Sunday, 5 March 2017

কল্পনাৰ শুকুলা ঘোৰাটো আৰু মই ණ - গৌতম হালৈ



কল্পনাৰ শুকুলা ঘোৰাটো আৰু মই

কল্পনাৰ শুকুলা ঘোৰা এটাত উঠি
মন গলেই মই ঘুৰি ফুৰিম
পৃথিৱীৰ সকলো প্ৰিয় ঠাই
সেই শুকুলা তজবজীয়া ঘোৰাটোৰ পিঠিত উঠি
মনৰ অস্থিৰতা দুৰ কৰিম
দেহৰ সমষ্ট ভাগৰ আঁতৰাম
সকলো বাধাৰ প্ৰাচীৰ ভাঙি
মোৰ শুকুলা ঘোৰা
দৌৰি থাকিব
দিহিঙৰ পৰা দিপাঙলৈ
অৰঙৰ পৰা দৰঙলৈ
নিজৰ বিবেকৰ মৰ্জিৰে
ঘুৰি ফুৰিম
দুৰন্ত বেগেৰে
কবি:-  - গৌতম হালৈ

No comments:

Post a Comment