Saturday, 11 March 2017

কোন ক'ত আছে মই নাজানোঁ ණ নৱকাশ



কোন ক'ত আছে মই নাজানোঁ
 

কোন ক'ত আছে মই নাজানোঁ
কোন ক'ত নাই সেইয়াও মই নাজানোঁ
কেৱল মানুহবোৰৰ দুখত মই দুখী হও
সুখত সুখী হব মই নাজানোঁ
তেতিয়া তাত এপাচি কৰদৈ শিৰিয়া জোনাক উপচি পৰিছিল
মই এটা হাঁহি উঠা সাধুকথা হৈ আছিলো
কি যে এক আড়ম্বৰ আন্ধাৰৰ
আৰম্ভণিতে সকলো ঠিকেই আছিল
পিছতহে জানো কি হ'
মানুহবোৰৰ মুৰবোৰ ক্ৰমান্বয়ে হাউলি পৰিছিল
কথাটো যদিও প্ৰথমতে মন কৰা নাছিলোঁ
কিন্তু লাহে লাহে আঁৰ কাপোৰ আঁঁতৰিল
নি:সংগতাৰ কিযে দু:সহ চাৱনি
মই চতফটাই আছো আৰু জোনাকবোৰ
অহা বাটেই যেন উভটি যাব
চৰাইবোৰ হুৰাই দিবলৈ তুমি কোৱা নাছিলা বুলি মই জানিছিলো
তথাপিও কি যেন এক নিকৰুণ যাত্ৰা
সেই যাত্ৰাৰ মই মোৰেই সহযাত্ৰী
কোন ক'ত আছে মই নাজানোঁ
কোন ক'ত নাই সেইয়াও মই নাজানোঁ
কবি:-
ৱকাশ

No comments:

Post a Comment