Tuesday, 7 March 2017

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস:ණ মৌচুমী বৰি



ৰূপোৱালী মেঘৰ ছায়া
খণ্ড-(৫)
পিছদিনা আমি ক্লাছলৈ যাবলৈ সাজু হলোঁ ৷ ছিনিয়ৰসকলৰ হুকুম আৰু ফৰিডাই শিকাই দিয়ামতে দুইজনীয়ে মূৰত টেপটেপীয়াকৈ নাৰিকল তেল লগাই দুফালে দুকোছা চুলি বান্ধি ৰঙা ফিটা মাৰিলোঁ ৷ মোৰ ওচৰত ৰঙা ফিটা নাছিলেই, ফৰিডাইহে যোগাৰ কৰি দিলে ৷তাৰপিছত মই চাদৰ-মেখেলা পিন্ধিলোঁ আৰু ফৰিডাই শাৰী পিন্ধিলে ৷ আমি কোঠাৰ পৰা বাহিৰত ওলাই দেখিলোঁ লগৰ সকলোৱে আমাৰ দৰে চুলিত তেল, ৰঙা ফিটা আৰু চাদৰ-মেখেলা, শাৰী আদি পিন্ধিছে ৷
দুইজনীয়ে পুৱাৰ আহাৰৰ বাবে ডাইনিং হলৰ ফালে খোজ দিলোঁ আৰু যাওঁতে ছিনিয়ৰ বাইদেউ সকলক লস্কৰা ফস্কৰা মস্কৰা বাইদেউবুলি উইছ কৰি কৰি যাব লগা হল ৷ পুৱাৰ আহাৰৰ পিছত যেতিয়া দুইজনীয়ে কলেজ পালোঁগৈ তেতিয়ালৈ ফৰিডাৰ শাৰীখন খুলি মাটিত চুচঁৰি ল৷ফৰিডাই শাৰীখন ইমানেই ঢিলাকেই পিন্ধিছিল যে কলেজৰ বাৰাণ্ডা পাওঁতেই তাইৰ শাৰী খুলি পেটিকোটটো ওলাই পৰিল৷ফৰিডাৰ এনে অৱস্থা দেখি মোৰ হাঁহিমেই নে কান্দিমেই তেনে লাগিল৷মই ফৰিডাক লৰালৰিকৈ গ্ৰাউণ্ড ফ্লুৰত থকা বাথৰূমলৈ লৈ গৈ তাইৰ শাৰীখন ঠিকঠাক কৰি দিলোঁ ৷বাথৰূমৰ পৰা ওলাই ছিনিয়ৰ বাইদেউ সকলক দেখি লস্কৰা ফস্কৰা মস্কৰা বাইদেউবুলি উইছ কৰিবলৈ ধৰিলোঁ৷এজনী বাইদেৱে আমাক কলে যে হোষ্টেলৰ নিয়ম-কানুন হোষ্টেলৰ চাৰিবেৰৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগে৷
অৱশেষত ফৰিডা আৰু মই ক্লাছলৈ বুলি চিৰিৰে ওপৰলৈ উঠি লোঁ৷দুটা চিৰি পাৰ হৈ সোঁফালৰ দীঘলীয়া বাৰাণ্ডাখনৰ শেষ মূৰত প্ৰথম বাৰ্ষিকৰ ক্লাছৰূম তিনিটা,বি,চি তিনিটা চেকচনত ভাগ কৰা৷মই আৰু ফৰিডাই মাজৰ ক্লাছটোত অৰ্থাৎ বিচেকচনত সোমালোঁ৷
আমাৰ ক্লাছ আৰম্ভ হ ৷প্ৰথম ক্লাছটো অংকৰ আছিল৷ মই লৰাবোৰলৈ মন কৰিলোঁ সকলো লৰাৰে চুলিবোৰ মিলিটেৰী কাট, ফুল ছাৰ্ট,চিকিচিকিয়া কলা জোতা৷স্মাৰ্ট দেখাইছে সকলোকে৷আমাৰ ছোৱালীবোৰকহে শালিকী এজনী এজনী যেন লাগিছে৷নিজৰ লগতে লগৰ ছোৱালীবোৰৰ চেহেৰাবোৰ দেখি মোৰ মনে মনে হাঁহি উঠিল ৷ বিচিত্ৰ এক জগতত ভৰি দিয়া যেন লাগিল মোৰ ! এই বিচিত্ৰ জগতখনৰ ক্লাছত মন দিবলৈ যত্ন কৰিলোঁ ৷ হঠাতে চাৰে বুজাই থকা বন্ধ কৰিলে আৰু প্লেটফৰ্মৰ পৰা নামি আহি পিছবেঞ্চত বহি থকা বগা থুপোকা লৰাটোৰ গালত এটা জোৰকৈ চৰ দিলে আৰু কলে
