Friday, 10 March 2017

"মিতভাষ"(৬১)ණ অংকুৰ শইকীয়া



"মিতভাষ"(৬১)
এই ৰাতি এপৰলৈকে
এই ৰাতি এপৰলৈকে কিহৰ শব্দ সেইয়া ---- ঢোলৰ চেৱত মাতাল ৷ দিনে-ৰাতি কৰি ফাগুন উৰে নেকি ---- জাপ ভঙা বুকুত বৰ্ণময় সপোনৰ খেলা ৷ গভীৰ প্ৰাণবন্যাৰে আন্দোলিত হওঁ বাৰুকৈ ---- সেউজীয়াৰ উপমাত প্ৰাপ্তিৰ শেষ ঠিকনা বিচাৰি ---- ক্ৰমশ: মৌন হৈ পৰো এখন্তেক ---- কাৰ মাতত কেতেকী ফুলৰ গোন্ধ এটি...... এজাক মৌ হৈ উৰে ৷
কবি:-
 অংকুৰ শইকীয়া ৷

No comments:

Post a Comment