,বাইক চলাই পিছফালে ছোৱালী উঠাব লাগে৷মইও
বাইদেউহঁতৰ কথা মতে মুখেৰে বাইক ষ্টাৰ্ট দিয়াৰ শব্দ কৰিলোঁ….ভ্ৰুউং ভ্ৰুউং ভদ ভদ ভদ ভদ ভদ….. আৰু চকুৰে ইছাৰা কৰি ফৰিডাক মাতিলোঁ বাইকৰ পিছফালে বহিবলৈ৷তাইও
বাইকৰ পিছত বহাৰ অভিনয় কৰিলে৷আমি দুইজনী কমনৰূমৰ মুকলি
ঠাইডোখৰত বাইক চলাই ঘূৰি থাকিলোঁ আৰু মই মুখেৰে কৈ থাকিব লগা হ’ল – ভদ..ভদ ভদ ভদ ভদ…..”
মণিমালাক
ধ্যানমগ্ন ঋষিৰ অভিনয় কৰিবলৈ দিলে আৰু জুৰিক মেনকা হৈ নাচি বাগি ঋষিৰ ধ্যান ভংগ
কৰিবলৈ ক’লে৷
স্বস্তিকাক
বেডমিন্টনৰ ক’ক হোৱাৰ অভিনয় কৰিবলৈ দিলে৷
অন্তৰাক নেওতা গাবলৈ দিলে – মেও এগুন মেও,মেও দুগুণ মেও,মেও তিনিগুণ মেও,মেও চাৰিগুণ মেও…..
অন্তৰাক নেওতা গাবলৈ দিলে – মেও এগুন মেও,মেও দুগুণ মেও,মেও তিনিগুণ মেও,মেও চাৰিগুণ মেও…..
(ক্ৰমশ)
কবি:- ණ মৌচুমী বৰি ৷
No comments:
Post a Comment