Tuesday, 14 March 2017

বাট ණ সুব্ৰতা গোস্বামী



.
"
বাট"
.
বাট এটা শেষ হৈ নতুন বাট দেখোঁ।পুৰণিটো পাৰ হৈ কেঁকুৰিতে সেই যে নতুন বাট এটাৰ আৰম্ভণি।বাটবোৰ মিলি যায় কেতিয়াবা।কেতিয়াবা আকৌ বহু বাট পাৰ হৈও একেই গন্তব্যস্থান।বাটৰ আঁৰত সলনি হয় কত ঠিকনা।সেই যে পুৰণি বাটটো ! বুজা নুবুজাৰ বয়স তেতিয়া।কি ভাবি যে নিৰ্ণয় কৰিছিলো সেই বাটে যোৱাৰ।মাজে মাজে ভাবো,কিজানিবা সেই বাটটোয়ে সঠিক আছিল ! পকি নহোৱা কেঁচা বাটটো ! যি বাটত আছিল হেৰাই নযোৱাৰ প্ৰতিশ্ৰুতি।কেঁচা বাটত পিছল খাই পৰে মানুহ।সকলোকে নতুন কিবা এটা লাগে।ভালৰো ভালটো।কেঁচা বাটে আমুৱালে।কেঁচা বাটে ভুল পথ দেখুৱালে।আৰু তাৰপিছতকেঁচা বাটটো এৰি এদিন যে গুছি আহিছিলো।কিহে আকৰ্ষণ কৰিছিল তেতিয়া?পকি বাটে?নে নতুন ঠিকনাৰ নিৰাপত্তাই?নে তাৰ সঠিক নিৰ্মাণে?ভৱিষ্যৎৰ সোণোৱালী যাত্ৰাৰ সপোনে বাৰুকৈয়ে টানিছিল।সেই বাটত উঠি আগবাঢ়িলো নে পিছ পৰি ৰ'লো তলকিবই নোৱাৰিলো।বাটত বাট হেৰাল।ঠিকনা বিচাৰি মানুহো ভাগৰি পৰিল।সময়ৰ লগে লগে যাত্ৰাপথো সলনি 'ল।হেৰাই থাকিল প্ৰকৃত ঠিকনা।কিন্তু,নিজক জানো হেৰুৱাব পাৰে মানুহে?সময়ে জানো সঁচাকৈয়ে সলনি কৰে বাটবোৰ?ঠিকনাবোৰো তেন্তে থমকি ৰয় ! কিন্তু জীৱনটো যে ৰৈ নাথাকে।দৰাচলতে,মানুহে কেতিয়াও নিজক নেহেৰুৱায়।সময়েও একো সলনি নকৰে।খোজবোৰ পোন হ'লে,বাট যিয়েই নহওঁক,গন্তব্য স্থানত উপনীত হয়েই।অনাকাংক্ষিত সেই বাটটো আমাৰ বাবে নহ'বও পাৰে।সেই বাটৰ প্ৰকৃত পথিক আমি নহ'বও পাৰোঁ।কিন্তু সেই বাটত কোনোবাই যে খোজ থ'বই লাগিব।খোজ দি এটাৰ পৰা নতুন এটা নিৰ্মাণ কৰিবই লাগিব।খোজত খোজ মিলাই বাটবোৰ বিচৰাৰ সময় এয়া।নতুনৰ সন্ধানত,জীৱনৰ সন্ধানত প্ৰশান্তিৰ দিশে বাট বুলিবই লাগিব।কিজানিবা সেই বাটত আমাৰ দৰেই ৰৈ আছে আন বহুজন
.
কবি:-
সুব্ৰতা গোস্বামী

No comments:

Post a Comment