Saturday, 11 March 2017

জুই ණ হীৰকজ্যোতি বৈশ্য



জুই

ধোঁৱা বৰণীয়া নীলাকাশ
দেখিছোঁ আৰু
চকু মুদিছোঁ
মূৰ্তমান ফাগুনৰ আকাশত জুই
পথাৰত পৰি ৰৈছে আঙঠা
গোহালীত ছাই
চোতালত হালধীয়া
নাৱৰীয়াবোৰ জাকে জাকে পলাইছে
পানীত জুই লাগিছে
ডাঙৰ মাছবোৰ পাখি মেলি উৰি গৈছে
সৰু মাছবোৰ জীৱন্তে জ্বলিছে
আকাশখন ধোঁৱাই ছানি ধৰিছে
তেজ পি বুঢ়া হোৱা ৰঙা মহ এজাকে
মিছিল পাতিছে সেউজীয়াৰ শৰাধ খোৱাৰ
কুহুমীয়া বেলি ৰঙা হোৱা নাই এতিয়া
জুই হবলগীয়া ৰঙাবোৰ হেৰাই গল কৰবাত
ফুলজাৰি উৰিছে কিহবাৰ
ধোঁৱা আৰু
ধোঁৱা
দেখিছোঁ আৰু
চকু মুদিছোঁ
আটায়ে
বি:- হীৰকজ্যোতি বৈশ্য

No comments:

Post a Comment