ৰূপোৱালী মেঘৰ ছায়া
খণ্ড-(৬)
মোৰ সৈতে তিনিজনীমানক চিনিয়ৰ বাইদেউ সকলে ফুলৰ টাব হ’বলৈ আৰু ফৰিডাক ফুলত পানী দিয়াৰ অভিনয় কৰিবলৈ ক’লে৷বৰ্ণালীক ক’লে ম’হ মাৰি থাকিবলৈ—ম’হ থাকক বা নাথাকক!আৰু যি কেইজনীয়ে এইবোৰ কাৰুকাৰ্য দেখি হাঁহি ৰখাব নোৱাৰিলে সেইকেইজনীক গছ হৈ থাকিবলৈ দিয়া হ’ল৷গছ মানে হাতদুখন ওপৰলৈ উঠাই বতাহ বলি থকাৰ ভংগীত লৰচৰ কৰি থাকিব লাগে৷ তাৰপিছত চিনিয়ৰ বাইদেউ সকলে প্ৰতিজনীকে সোঁহাতখন প্ৰশ্নবোধক চিনৰ দৰে কৰি জপিয়াই জপিয়াই নাচি নাচি “বাইদেউ, বাইদেউ আপোনাৰ নামটো কবনে, কবনে?” বুলি সুধিবলৈ দিলে আৰু প্ৰতিজনী ছোৱালীয়ে নাচি নাচি এনে ভংগিমা কৰি কৰি চিনিয়ৰ বাইদেউসকলক পৰিচয় সুধিবলৈ ধৰিলে ৷মোৰো বৰ হাঁহি উঠিছিল কিন্তু গছ হোৱাৰ ভয়ত হাঁহিব পৰা নাছিলোঁ ৷ মুখৰ ভিতৰত হাঁহি ৰাখি থোৱা কিমান কষ্ট সেইকথা মই জীৱনত প্ৰথম বাৰৰ বাবে উপলব্ধি কৰিছিলোঁ ৷ সেইদিনাৰ ৰেগিং পিৰিয়ড শেষ কৰি নিজৰ ৰূমলৈ আহি মই ইমান সময়ে মুখৰ ভিতৰত জমা কৰি ৰখা হাঁহিৰ ফুৱাৰাটো এৰি দিহে শান্তি পাইছিলোঁ৷

এনেকৈ সপ্তাহটোত দুই তিনিদিনকৈ গোটেই মাহটো
ৰেগিং হৈছিল আমাৰ ৷ ৰেগিঙৰ পৰা মই এটা কথাই উপলব্ধি কৰিছিলোঁ যে চিনিয়ৰ বাইদেউ সকলৰ প্ৰতি শ্ৰদ্ধা ৰাখি তেওঁলোকৰ কথাবোৰ মানি চলিলে ৰেগিঙে এটা ধনাত্মক
ৰূপ পায় কিন্তু যি সকলে বিৰোধিতা কৰে, সেই বিৰোধিতাৰ পৰা কিছুমান বেয়া
পৰিস্থিতিৰহে সৃষ্টি হয়৷ অৱশ্যে যি সকলে ৰেগিং কৰে তেওঁলোকেও সীমা চেৰাই ৰেগিং কৰা উচিত নহয় ৷ হোষ্টেলৰ ৰেগিং আজিও মোৰ বাবে এক সুখ-স্মৃতি হৈ আছে ৷
ৰেগিঙৰ ভয়াবহতাক মই ঘৃণা কৰোঁ কিন্তু ৰেগিঙৰ নামত হোৱা চিনাকী পৰ্বই ইজনে সিজনক বুজিবৰ বাবে সহায় কৰাৰ উপৰিও একধৰণৰ ঐক্যবোধৰো সৃষ্টি কৰে—এইয়া মোৰ একান্ত ব্যক্তিগত অনুভৱ ৷
আমাৰ “মহাবিদ্যালয় ৰেগিং” আৰু “হোষ্টেল ৰেগিঙ”ৰ অন্ত পৰাৰ দিন কাষ চাপি আহিল ৷লাহে লাহে হোষ্টেলৰ বাইদেউসকলে আমাৰ বেটচটোৰ মাজত
বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিবলৈ ধৰিলে ৷ আকস্মিক
বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আধুনীক গীতৰ প্ৰতিযোগিতা, প্ৰেমপত্ৰ লিখা প্ৰতিযোগিতা ইত্যাদি ইত্যাদি ৷নাজানো, ঈশ্বৰৰ কৃপাই আছিল নে কি আছিল মই সকলো প্ৰতিযোগিতাতে ভাগ লৈ সকলো বিষয়তে প্ৰাইজ পালোঁ৷বিশেষকৈ
হোষ্টেলৰ “প্ৰেমপত্ৰ লিখা” প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ
লগতে পত্ৰখনে চিনিয়ৰ বাইদেউসকলৰ হৃদয় জিনিলে৷ ইয়াৰ পিছত “শ্ৰেষ্ঠা নৱাগতা” প্ৰতিযোগিতাৰ ভোটিং চিষ্টেমত মইয়ে “শ্ৰেষ্ঠা নৱাগতা” হ’লো ৷
এনেকৈয়ে মহাবিদ্যালয় আৰু হোষ্টেল জীৱনৰ স’তে মিলি পৰিলোঁ৷
এনেকৈয়ে মহাবিদ্যালয় আৰু হোষ্টেল জীৱনৰ স’তে মিলি পৰিলোঁ৷
ইমানলৈকে পঢ়ি অৰুন্ধতীয়ে ডায়েৰিৰ পাত লুটিয়ালে৷ হঠাতে ফোনটো বাজি উঠিল৷কলিগ জিমলী মেডামৰ ফোন৷
:অৰুন্ধতী, চাহৰ পাৰ্টি এটা দিছোঁ, এতিয়াই আঁহা মোৰ কোৱাৰ্টাৰলৈ৷
:অ’কে – অৰুন্ধতীয়ে প্ৰত্যোত্তৰত কৈ ঘড়ীলৈ চালে—আবেলি চাৰি বাজিছে৷
তাই চাহৰ পাৰ্টিলৈ যাবলৈ ৰেডি হ’ল৷
অৰুন্ধতীৰ ফোনটো আকৌ বাজি উঠিল৷অনুৰাগৰ ফোন৷
:কি কৰিছা?মই এইমাত্ৰ ঘৰ সোমাইছোঁ অৰু!
:জিমলী মেডামে চাহৰ পাৰ্টি দিছে,যাবলৈ ওলাইছোঁ ৰাগ৷তুমি জিৰণী লোৱা৷—অৰুন্ধতীয়ে ক’লে৷
:দেৰিকৈ যাবা অৰু, মোৰ লগত অলপ দেৰি কথা পাতা!-অনুৰাগে কৈ উঠিল!
:এতিয়াই মাতিছে ৰাগ!মই যাওঁৱেই..
:অৰু,মই কৈছো তুমি এতিয়া যাব নোৱাৰা.. ..অনুৰাগে আদেশৰ সুৰত কৈ উঠিল৷
:মোৰ কাৰণে সকলোৱে বাট চাই আছে ৰাগ..
:মই কৈছো –তুমি এতিয়া যাব নোৱাৰা – অনুৰাগে উষ্ণ কন্ঠত কৈ উঠিল৷
:কিয় নোৱাৰিম যাব?মই যামেই..
:অৰু, মই অফিচৰ পৰা অহাৰ পিছত মোক মায়ে আজিকালি ফোন নকৰা হ’ল আৰু তোমাৰ কাৰণেই নকৰা হ’ল!তুমি এতিয়া যাব নোৱাৰা,মোৰ লগত কথা পাতিবই লাগিব!
