Thursday, 9 March 2017

নাৰী ණ জুলি বৰুৱা



" নাৰী "
আইৰ আচঁল তলৰ বৰ্দ্ধিত জোন
সমষ্ট ভাৱনাৰে প্ৰেম যন্ত্ৰণাৰে
ময়েই গঢ়ো সংসাৰ
গঢ়ো ত্যাগৰ পাহাৰ ,
মোৰ বুকুতেই দ য়া মায়া
চিৰ চেনেহী কায়া
চিৰ স্বাশ্বত প্ৰকৃতিৰ দৰেই
মোতেই সৃষ্টিৰ আমোঘ মন্ত্ৰ,
মই চিন্তা কৰো জীৱন বোৰৰ
মই আশীৰ্বাদেৰে হৰো --
সমস্যাবোৰক
গোষ্ঠি সংঘৰ্ষত গৃহহাৰা নিৰ্য্যাতিতা
--
ময়েই
কালৰ গ্ৰাসত পুত্ৰশোকত বাউলি
দুৰ্ভগীয়া মাতৃ গান্ধাৰীও ময়েই
ময়েই দ্ৰৌপদী------
মোৰ বিবৰ্ন হৃদয়ৰ ক্ৰন্দনত
ডাৱৰৰ মাৰল বন্ধা আকাশ
ময়েই শক্তি -কৰুণাময়ী-মৃদুভাষী -অবলা
গৰ্জন মুখেৰে কওঁ
নিশব্দ হ দুঃ সময় বাহকবোৰ
তহতি ভয় কৰিবলৈ ল
যুগ -যুগান্তৰৰ দৰে
সংহাৰকাৰী শক্তিয়ে ধ্বংসীব তোক
বৰ্বৰতা নৃশংসতা লুলুপতাৰ দৃষ্টিৰে
কোনো কালেই নিচিনিবি মোক
নাৰী মই ধুমুহাৰ দৰে
সুৰুয ৰ দৰে
ময়েই সলাও সময় ।।

কবি:- জুলি বৰুৱা

No comments:

Post a Comment