:
ক্লাছত হাঁহি থাকিবলৈ আহিছ’, মাছৰ বজাৰত আছোঁ বুলি ভাবিছনেকি? ওলাই যা এতিয়াই
চাৰৰ ৰঙা চকু আৰু লৰাটোৰ ৰঙা গাল যেন মুহুৰ্ততে একাকাৰ হৈ পৰিল ৷ লৰাটো ৰঙা-চিঙা পৰি ক্লাছৰ পৰা ওলাই গল৷
হঠাতে হৈ যোৱা এই কাণ্ডত সকলো নীৰৱ হৈ পৰিল ৷ব্লেকবৰ্ডৰ ওচৰলৈ গৈ চাৰে আকৌ বুজাবলৈ আৰম্ভ কৰিলে ৷
অংকৰ ক্লাছটো শেষ হোৱাৰ পাছতে লগে লগে আন এজন চাৰ সোমাল ৷ তেওঁ ব্লেকবৰ্ডত এখন এৰোপ্লেন আঁকিলে আৰু মুখেৰে বিৰবিৰাই কিবাকিবি কলে ৷ যিমানদূৰ সম্ভৱ মোৰ দৰে আন ছাত্ৰ-ছাত্ৰী সকলেও একো বুজি নাপালে৷ ১৫ মিনিটমান কিবাকিবি কৈ তেওঁ ক্লাছটো শেষ কৰিলে ৷ চাৰ যোৱাৰ পিছত মই ফৰিডাক সুধিলোঁ-
:
কিবা বুজিলানে?
:
নাই, একো নুবুজিলো ৷ শুনামতে চাৰৰ মূৰৰ বিকৃতি ঘটিছে, তেওঁ নামতহে ক্লাছ কৰে, কোনেও বোলে একো বুজি নাপায় ৷ চাৰ বোলে ইলেকট্ৰিকেল ব্ৰাঞ্চৰ আছিল, বহুত চোকা আছিল ৷পি এইচ ডি কৰোঁতে চাৰৰ থেচিচ খন কোনোবাই পুৰি পেলালে আৰু চাৰ বোলে তেতিয়াৰ পৰাই পাগলৰ দৰে হল ৷
সেইদিনা টি ব্ৰেকৰ পিছত আমাৰ গ্ৰাফিক্স ক্লাছ হল আৰু লাঞ্চ ব্ৰেকৰ পিছত ফিজিক্স লেবল৷দিনটো কলেজত ক্লাছ কৰি ভাগৰে জোগৰে আমি নিজৰ ৰূম পালোঁহি৷ গধূলী প্ৰাৰ্থনাৰ সময়তছিনিয়ৰ সকলে জুনিয়ৰ সকলক নবজাৰ লগে লগেই ফাৰ্ষ্ট ফ্লৰত থকা কমন ৰূমৰ বাহিৰত উপস্থিত হবলৈ নিৰ্দেশ দিলে—“চিনাকী পৰ্বআছে ৷
০০০০০০০০০০
ৰাতি ঠিক নবজাৰ লগে লগে নতুনকৈ হোষ্টেললৈ অহা সকলো ছোৱালী আহি কমন ৰূমৰ আগত ৰলহি৷ মোৰ বৰ ভয় লাগিছিল ৷ কিতাপ-পত্ৰ, আলোচনী, বাতৰি পেপাৰ আদিতহে ৰেগিঙৰ বিষয়ে পঢ়িবলৈ পাইছোঁ, ৰেগিঙৰ বাস্তৱ অভিজ্ঞতা কাহানিও হোৱা নাই মোৰ ৷ কথাবোৰ ভাবি থাকোঁতেই কমন ৰূমৰ পৰা লাহী, ওখ, মৰমলগা চেহেৰাৰ বাইদেউ এজনী ওলাই আহিল , লে – “তোমালোক সকলোৱে হাতী, ঘোঁৰা, ভেকুলী, হৰিণ যাৰ যি মন যায় তেনে ভাওত ৰূমত প্ৰৱেশ কৰিব লাগিব আৰু হঁহা একেবাৰে নিষেধ ৷ যি গৰাকীয়ে নিয়ম ভংগ কৰিব তাই গছ হৈ থাকিব লাগিব৷ এইবুলি কৈ বাইদেউ গৰাকী পুনৰ কমন ৰূমৰ ভিতৰলৈ গল আৰু চিঞৰি মাতিলে –“এজনী এজনীকৈ অহা আৰম্ভ কৰি দিয়া৷সকলো