নাৰী দিৱস
অৰ্ধাংগিনী, অৰ্ধ আকাশ,,
শব্দবোৰ মোৰ প্ৰিয় নহয় ।
অৰ্ধ মানেইতো অৰ্ধ ৰিক্ত ।
মই সম্পূৰ্ণতা ভাল পাওঁ
দিগন্তৰ পাৰহীনতা ভালপাওঁ
অস্তিত্বহীনতা নহয়।
আকাশৰ উদাৰতাক ভালপাওঁ
শূন্যতাক নহয়।
জুৰিৰ চঞ্চলতা ভালপাওঁ
নদীত বিলীন জুৰি নহয়।
শব্দবোৰ মোৰ প্ৰিয় নহয় ।
অৰ্ধ মানেইতো অৰ্ধ ৰিক্ত ।
মই সম্পূৰ্ণতা ভাল পাওঁ
দিগন্তৰ পাৰহীনতা ভালপাওঁ
অস্তিত্বহীনতা নহয়।
আকাশৰ উদাৰতাক ভালপাওঁ
শূন্যতাক নহয়।
জুৰিৰ চঞ্চলতা ভালপাওঁ
নদীত বিলীন জুৰি নহয়।
উশাহৰ বাবে জানো নিৰ্ধাৰিত হয় সময়
নিৰ্ধাৰিত হয়নে সময় ভোকৰ
শ্ৰদ্ধাৰ কিছু ক্ষণ নিৰ্ধাৰিত কিয় তেনে
মাৰ্চৰ অষ্টম দিৱসত ?
নিৰ্ধাৰিত হয়নে সময় ভোকৰ
শ্ৰদ্ধাৰ কিছু ক্ষণ নিৰ্ধাৰিত কিয় তেনে
মাৰ্চৰ অষ্টম দিৱসত ?
তোমাক বংশধৰ হাতত
সঁপি দিয়া পৰত
উপহাৰ পোৱা হীৰাৰ আঙঠি পিন্ধি
উদযাপন নকৰো নাৰী দিৱস ।
মোৰ কন্যাকালৰ ঝংকাৰেৰে ও
উদযাপন নকৰোঁ পিতাই ।
তোৰ পুৰুষ দম্ভৰ আৱৰণত ঢাক খাই
কেতিয়াও নকৰোঁ ককাই ।
নকৰোঁ উদযাপন বন্ধু
তোৰ কামনাসিক্ত প্ৰশংসাত উদ্বাউল হৈ।
উপহাৰ পোৱা হীৰাৰ আঙঠি পিন্ধি
উদযাপন নকৰো নাৰী দিৱস ।
মোৰ কন্যাকালৰ ঝংকাৰেৰে ও
উদযাপন নকৰোঁ পিতাই ।
তোৰ পুৰুষ দম্ভৰ আৱৰণত ঢাক খাই
কেতিয়াও নকৰোঁ ককাই ।
নকৰোঁ উদযাপন বন্ধু
তোৰ কামনাসিক্ত প্ৰশংসাত উদ্বাউল হৈ।
প্ৰাত্যহিক খোকোজা
বোৰত
শাহুআইয়ে মাহীআইৰ আবেষ্টনীমুক্ত হোৱাৰ পৰত,
ননদজনী মোৰ ভনী হোৱাৰ পৰত,
মোৰ আনন্দত
মোৰ প্ৰিয় বান্ধৱীৰ অন্তৰংগতাত
আশ্বস্ত হোৱাৰ পৰত,
ৰান্ধনিশালৰ থালখনত মাতৃবোৰ
লিংগবৈষম্যৰ উৰ্ধত যোৱাৰ পৰত
সময় প্ৰহৰ নিৰ্বিশেষে
উদযাপন কৰিম
নাৰী দিৱস
শাহুআইয়ে মাহীআইৰ আবেষ্টনীমুক্ত হোৱাৰ পৰত,
ননদজনী মোৰ ভনী হোৱাৰ পৰত,
মোৰ আনন্দত
মোৰ প্ৰিয় বান্ধৱীৰ অন্তৰংগতাত
আশ্বস্ত হোৱাৰ পৰত,
ৰান্ধনিশালৰ থালখনত মাতৃবোৰ
লিংগবৈষম্যৰ উৰ্ধত যোৱাৰ পৰত
সময় প্ৰহৰ নিৰ্বিশেষে
উদযাপন কৰিম
নাৰী দিৱস
কবি:- ණ
মনমী ভটাচাৰ্য্য ।
No comments:
Post a Comment