Saturday, 11 March 2017

জোক ණ অচ্যুত মাধৱ দাস



জোক

বেৰৰ জলঙাৰে সৰকি অহা পোহৰত জিলিকিছিল
মানুহটোৰ পেটত লিপিত খাই থকা
এডাল জোক।
ভদীয়া ভাগৰে হেঁচা মাৰি ধৰা টোপনিৰ জালতো
সি ভোৰ্-ভোৰাই
--
আৰু কিমান তেজ খাৱ
তেজখোৱা জোকবোৰ সি পথাৰৰ পৰা আনে
এইবাৰ আহু ধানত চৰহা পোক পৰিল
তাৰ কলাফুলত লমা-লমে জোক
এইবাৰ শালি ধান বানত মৰিল
তাৰ নৰিয়া দেহত জোকে কিল-কিলায়
এইবাৰ হালৰ গৰু চবকাত পৰিল
তাৰ মূৰৰ তেজ জোকে শুহিল।
এইদৰেই কন্ট্ৰলৰ দোকানৰ খাতাত বাঢ়ে
ভোক আৰু জোকৰ হিচাপ
দ-হোলাৰ মহজোক এডালৰ দৰে বাঢ়ে
বন্ধকীত থোৱা অভাৱ
জোকবোৰ বগাই ফুৰে তেজহীন মানুহৰ গাত
থোপা-থোপে এন্ধাৰ সানি দিয়ে
সৰি পৰা সপোনবোৰৰ ছাঁত
এইবাৰ শুকুৰবৰীয়া হাটত লেউ-লেউ জোক
ৰঙা ব্লাউজতকৈয়ো জিলিকিছে মানুহটোৰ মুখ।
হাটত মালভোগ এথোক বেছি সি
ৰঙা ব্লাউজ এটা আনিছিল মানুহজনীলৈ
তাইৰ শুকান পিয়াহ খাবলৈ
ব্লাউজতো লাগি আহিছে এডাল জোক।
তেজহীন মানুহবোৰে জোকলৈ ভয় নকৰে
চাদা-চূণেৰে ৰঙাকৈ খোৱা তামোলৰ পিকেৰে
জোক মাৰে,
জোকবোৰ মৰে
জোকবোৰ মৰিলেও আকৌ ওলায়
জোকে খোৱা মানুহবোৰ মৰিলে আৰু
দুনাই নোলায়।

বি:- অচ্যুত মাধৱ দাস

No comments:

Post a Comment