"স্পৰ্শ"
.
প্ৰচণ্ড ৰ'দ।পাহাৰৰ টিলাটোত অৱস্থিত সেই নিৰ্দিষ্ট মন্দিৰটোৰ চিৰিবোৰ বগাই গৈ আছিল দুয়ো।গৰম সহ্য কৰিব নোৱাৰি তাৰ ছাঁটোৰ লগে লগে তাই গৈ আছিল।পাহাৰৰ টিলাটোৰ নিৰিবিলি ঠাই এডোখৰত দুয়ো বহিল।গৰমৰ মাজতো এই মৃদু শীতল বতাহজাকে বাৰে বাৰে দেহত স্পৰ্শ কৰি গৈছে।প্ৰকৃতিৰ নিৰ্জনতা,সৌজন্যতা আৰু আলিংগনে দুয়োকে নিস্তব্ধ কৰি ৰাখিছে।বহুপৰৰ নীৰৱতা ভংগ কৰি এইবাৰ তাই কৈ উঠিল,"তোমাৰ হাতখন চাওঁ।" তাইৰ কথা শুনি সি তাৰ সোঁহাতখন তাইৰ ফালে আগবঢ়াই দিলে।কিছুপৰ নিৰীক্ষণ কৰাৰ পাছত সি সুধিলে,"কি দেখিলা?"
তাই মাথো মিছিকিয়াই হাঁহি এটিহে মাৰিলে। "ব'লা,উঠো।" বহি থকাৰপৰা সি থিয় দিলে।তাই বহি থকা শিল ছটাৰপৰা উঠিবলৈ চেষ্টা কৰি তাক ক'লে,"হাতখনত ধৰাচোন।" তাৰ হাতখনত ভৰ দি তাই বহাৰপৰা উঠি থিয় দিলে।এৰুৱাই নিয়া তাইৰ হাতখনৰ ফালে সি এবাৰ চালে।তাইৰ দুচকুত প্ৰশ্নবোধক ছাৱনি।সি ক'লে,"তোমাৰ হাতখন কিছুপৰ চুই থাকোনে?" তাৰ সৰল প্ৰত্যুত্তৰত তাই তাৰ হাতখন লাহেকৈ স্পৰ্শ কৰি তাৰ খোজৰ স'তে খোজ মিলাই আগবাঢ়িলে।
.
কবি:-

ණ সুব্ৰতা গোস্বামী ।
No comments:
Post a Comment