Monday, 13 March 2017

ফুল ফুলাৰ বতৰ ණ মনোহৰ দত্ত



ফুল ফুলাৰ বতৰ

ফাগুনৰ এটি পুৱাৰ
ৰিব ৰিব বতাহত
উৰি আহিল এখন চিঠি।
'আজি দূপৰীয়া বৰষুণ দিব
বতাহে উৰুৱাই নিব কুমলীয়া পাত
বেলিটো থাকিব শুই ওৰেটো দিন।
ডাৱৰীয়া আকাশত মুখ গুজি
জোনটোৱে বন্ধ কৰি থ'ব দুৱাৰ।
ৰাজপথ সেৰেঙা হ'
হাটৰ বেপাৰীৰ হাঁহি মোলান পৰিব।
মাঘমহীয়া নিহালীখন টানি
নিঃপালীত মগ্ন হ'ব সময়।
মৌনতাত বাঢ়িব টুটিব
নামহীন এখন যুদ্ধ ছয়াময়া।
প্ৰহৰে প্ৰহৰে কোনোবাই ক'ব-
হাজাৰ হ'লেও এয়া যে ফাগুন
ফুল ফুলাৰ বতৰ।'

কবি:-
মনোহৰ দত্ত ।

No comments:

Post a Comment