Sunday, 5 March 2017

" কবিতা " ණ ৰূপম সাউদ



" কবিতা "

আকাশত মেঘে গৰজিছে
এজাক বৰষুণ আহিব
এনে এটি সহজ-সৰল বাক্য জনাৰ পিছতো
মই বিচাৰি ফুৰিছোঁ কবিতাৰ বাবে কেইটামান শব্দ
এনেতে বতাহত ডেউকা কোবাই
উৰি গ'ল এজাক বগা চৰাই
সিহঁতলৈ চাই বিভোৰ হৈ ৰ'লোঁ
বৰষুণজাক সৰি গ'ল মোৰ অজানিতে
নাচি থাকিল খিৰিকীৰ পৰ্দাখন
লগতে সিপাৰৰ ঘাহঁনিডৰাৰ আগবোৰো
নামঘৰত দবা বজাৰ পৰত
নাকলৈ উৰি অহা কামিনী কাঞ্চনৰ গোন্ধ এটা
যেতিয়া লাগিল
আকাশত দেখোঁ
মেঘ ফালি ন-কৈ ভুমুকি মৰা কাঁচিজোন
কবি:- ৰূপম সাউদ ।
(প্ৰকাশিত - সাতসৰী , মাৰ্চ ২০১৭)

No comments:

Post a Comment