:মোৰ কাৰণে তোমাৰ মায়ে তোমালৈ ফোন নকৰা হ’ল!!উল্টা-পুল্টা কথা বলকি নাথাকিবা৷মই যাওঁ --- এইবুলি কৈ অৰুন্ধতীয়ে ফোনটো কাটি দিলে৷টিঙিচকৈ খংটো উঠি আহিল তাইৰ!!অনুৰাগৰ কথাই তাইক আহত কৰিলে৷ফোনটো পকাতে থেকেচা মাৰি পেলাই তাই জিমলী মেডামৰ কোৱাৰ্টাৰলৈ বুলি ওলাই গ’ল৷
চাহৰ পাৰ্টি শেষ
কৰি যেতিয়া তাই নিজৰ কোৱাৰ্টাৰ পালেহি থেকেচা
মাৰি পেলাই থৈ যোৱা ফোনটো পকাৰ পৰা তুলি আনিলে৷ভাগ্যে ফোনটোৰ একো নহ’ল৷অনুৰাগৰ ফোনৰ পৰা দহটা মান মিছড কল ভৰি আছিল ফোনত!তেতিয়ালৈ তাইৰ খংটো শাম কাটিছিল কিন্তু মনটো কিবা এক বুজাব নোৱাৰা দুখেৰে ভৰি পৰিছিল৷অৰুন্ধতীয়ে
লেপটপটো অন কৰি অনুৰাগলৈ চিঠি এখন লিখিবলৈ বহিল৷ তাই মাইক্ৰছফ্ট ৱৰ্ডত চিঠিখন লিখি গ’ল --
মৰমৰ ৰাগ (মোৰ
সোণটো),
আজি মোৰ বেয়া লাগিছে তোমাৰ ব্যৱহাৰত৷মোৰ কাৰণেই তোমাৰ মায়ে তুমি অফিচৰ পৰা অহাৰ পিছত ফোন কৰিবলৈ এৰিলে বুলি কোৱা কথাষাৰে মোক বহুত আঘাত দিলে৷তুমি যদি ক’লাহেঁতেন – “অফিচৰ পৰা অহাৰ পিছত অলপ সময় মই তোমাক বিচাৰোঁ” –তেতিয়া কিজানি মই বহুত সুখী হ’লোহেঁতেন!আনক জগৰীয়া কৰা, আদেশৰ সুৰত কথা কোৱা আদি কথাবোৰে কেতিয়াও কাৰো হৃদয় ভৰাব নোৱাৰে৷মই সুখী হ’লোহেঁতেন –তুমি যদি মোক বুজিবলৈ চেষ্টা কৰিলাহেঁতেন!

আজি আৰু কথা
নাপাতোঁ৷শান্ত হ’লে কথা পাতিবা৷
ইতি,
তোমাৰ অৰু
তোমাৰ অৰু
চিঠিখন লিখি
অৰুন্ধতীয়ে অনুৰাগলৈ মেইল কৰিলে আৰু মবাইল অফ কৰি শুই থাকিল৷
০০০০০০০০০০০০
পিছদিনা
অৰুন্ধতীয়ে মেইল খুলিয়েই অনুৰাগৰ চিঠিখন পালে৷তাই পঢ়ি গ’ল--
অৰু,মোৰ সোণজনী,
তোমাক বিয়া পতাৰ আগেয়ে মই অফিচৰ পৰা অহাৰ পিছত মায়ে সদায়ে মোলৈ ফোন কৰিছিল৷কিন্তু তোমাক বিয়া পতাৰ পিছত মায়ে মোলৈ ফোন কৰা বন্ধ কৰি দিলে হয়তো তোমালৈ দায়িত্ব এৰিলে বুলি ভাবিলে৷সেয়ে মই ভাবিবলৈ ল’লো যে মই অফিচৰ পৰা অহাৰ পিছত তুমি দূৰত থাকিলেও মোৰ লগত অলপ সময় হ’লেও কথা পতাটো তোমাৰ কৰ্তব্যৰ ভিতৰত পৰে৷সেয়ে মোৰ খং উঠিল – তুমি কথাবোৰ বুজি নোপোৱাৰ বাবে৷তুমি মোক সময় নিদি লৰালৰিকৈ চাহৰ পাৰ্টিলৈ যাব ওলোৱাত মোৰ বৰ বেয়া লাগিছিল৷যি নহওক –কথাবোৰ এৰা৷এৰাধৰাৰ মাজেৰেই আমাৰ সংসাৰখন আগবঢ়াই নিব লাগিব৷বেয়া পাই নাথাকিবা৷

ইতি
তোমাৰ ৰাগ
তোমাৰ ৰাগ
চিঠিখন পঢ়ি উঠি
তাই অনুৰাগলৈ ফোন লগালে ৷ফোনৰ ইটো পাৰে অনুৰাগ উচুপি উঠিল৷(আগলৈ)
কবি:-
ණ মৌচুমী বৰি ।
No comments:
Post a Comment