ছোৱালীয়ে বাইদেউ গৰাকীৰ কথামতে হাতী, ঘোঁৰা, বাঘ, হৰিণৰ ভাও লৈ ভিতৰলৈ সোমাবলৈ ধৰিলে ৷ যেতিয়া মোৰ পাল আহিল, মই ভেকুলীৰ দৰে জপিয়াই জপিয়াই ৰূমত প্ৰৱেশ কৰিলোঁ৷জুনিয়ৰ সকললৈ চাই চাই চিনিয়ৰ সকলৰ উচ্ছল হাঁহিৰে কমনৰূম গমগমাই উঠিল ৷ তাৰপিছত এজনী এজনীকৈ নিজৰ চিনাকী দিবলৈ কোৱা হল ৷ সেইমতে উঠি উঠি প্ৰতিজনী ছোৱালীয়ে নিজৰ চিনাকী দিয়াৰ লগতে নিজৰ হবী কৈ গল ৷এগৰাকী বাইদেৱে লিপি বোলা ছোৱালীজনীক ঘোঁৰাৰ হাঁহি মাৰি পৰিচয় দিবলৈ কলে৷লিপিয়ে নিজৰ পৰিচয় দিলে এনেকৈ
:হি:হি:হি: মোৰ নাম লিপি
হি:হি:হি: মোৰ ঘৰ গুৱাহাটিত
হি:হি:হি: মই কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ
সৃষ্টিক গৰুৰ দৰে হেম্বেলিয়াই পৰিচয় দিবলৈ কলে৷তাই কৈ গ
:
হেম্বেমোৰ নাম সৃষ্টি
হেম্বেমই শিৱসাগৰৰ পৰা আহিছোঁ
হেম্বেমই কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ
তাৰপিছত সৃষ্টিক সুধিলে গৰুৱে কেনেকৈ হাঁহে? তাই মুখখন জোঙা কৰি হাঁহি দেখুৱালে৷
: “
বঢ়িয়া”…সকলোৱে হাত তালি মাৰিলে তাইৰ প্ৰদৰ্শন দেখি!!
প্ৰিয়াক চিনিয়ৰ বাইদেউহঁতে সুধিলে –“চিঠি কেইখন পাই আহিছ’?” প্ৰিয়াই সেমেনা সেমেন কৰি কলে – “ক্লাছ এইটত থাকোঁতে লৰা এটাই চিঠি এখন দিছিল তাৰপিছত আৰু বেলেগ চিঠি পোৱা নাই!
:
বাহ!ক্লাছ এইটতে প্ৰেম!কম বস্তু নহয় দেই এইজনী!!
মোৰ যেতিয়া পাল পৰিল, মোক কলে তই আমাক অভিনয় কৰি দেখুৱাব লাগিব৷ধৰি লতই লৰা,বাইক চলাই পিছফালে ছোৱালী উঠাব লাগে৷মইও বাইদেউহঁতৰ কথা মতে মুখেৰে বাইক ষ্টাৰ্ট দিয়াৰ শব্দ কৰিলোঁ….ভ্ৰুউং ভ্ৰুউং ভদ ভদ ভদ ভদ ভদ….. আৰু চকুৰে ইছাৰা কৰি ফৰিডাক মাতিলোঁ বাইকৰ পিছফালে বহিবলৈ৷তাইও বাইকৰ পিছত বহাৰ অভিনয় কৰিলে৷আমি দুইজনী কমনৰূমৰ মুকলি ঠাইডোখৰত বাইক চলাই ঘূৰি থাকিলোঁ আৰু মই মুখেৰে কৈ থাকিব লগা হভদ..ভদ ভদ ভদ ভদ…..”
মণিমালাক ধ্যানমগ্ন ঋষিৰ অভিনয় কৰিবলৈ দিলে আৰু জুৰিক মেনকা হৈ নাচি বাগি ঋষিৰ ধ্যান ভংগ কৰিবলৈ কলে৷
স্বস্তিকাক বেডমিন্টনৰ কক হোৱাৰ অভিনয় কৰিবলৈ দিলে৷
অন্তৰাক নেওতা গাবলৈ দিলে মেও এগুন মেও,মেও দুগুণ মেও,মেও তিনিগুণ মেও,মেও চাৰিগুণ মেও…..
(ক্ৰমশ)

কবি:- মৌচুমী বৰি

No comments:

Post a Comment