তেজপিয়া
============
============
তেজপিয়াবোৰে
পিয়াপি দি ফুৰে
চকুৰ আঁৰে আঁৰে
ৰেহ ৰূপ সলাই
সেয়ে চকুত নপৰে
সিহত অনবৰত কর্মৰত
শোঁহে কলিজাৰ তেজ
মুৰৰ ঘিলু
বিনিময়ত দিয়ে শিৰাই শিৰাই
অজানিতে বোৱাই বিহবাষ্প
সিহঁতৰ উপস্থিতি মনিব পাৰি
যেতিয়া
নিৰীহ মানুহ এজন উগ্র হৈ
জ্বলায় আন এজনৰ ঘৰ
চকুৰ আঁৰে আঁৰে
ৰেহ ৰূপ সলাই
সেয়ে চকুত নপৰে
সিহত অনবৰত কর্মৰত
শোঁহে কলিজাৰ তেজ
মুৰৰ ঘিলু
বিনিময়ত দিয়ে শিৰাই শিৰাই
অজানিতে বোৱাই বিহবাষ্প
সিহঁতৰ উপস্থিতি মনিব পাৰি
যেতিয়া
নিৰীহ মানুহ এজন উগ্র হৈ
জ্বলায় আন এজনৰ ঘৰ
বিহু আৰু পূজা
একেলগে পালি
তিলপিঠা আৰু মাহপ্রসাদ ভগাই খোৱা
চুবুৰীয়াই
ইজনে সিজনলৈ বিহলঙনি চটিয়াই
তিলপিঠা আৰু মাহপ্রসাদ ভগাই খোৱা
চুবুৰীয়াই
ইজনে সিজনলৈ বিহলঙনি চটিয়াই
কাহানিও অবাইচ
নামাতা সকলে
মুখেৰে বিদ্বেষৰ বতৰা চটিয়াই
মুখেৰে বিদ্বেষৰ বতৰা চটিয়াই
বেমাৰে-আজাৰে
আপদে-বিপদে
আগৰণুৱা কিজনে
ইজনে সিজনৰ ঘৰ তহিমং কৰি
জুই জ্বলাই
আগৰণুৱা কিজনে
ইজনে সিজনৰ ঘৰ তহিমং কৰি
জুই জ্বলাই
তেজপিয়াবোৰে
কিন্তু সাৰি যায়
অন্তৰালত বহি তামাছা চাই
মৃদঙ্গত চাপৰি বজাই
অন্তৰালত বহি তামাছা চাই
মৃদঙ্গত চাপৰি বজাই
তেজপিয়া বোৰক
ভালদৰে চিনি লওক
মিঠা মিঠা মাত মতা বোৰ
উচটনীৰ উজান দিয়া বোৰ
কাহানিও কাষতে নাথাকি
সুযোগমতে আহি চেগ চাই ফালৰি কাটি যোৱা
পৰজীৱী বোৰক জেওৰা খুলি নিদিব
আবাৱতে বাতৰ কচুৰ খজুৱতী
গাতে সানি নলব
মিঠা মিঠা মাত মতা বোৰ
উচটনীৰ উজান দিয়া বোৰ
কাহানিও কাষতে নাথাকি
সুযোগমতে আহি চেগ চাই ফালৰি কাটি যোৱা
পৰজীৱী বোৰক জেওৰা খুলি নিদিব
আবাৱতে বাতৰ কচুৰ খজুৱতী
গাতে সানি নলব
সিহঁতৰ ফালে
যেতিয়া
জনগণে একগোট হব
সংঘবদ্ধ কল্যাণ শক্তিৰ হোমাশিখাত
সিহঁত নিজেই দেই পুৰি নোহোৱা হব
জনগণে একগোট হব
সংঘবদ্ধ কল্যাণ শক্তিৰ হোমাশিখাত
সিহঁত নিজেই দেই পুৰি নোহোৱা হব
উজলি উঠিব মৈত্রীৰ
কল্যাণদীপ
কবি:- ණ জ্যোতিষ
কুমাৰ দেৱ
No comments:
Post a Comment