"অশান্ত সময় "
চৌদিশে আজি
জ্বলি উঠিছে …
হত্যা আৰু হিংসাৰ দাবানল ৷
মৰণকাতৰ আৰ্তনাদ
কি যে বিভীষিকা!!
মানুহে পাতিছে মানুহৰ খেলা৷
জ্বলি উঠিছে …
হত্যা আৰু হিংসাৰ দাবানল ৷
মৰণকাতৰ আৰ্তনাদ
কি যে বিভীষিকা!!
মানুহে পাতিছে মানুহৰ খেলা৷
মানুহ হেনো
পৃথিৱীৰ
শ্ৰেষ্ঠ জীৱ …
অথচ মানুহেই পাতে মানুহৰ যজ্ঞ ৷
মানুহৰ তেজেৰেই পাতে
বিজয়ৰ উৎসৱ ৷
কাৰো সময় নাই
উভতি চাবৰ
ব্যস্ত পথ ব্যস্ত মহানগৰ ৷
শ্ৰেষ্ঠ জীৱ …
অথচ মানুহেই পাতে মানুহৰ যজ্ঞ ৷
মানুহৰ তেজেৰেই পাতে
বিজয়ৰ উৎসৱ ৷
কাৰো সময় নাই
উভতি চাবৰ
ব্যস্ত পথ ব্যস্ত মহানগৰ ৷
ক্ষোভত ফাটিছে
হৃদয় …
তাৰো কোনো মূল্য নাই ৷
এফালে চিঞৰ
প্ৰতিবাদৰ…
আনফালে আকৌ
বাজিব লাগিছে
মানৱৰেই জয়গান…
তাৰো কোনো মূল্য নাই ৷
এফালে চিঞৰ
প্ৰতিবাদৰ…
আনফালে আকৌ
বাজিব লাগিছে
মানৱৰেই জয়গান…
অশান্ত সময়
অশান্ত মন
চাৰিওফালে ধোৱা ৷
অস্পষ্ট ছবি ৷
মানুহবোৰ দানৱ হৈ পৰিছে
বিবেকশূন্য …
আবেগৰ মূল্য আজি নাই নাই ৷
কি এই সময়!
মানুহে নুবুজে মানৃুহৰ মূল ৷
অন্যায় অবিচাৰেৰে
ঘৰ ভৰপূৰ ৷
সজাব নোৱাৰি
যায় জাতিকূল ৷৷৷
অশান্ত মন
চাৰিওফালে ধোৱা ৷
অস্পষ্ট ছবি ৷
মানুহবোৰ দানৱ হৈ পৰিছে
বিবেকশূন্য …
আবেগৰ মূল্য আজি নাই নাই ৷
কি এই সময়!
মানুহে নুবুজে মানৃুহৰ মূল ৷
অন্যায় অবিচাৰেৰে
ঘৰ ভৰপূৰ ৷
সজাব নোৱাৰি
যায় জাতিকূল ৷৷৷
কবি:- ණ জোনমনি গগৈ ৷
No comments:
Post a Comment